ছিপাঝাৰত বিনন্দৰ পাখি কাটি অগপৰ পৰা পৰমানন্দক আনি টিকট দিলে বিজেপিয়ে
সুযোগ বুজি লুটি বাগৰ মাৰিলে অসম সাহিত্যসভাৰ প্ৰাক্তন সভাপতি তথা অগপ নেতা পৰমানন্দ ৰাজবংশীয়ে।
অগপ এৰি বিজেপিলৈ জাঁপ দিলে পৰমানন্দ ৰাজবংশীয়ে।
বিজেপিত আজি যোগদান কৰিয়েই ছিপাঝাৰ সমষ্টিত টিকট লাভ কৰিলে পৰমানন্দই।
ছিপাঝাৰ সমষ্টিত বিজেপিৰ বৰ্তমানৰ বিধায়ক বিনন্দ শইকীয়াক বঞ্চিত কৰি পৰমানন্দ ৰাজবংশীক টিকট দিলে বিজেপিয়ে।
ৰাজনীতিৰ ৰাজভোগ খোৱাৰ আশা পাঙি থকা পৰমানন্দই অগপৰ পৰা টিকট নাপাই বিজেপিলৈ ঢাপলি মেলে ।
ইপিনে কংগ্ৰেছৰ ৰূপেশ গুৱালাই আজি যোগদান কৰে বিজেপিত।গেৰুৱা দলটোত যোগদান কৰিয়েই তেওঁ ডুমডুমা সমষ্টিৰ পৰা টিকট লাভ কৰে।
বিজেপিত যোগদান কৰি পৰমানন্দ ৰাজবংশীয়ে কয়— “ৰাইজৰ স্বাৰ্থৰ কথা ভাবি বিজেপিত যোগদান কৰিছো। দলে যি পৰামৰ্শ দিয়ে সেই অনুসৰি অনাগত দিনত কাম কৰি যাম।”
আনহাতে, চাহ জনগোষ্ঠীৰ লোকে বিজেপিক বিচাৰিছে সেয়েহে বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰে ৰূপেশ গোৱালাই।