• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ কোনো পৰিকল্পনা নাই বিজেপি চৰকাৰৰ : দেবব্ৰত শইকীয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2025 9:25 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ কোনো পৰিকল্পনা নাই বিজেপি চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাহিৰত যিমানেই নকওক কিয়, ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কোনো বাস্তৱিক প্ৰচেষ্টা গ্ৰহণ কৰা নাই। চৰকাৰে সদিচ্ছা থাকিলে অধিসূচনা জাৰি কৰিও ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰে। আজি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

এক সংবাদমেলত শইকীয়াই আজি কয় যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ৰাজ্যসভাত বিধেয়ক উত্থাপন হোৱাৰ পিছত বিষয়টোত জটিলতা আৰু মেৰপেচ নাছিল যদিও মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ নামত বিজেপি চৰকাৰে নিজেই এক জটিলতাৰ সৃষ্টি কৰিলে। তেওঁ কয় যে এইবাৰৰ অসম বিধানসভাৰ অন্তিম কাৰ্যসূচী হিচাপে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰা হ’ল৷ ইয়াৰ পূৰ্বৰ বাজেট অধিৱেশনত মই এখন প্ৰাইভেট মেম্বাৰছ বিল আনিছিলো৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ পূৰ্বৰ সিদ্ধান্ত অনুসৰি কৰিব লাগে৷ সেই সময়ত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুই কৈছিল এমাহৰ ভিতৰত মন্ত্ৰী গোটৰ প্ৰতিবেদন দিয়া হ’ব৷ এমাহৰ মূৰত নকৰিলে যদিও আঠমাহৰ মূৰত অধিৱেশনৰ অন্তিম দিনটোত প্ৰতিবেদন দাখিল কৰিলে৷ প্ৰতিবেদনক লৈ কোনো বক্তব্য, মন্তব্য দিবলৈ নিদিলে৷ বিতৰ্ক কৰিবলৈ সুযোগ নিদি অধিৱেশন স্থগিত কৰা হ’ল৷ এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে মই প্ৰস্তাৱ দাখিল কৰিলো৷ জনজাতিকৰণ নিৰ্বাচনৰ আগত নহয়৷ মুখ্যমন্ত্ৰীয়ে কৈছে যে বিভিন্ন সংগঠনে নিৰ্বাচনৰ আগত জনজাতিকৰণ বিচৰা নাই৷

Apply Now

শইকীয়াই আৰু কয় যে, আমি অন্যান্য দল-সংগঠনৰ কথা নাজানো৷ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ আৰ্কাইভবোৰ চালে দেখিব যে ২০১৯ চনৰ নিৰ্বাচনৰ আগতে মুখ্যমন্ত্ৰীয়ে জনজাতিকৰণ হৈ গ’ল বুলি অসমৰ ৰাইজৰ আগত ঘোষণা কৰিছিল৷ ২০১৯ চনৰ পৰা ২০২৬ চনলৈ ৭ বছৰ পাৰ হৈ গ’ল সেই দিশত বিশেষ আগবাঢ়ি নগ’ল৷ এয়া বিজেপিৰ জনজাতিকৰণৰ নামত মিথ্যাচাৰৰ স্বৰূপ আখ্যা দিব বিচাৰিছো৷ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিজেপিৰ বহু বছৰ ধৰি লুকুৱাই ৰখা আৰু বিকৃত কৰা ইতিহাস স্পষ্ট কৰিব খুজিছো বুলি উল্লেখ কৰি শইকীয়াই কয় যে এয়া কোনো নতুন ৰাজনৈতিক দাবী নহয়৷ এয়া দীৰ্ঘদিনীয়া এক ন্যায়ৰ প্ৰশ্ন৷ আগৰ কংগ্ৰেছ চৰকাৰে বাস্তৱিক আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰিছিল৷ বৰ্তমানৰ বিজেপি চৰকাৰে ইচ্ছাকৃতভাৱে আলোচনাৰ নামত বিলম্বিত কৰি ৰাখিছে৷ এছটি মৰ্যাদা এটা সামাজিক পৰীক্ষা আৰু সুযোগৰ সৈতে জড়িত৷ এই মৰ্যাদা নোপোৱাৰ ফলত ছয় জনগোষ্ঠীৰ বহু লোক শিক্ষা, চাকৰি, উন্নয়নৰ আঁচনিৰ পৰা বঞ্চিত হৈছে৷ বিলম্ব হোৱাৰ ফলত অবিশ্বাসৰ পৰিৱেশ গঢ় লৈ উঠিছে৷ ১৯৫০ চনত যেতিয়া সংবিধান গৃহীত হৈছিল তেতিয়া জনজাতিকৰণৰ ব্যৱস্থা দহ বছৰৰ বাবে হ’ব লাগে বুলি কোৱা হৈছিল৷ তেওঁলোকৰ আৰ্থ-সামাজিক বিষয়ত আলোচনা কৰা হৈছিল৷ সেই আলোচনাৰ ভিত্তিত তেওঁলোক জনজাতি হৈ থাকিব লাগে নে নাই, নে নতুন কাৰোবক জনজাতিকৰণ কৰিব লাগে নেকি সেই কথা সংবিধানত স্পষ্টকৈ উল্লেখ আছে৷

১৯৫০ চন আৰু তাৰ পিছত যিসকল জনজাতিকৰণ কৰা হ’ল তেওঁলোকক এতিয়ালৈ জানজাতিৰ মৰ্যাদাৰ পৰা আঁতৰাই দিয়া হোৱা নাই৷ এই ক্ষেত্ৰত কৰিবলগীয়া চাৰ্ভে এতিয়ালৈকে কৰা হোৱা নাই৷ যিসকল লোক জনজাতি হৈ আছে তাক লৈ কোনো ক্ষোভ নাই৷ কিন্তু জনজাতিসকলে অন্য আকাংক্ষা কৰা জনগোষ্ঠীক বিৰোধিতা কৰে এয়া সংবিধানিক ব্যৱস্থাৰ প্ৰতিও অৱমাননা৷ বিষয়টো বহু গুৰুত্বপূৰ্ণ৷ কিন্তু বিজেপি দলে এইক্ষেত্ৰত হোহোকা পিছলা কৰি আছে৷ বিজেপি চৰকাৰে এই দাবীক কেৱল নিৰ্বাচনী শ্ল’গান হিচাপে ব্যৱহাৰ কৰিছে৷ এয়া জনগোষ্ঠীকেইটাৰ প্ৰতি চূড়ান্ত অপমান৷

সংবিধানৰ অনুচ্ছেদ ৩৪২ৰ মতে জনজাতিকৰণৰ সিদ্ধান্ত কেৱল ভাৰতৰ সংসদে ল’ব পাৰে৷ ৰাজ্য চৰকাৰে এককভাৱে নোৱাৰে৷ আগতে চৰকাৰে এই প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছে৷ ২০০৫ আৰু ২০০৬ চনতে জনগোষ্ঠীকেইটাক জনজাতিকৰণ কৰিব লাগে বুলি কংগ্ৰেছে কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল৷ প্ৰতিবেদন, সমীক্ষা আদি বহু বছৰ আগতে প্ৰেৰণ কৰা হৈছে৷ তথ্যবোৰ বিকৃত কৰি বিজেপি চৰকাৰে জনগোষ্ঠীকেইটাৰ প্ৰতিয়েই অপমান কৰিছে৷ শইকীয়াই কয় যে এইক্ষেত্ৰত ১৯৯৬ চনতে কংগ্ৰেছে প্ৰথম পদক্ষেপ লৈছিল৷ সেই সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই কোঁচ-ৰাজবংশীক অনুসূচিত জনজাতি কৰিছিল৷

কেন্দ্ৰৰ পৰা এক অধ্যাদেশ জাৰি কৰিবলৈ সক্ষম হৈছিল৷ সেই সময়ত ভাৰতৰ পঞ্জীয়কে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি প্ৰথমবাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল৷ ১৯৯৮ চনত প্ৰাক্তন সাংসদ তথা জাতীয় কংগ্ৰেছৰ সভাপতিয়ে সংসদত কোঁচ-ৰাজবংশীক জনজাতিকৰণ কৰিব লাগে বুলি আৰু অন্যান্যসকলক অনুসূচিত জনজাতি বিচাপে অন্তৰ্ভুক্ত কৰিব লাগে বিল উত্থাপন কৰিছিল৷ ১৯৯৮ চনত কংগ্ৰেছৰ মঙলদৈৰ সাংসদ মাধৱ ৰাংজবংশীয়ে সংসদত বিল উত্থাপন কৰিছিল৷ ১৯৯৯ চনত কংগ্ৰেছৰ যোৰহাটৰ সাংসদ বিজয়কৃষ্ণ সন্দিকৈয়ে লোকসভাত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি বিল উত্থাপন কৰিছিল৷ কিয়নো ১৯৯৬ চনত এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ হৈছিল৷ সেই সময়ত কোঁচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰি ৰাখিব নে নাই তাক লৈ বিভিন্ন সাংসদক লৈ এখন সমিতি গঠন কৰা হৈছিল৷ সেই সমিতি অসমলৈ আহি বিভিন্ন দিশ অধ্যয়ন কৰিছিল৷ তেতিয়া সমিতিয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি কৈছিল৷ কিন্তু অসমত ২০১৬ চনৰ পৰা বিজেপি চৰকাৰে সমিতি গঠন কৰিলে কিন্তু আগৰ কথাবোৰ উল্লেখ নকৰিলে৷ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ দৰে কোন কোন জনগোষ্ঠীয়ে নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ বিচৰা নাই বুলি চৰকাৰক জনাইছে সেয়া উল্লিখিত জনগোষ্ঠীকেইটাৰ সংগঠনসমূহে ৰাজহুৱা কৰা উচিত বুলিও কয় শইকীয়াই।

তেওঁ আৰু কয় যে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ শাসকীয় বিজেপি দলে বিগত ১০ বছৰ ধৰি নিকৃষ্ট খেল খেলি আহিছে। ২০১৬ চনত তেতিয়াৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে অসমত বিজেপি চৰকাৰ গঠন হ’লে ৬ মাহৰ ভিতৰত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব বুলি ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত সেয়া ঘোষণা হৈয়েই ৰ’ল। এতিয়া এই বিষয়বোৰৰ কোনো উত্তৰ নথকাত বিজেপিয়ে মানুহক বিভ্ৰান্ত কৰি কংগ্ৰেছ দললৈ দোষ ঠেলিবলৈ চেষ্টা চলাই আহিছে। ২০১৪ চনতো তেতিয়াৰ অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত সৰ্বদলীয় কমিটি এখনে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ কৰি প্ৰতিবেদন দাখিল কৰিছিল। সেই প্ৰতিবেদনত ৬ জনগোষ্ঠীক কিদৰে জনজাতিকৰণ দিব পৰা যায় সেই সম্পৰ্কে বিস্তৃত ব্যাখ্যা আছিল বুলিও কয় শইকীয়াই।

আনহাতে কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভতো সংবাদমেলত মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে আইনৰ দোহাই দি কাৰ্বি আংলঙৰ পিজিআৰ-ভিজিআৰত উচ্ছেদ চলাব পৰা নাই বুলি আমাক কথা শুনাইছে। যিখন চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আদালত অৱমাননা কৰি উচ্ছেদ চলোৱাৰ বিৰুদ্ধে গোচৰ চলি আছে সেইখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে কৰা এনে মন্তব্যক হাস্যকৰ আখ্যা দিয়ে শইকীয়াই। সংবাদমেলখনৰ আঁত ধৰে বেদব্ৰত বৰাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd