NORTHEAST NOW (Assamese)

সংবিধানক গেৰুৱা সাজ পিন্ধাই জনসাধাৰণৰ ওচৰৰ পৰা আঁতৰি গৈছে বিজেপি চৰকাৰ : পৰমানন্দ ৰাজবংশী

January 20, 2019 8:34 pm · ৰাজীৱ দত্ত
পৰমানন্দ ৰাজবংশী। ফাইল ফটো

‘ভাৰতীয় সংবিধানক গেৰুৱা সাজ পিন্ধাই জনসাধাৰণৰ ওচৰৰ পৰা আঁতৰি গৈছে বিজেপি চৰকাৰ৷ বিদেশী খেদিম বুলি শাসনৰ বাঘজৰী হাতত লোৱা জাতীয় নায়ক সৰ্বানন্দ সোণৱালে অসমৰ ৰাইজৰ আশাক ধুলিস্যাৎ কৰিলে।’ এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ।

আজি দিখৌমুখ জনজাতি হাইস্কুল খেলপথাৰৰ ভৃগুমুনি কাগয়ুং সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শিৱসাগৰ জিলা সাহিত্য সভাৰ সপ্তম মধ্যকালীন বিশেষ অধিবেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ৰাজবংশীয়ে মুখ্য মন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়, ‘এই সৰ্বনাশী বিলখন ৰাজ্যসভাত জোৰ জবৰদস্তি পাছ কৰিব খুজিলে কথা কিন্তু বেয়া হ’ব৷  ৰইজৰ লগত থাকি ৰাইজৰ স্বাৰ্থৰ বাবে দিল্লীৰ হঠকাৰী সিদ্ধান্তত হাত উজান নিদিব৷ আমাৰ আহ্বানক ঘৃণালৈ পৰ্যবসিত হ’বলৈ নিদিব৷ তেনে কৰিলে অনাহুত পৰিস্থিতিৰ মুখামুখী হ’বলৈ সাজু থাকক।’

তদুপৰি অসমত ষ্পষ্ট ভাষা নীতি,নিয়োগ নীতি চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক আদি বহু কেইটা দাবী কাৰ্যকৰীকৰণৰ বাবেও সভাপতি গৰাকীয়ে চৰকাৰক আহ্বান জনায়৷

উল্লেখযোগ্য যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা উক্ত সভাতে কবি প্ৰণৱ কুমাৰ বৰ্মণক গীতাঞ্জলী বৰুৱা মিলি সোঁৱৰণী সাহিত্য ন্যাস বঁটা প্ৰদান কৰা হয়।

Related News