• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৱা ৪০ বছৰৰ ভিতৰত সৰ্বাধিক নিবনুৱা সৃষ্টিৰ অভিলেখ মোদী চৰকাৰৰ : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 5, 2019 4:32 pm
533
VIEWS
Share on FacebookShare on Twitter

‘যোৱা ৪০ বছৰৰ ভিতৰত সৰ্বাধিক নিবনুৱা সৃষ্টিৰে মোদী চৰকাৰে অভিলেখ ৰচিলে।’ NSSO য়ে চলোৱা সমীক্ষাৰ তথ্য দাঙি আজি গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত কৃষক নেতা অখিল গগৈয়ে কয় যে মোদী চৰকাৰৰ দিনত যোৱা ৫ বছৰত দেশত সৰ্বাধিক ৬.১ শতাংশ লৈ নিবনুৱাৰ সংখ্যা বৃদ্ধি পালে।

গগৈয়ে কয়, ‘প্ৰত্যেক বছৰত ২ কোটি নিবনুৱা সংস্থাপনৰে ৫ বছৰত ১০ কোটি নিবনুৱাক সংস্থাপন দিয়াৰ লক্ষ্য আছিল বিজেপিৰ। কিন্তু যুৱক-যুৱতীলৈ নাহিল ভাল দিন, বৰঞ্চ বৃদ্ধি পালে নিবনুৱা সমস্যা।’

অখিল গগৈয়ে আৰু কয়, ‘মোদী চৰকাৰে NSSOক পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰাত বাধা আৰোপ কৰিছিল। তেতিয়াই ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগৰ মুৰব্বী পি চি মহাননে বিভাগটোৰ পৰা পদত্যাগ কৰে। তেওঁৰ পদত্যাগৰ পাছত যোৱা ৩০ জানুৱাৰিত বিজিনেছ ষ্টেণ্ডাৰ্ড নামৰ অৰ্থনৈতিক সংবাদপত্ৰত সেই সমীক্ষা প্ৰকাশ পায়। ১ ফেব্ৰুৱাৰিত নিটি আয়োগে চৰকাৰৰ নিৰ্দেশত সংবাদমেল পাতি উক্ত সমীক্ষা সন্দৰ্ভত নেতিবাচক কথা প্ৰচাৰ কৰে। তাৰ কেইদিনমানৰ পিছতে মহাননে একেখন সংবাদপত্ৰত এটি লেখা লিখি সমীক্ষাটোৰ ফলাফলৰ সত্যতা প্ৰকাশ কৰে।’

আনহাতে বৰ্তমানৰ বিজেপি চৰকাৰে ১ কোটি ২৭ লাখ লোকৰ চাকৰি খাই পেলোৱা বুলি মন্তব্য কৰি গগৈয়ে কয়, ‘মোডীৰ শাসনকালত প্ৰতিটো বিভাগত চাকৰিৰ সংখ্যা হ্ৰাস পাইছে। ২০১৪ চনৰ পৰা ‘১৭ চনলৈ ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ৭৫,০০০টা পদ নাইকিয়া হ’ল। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানত ১ লাখ ৬৭ হাজাৰটা পদ হ্ৰাস পালে। ৰাজহুৱা খণ্ডৰ বেংকত নাইকিয়া হ’ল ৩৫,০০০টা পদ।’

‘মোদীৰ প্ৰতিশ্ৰুতি এতিয়া ভেল্কী বাজিত পৰিণত হৈছে। সেয়ে এতিয়া মোদীয়ে পৰিবৰ্তন আৰু নিবনুৱাক সংস্থাপন দিয়াৰ কথা নকয়। মোদী চৰকাৰৰ বাবে সাম্প্ৰদায়িকতাই মূল ইচ্ছ্যু।’ অখিল গগৈৰ মন্তব্য।

আনহাতে বিজেপিৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ নহয়, বৰঞ্চ চাৰিওফালে টকা বিলাই দিয়াটোহে তেওঁলোকৰ মূল উদ্দেশ্য বুলি অখিলে অভিযোগ আনে।

বিজেপি কিমান ভুৱা, মিথ্যাচাৰী আৰু ভণ্ড এই কথা মোদী, স্মৃতি ইৰাণী, অমিত শ্বাহ আৰু শেহতীয়াকৈ কুইন ওজাৰ ভুৱা চাৰ্টিফিকেতেই প্ৰমাণ কৰিলে বুলি অখিল গগৈয়ে কয়।

আনহাতে সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগে বুলি মন্তব্য কৰি কয় যে সমুজ্জ্বল ভট্টাচাৰ্য্যই গাঁৱে গাঁৱে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব বুলি কৈছিল। কিন্তু ইয়াৰ বিপৰীতে ‘এতিয়া তেওঁলোক নিমাত কিয়’ বুলি অখিলে প্ৰশ্ন কৰে।

 

Tags: নিৰ্বাচন ২০১৯

Recent News

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd