• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোন হ’ব ১৬ নম্বৰ হাফলং সমষ্টিৰ বিজেপি প্ৰাৰ্থী? নতুন মুখৰ সন্ধানত গেৰুৱা দল বিজেপি

টিকট প্ৰত্যাশীৰ তালিকাত অধ্যক্ষা ৰাণু, ইএম নন্দিতা গাৰ্লচা,নিপ'লাল হোজাই আৰু কুলেন্দ্ৰ দাউলাগুপু

পংকজ কুমাৰ দেৱ by পংকজ কুমাৰ দেৱ
August 1, 2020 7:06 pm
kkkk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰণা মহামাৰীৰ মাজতে একৈশত অনুষ্ঠিত হবলগীয়া ৰাজ্য বিধানসভা নিৰ্বাচনলৈ ইতিমধ্যে ৰাজনৈতিক দল সংগঠনৰ মাজত কুচ-কাৱাজ পৰিলক্ষিত হৈছে। আঞ্চলিক দল গঠনৰ বাবেও চলিছে যো-জা।

অৱশ্যে শাসক দল বিজেপিয়ে দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ শাসনভাৰ নিজ হাতত ৰখাৰ বাবে সমষ্টিয়ে সমষ্টিয়ে আধাৰশিলা স্থাপনৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে। বিশেষকৈ ক’ৰণাৰ কাৰণে তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি বিজেপি দলে সভা সমিতিৰ কাম আৰম্ভ কৰিছে।

ষষ্ঠ অনুসূচীৰ পাহাৰীয়া ডিমা হাছাও জিলাৰ একমাত্ৰ  জনজাতিৰ বাবে সংৰক্ষিত ১৬ নম্বৰ হাফলং আসন নিজ দখলত ৰখাৰ বাবে বিজেপি দল সাজু হোৱা পৰিলক্ষিত হৈছে। কিন্তু প্ৰাৰ্থী কোন হ’ব ? বৰ্তমান বিধায়ক অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া বীৰভদ্ৰ হাগজেৰক শাৰীৰিক অসুস্থতাৰ কাৰণে দলে টিকট দিয়াটো এতিয়া লৈকে চুড়ান্ত হোৱা নাই ।

কিন্তু নতুন মুখৰ সন্ধানত নামিছে গেৰুৱা দল। অলপতে বিজেপিৰ দখলত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সংসদীয় সমিতিৰ বৈঠকত পৰিষদীয় নেতৃত্বৰ পৰা তিনি নেতাৰ নাম অন্তৰ্ভুক্ত কৰি এখন তালিকা প্ৰস্তুত কৰা হৈছে বুলি জানিব পাৰা গৈছে।

য’ত পাৰ্বত্য পৰিষদৰ অধ্যক্ষা ৰাণু লাংথাছা, শিক্ষা বিভাগৰ ইএম নন্দিতা গাৰ্লচা আৰু উদ্যোগ বিভাগৰ ইএম নিপ’লাল হোজাইৰ সন্নিৱিষ্ট হৈছে। ইয়াৰ উপৰিও বিজেপি দলৰ আন এগৰাকী জেষ্ঠ্য নেতা কুলেন্দ্ৰ দাউলাগুপুৰ নামও উত্থাপিত হৈছে। দাউলাগুপু ইয়াৰ আগতে বিজেপি দলৰ পৰা দুবাৰকৈ বিধানসভা আৰু এবাৰ লোকসভাৰ প্ৰাৰ্থিত্ব লাভ কৰিছিল যদিও কিন্তু জিকিব পৰা নাই।

ইপিনে ডিমা হাছাও জিলাত বিৰোধী দল কংগ্রেছ বা অগপ দলৰ তেনে ভিত্তি নাই। আনহাতে পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত বিজেপি দল   একক সংখ্যাগৰিষ্ঠ দল হোৱাৰ বাবে শাসক দলৰ টিকট ফ্যাক্টৰ হ’ব। কাৰণ ৩০ আসনৰ পাৰ্বত্য পৰিষদত বিজেপিৰ ২৮।

মাথোঁ ২ খন আসন কংগ্রেছৰ দখলত। যাৰ বাবে বিধানসভা নিৰ্বাচনত  হাফলংৰ পৰা বিজেপি দলৰ জয় নিশ্চিত  বুলি ক’ব পাৰি।

শেহতীয়াকৈ পোৱা তথ্য অনুসৰি হাফলং আসনত ওপৰৰ তালিকাৰ পৰা নন্দিতা গাৰ্লচা দলীয় টিকটৰ ক্ষেত্ৰত আগুৱাই আছে ।

প্ৰকৃতাৰ্থত ১৬ নম্বৰ হাফলং আসন কংগ্রেছৰ দুৰ্গ হিচাপে  পৰিচিত আছিল। প্ৰয়াত কংগ্রেছ নেতা গোবিন্দ চন্দ্ৰ লাংঠাচা ১৯৮৩ চনৰ পৰা ৰাজ্যৰ ৰাজনীতিত আছিল। উপ মুখ্য মন্ত্ৰীৰ উপৰি গড়কাপ্তানী, স্বাস্থ্য,বন আৰু  পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী হৈ আছিল। ১৯৯৬ চনত অকল হাফলং আসনত জি চি লাংঠাচাক আঞ্চলিক দলৰ নেতা এএছডিছিৰ সমৰজিত হাফলংবাৰে পৰাজিত কৰিছিল।

ইয়াৰ পাছত ২০০১ চনত হাফলং দখলত সক্ষম হৈছিল। মন্ত্ৰিত্বও লাভ কৰিছিল। তেতিয়াৰ পৰা ২০১৬ লৈকে লাংঠাচা বিধায়ক হৈ আছিল। কিন্তু সেই বছৰ তেওঁৰ কনিষ্ঠ পুত্ৰ নিৰ্মল লাংঠাচাই টিকট পালেও জিকিব পৰা নাই।

অহা দিনতও কংগ্রেছ দলে হাফলং উদ্ধাৰ কৰাৰ কাৰণে অবশ্যে পৰিশ্ৰম কৰিব লাগিব লগতে জিলা জুৰি নতুনকৈ জনসম্পৰ্ক গঢ়ি তুলিব লাগিব।

জিলাৰ ৰাজনৈতিক তথ্য বিজ্ঞ মহলৰ ভাষ্য অনুসৰি ডিমা হাছাও জিলা বিজেপি বা পাৰ্বত্য ৰাজনীতি লৈ অচলাৱস্থা চলি আছে যদিও কিন্তু বিধানসভাত ইয়াৰ প্ৰভাৱ নপৰে। যাৰ বাবে এতিয়ালৈকে  বিজেপিৰ বিকল্প ইয়াত পৰিলক্ষিত হোৱা নাই।।

পংকজ কুমাৰ দেৱ

পংকজ কুমাৰ দেৱ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd