• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অগপৰ দুৰ্গত বিজেপিৰ মোক্ষম আঘাত : ক্ষমতাৰ খকত গাদী খামুচি নেতৃত্ব

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
December 13, 2018 3:46 pm
AGP_b_10032016
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে আৰু গৰিষ্ঠ সংখ্যক পঞ্চায়তৰে ফলাফল প্ৰকাশ পাইছে। গধূলিৰ ভিতৰত প্ৰায় আটাইবোৰ ফলাফল ওলোৱাৰ সম্ভাৱনা আছে।এতিয়ালৈকে শাসকীয় বিজেপি দলেই বেছি আসন লাভ কৰাৰ বিপৰীতে প্ৰধান বিৰোধী দল কংগ্ৰেছেও বহু সমষ্টিত ভাল ফলাফল প্ৰদৰ্শন কৰিছে।কিন্তু চৰকাৰৰ মিত্ৰজোঁটত থকা আঞ্চলিক দল অসম গণ পৰিষদে যে ইয়াৰ স্থিতি হেৰুৱাইছে সেয়া নিৰ্বাচনী ফলাফলে প্ৰায় স্পষ্ট কৰি তুলিছে। অইন নালাগে, অগপৰ সভাপতিগৰাকীৰ সমষ্টিতে দলটো প্ৰায় নিচিহ্ন হৈ পৰিছে।

অগপৰ এই শোচনীয় প্ৰদৰ্শনৰ বাবে দলটোৰ নেতৃত্বই যে দায়ী সেই কথা দোহৰাৰ প্ৰয়োজন নাই। বিগত এবছৰ ধৰি দলটোৱে অসমৰ জনসাধাৰণক বিপথে পৰিচালিত কৰি আহিছে। অগপৰ নেতৃত্বৰ স্থিতি কোনোদিনে স্পষ্ট নোহোৱাৰ ফলত জনসাধাৰণৰ আস্থা ক্ৰমে শেষ হৈ আহিছে আৰু আঞ্চলিকতাবাদৰ প্ৰতি মোহভংগ ঘটাৰ উপক্ৰম হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগতো দলটোৱে অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰি আহিছে। মুঠতে বিজেপিৰ ‘বি টীম’ হিচাপে অগপ নেতৃত্বই নিজৰ ভেটি বিক্ৰী কৰি নিঠৰুৱা হৈ পৰিছে।

Apply Now

কেৱল ক্ষমতাৰ খকতে দলটোৰ নেতৃত্বই দৃঢ় সিদ্ধান্ত লোৱাৰ বিপৰীতে আভুৱা ভৰা ৰাজনীতিত সময় কটাইছে। জনসাধাৰণে লাহে লাহে বুজি উঠিছে যে দলটোৰ বৰ্তমান নেতৃত্বই অসমত আঞ্চলিকতাবাদক বিদায় দিয়াৰ বাবেহে সাজু হৈছে। ৰাজনৈতিক পৰ্যবেক্ষকসকলে ক’ব খোজে যে পঞ্চায়ত নিৰ্বাচনত অগপৰ উত্থানৰ বাবে এটা সোণালী সুযোগ আছিল। কিন্তু ক্ষমতাৰ মোহ এৰিব নোৱাৰা নেতৃত্বই শেষ মুহূৰ্তলৈকে বিজেপিৰ আমদানিকৃত নেতাৰ গঞ্জনা সহ্য কৰি থাকিল।পৰিণতিত আঞ্চলিকতাবাদী চিন্তাধাৰাক সন্মান জনোৱা জনসাধাৰণে অগপ নেতৃত্বৰ ওপৰত নাৰাজ হোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে যেন এক সকীয়নিও প্ৰদান কৰিলে।

অসমত আঞ্চলিকতাবাদৰ উত্থানৰ আঁৰত যি স্বাভিমানী অসমীয়াৰ শক্তি নিহিত আছিল সেয়া ক্ৰমে নিস্তেজ হৈ পৰিছে। কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বলি হৈ বিগত সময়ত কঁকাল পোন কৰিব নোৱাৰা অগপই বিজেপিৰ মাজত যি মিত্ৰতাৰ সন্ধান কৰিছিল তাত চল-চাতুৰীয়েহে প্ৰাধান্য লাভ কৰিলে, বিশ্বাস বা আস্থাই নহয়। কিয়নো অসম বিজেপিতো এতিয়া ছদ্মবেশী কংগ্ৰেছীৰ মন্ত্ৰণাহে অধিক কাৰ্যকৰী। ৰাষ্ট্ৰীয়তাবাদৰ নামত বিজেপি-কংগ্ৰেছে আঞ্চলিকতাবাদ ধ্বংসক তেওঁলোকৰ প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰি আহিছে। লুণ্ঠনৰ নীতি আৰু জাতিসত্ত্বাৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰি এই দুয়োটা ৰাজনৈতিক দলে দেশত ব্যাপক গোষ্ঠী সংঘাতৰ পৃষ্ঠভূমি গঢ়ি তুলিছে।

অসমীয়া জাতীয়তাবাদক দুৰ্বল কৰি তোলাৰ ষড়যন্ত্ৰত দেশৰ দুই প্ৰধান ৰাজনৈতিক দলেই সমানে প্ৰচেষ্টা অব্যাহত ৰাখিছে। শেহতীয়াকৈ দেশৰ পাঁচখন ৰাজ্যত হৈ যোৱা বিধানসভাৰ নিৰ্বাচনৰ ফলাফলে এটা কথা প্ৰমান কৰিছে যে দুয়োটা প্ৰধান ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ মাজতো আঞ্চলিকতাবাদে প্ৰাসংগিকতা হেৰুওৱা নাই। তেলেংগানা আৰু মিজোৰামত আঞ্চলিক ৰাজনীতিৰ সাফল্যই দেশৰ আন আন আঞ্চলিকতাবাদী দলবোৰকো উৎসাহিত কৰি তুলিব। সেয়েহ,অগপই এই দিশত এক নিৰ্মোহ বিশ্লেষণ কৰাৰ সময় আহি পৰিছে। দলটোৱে কৃত্ৰিম অক্সিজেন গ্ৰহণ কৰি বৰ্তি থাকিব নে মুকলিমুৰীয়াকৈ নিজৰ স্বাস্থ্য টনকিয়াল কৰিব?

পঞ্চায়ত নিৰ্বাচনৰ সময়ছোৱাত বিজেপিৰ ৰণ কৌশলৰ আগত তিষ্ঠিব নোৱাৰি অগপ নেতৃত্বই যেনেদৰে আত্মসমৰ্পন কৰিলে সিয়ে দলটোৰ নিষ্ঠাৱান কৰ্মীসকলক ক্ষুব্ধ কৰি তুলিছে আৰু পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে একপ্ৰকাৰ নিৰ্বিকাৰ ভূমিকাহে গ্ৰহণ কৰিলে।পৰিণতিত অগপৰ নিৰ্বাচনী প্ৰচাৰো হৈ পৰিল তেনেই নিস্প্ৰাণ আৰু আকৰ্ষণহীন। অগপ নেতৃত্বৰ দুৰ্বলতাৰ সুযোগ লৈ অগপৰ দুৰ্গত মোক্ষম আঘাত হানিবলৈ সক্ষম হ’ল বিজেপি। একেদৰে স্থান বিশেষে অগপৰ বিকল্প হিচাপে  জনসাধাৰণে কংগ্ৰেছ বা নিৰ্দলীয় প্ৰাৰ্থীকহে বিবেচনা কৰিলে। ফলাফলে অগপৰ মনোবল যে দুৰ্বল কৰিব সেয়া স্পষ্ট।

এতিয়া অগপ নেতৃত্বইনো কি কৰা উচিত? ক্ষমতাৰ খকতে গাদী খামুচি বহি থকা উচিত নে জনসাধাৰণৰ মাজলৈ আহি ভুলৰ সংশোধন কৰা উচিত? কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে অগপৰ বৰ্তমান নেতৃত্বই দলটোৰ হৃত গৌৰৱ উদ্ধাৰ কৰিবলৈ সক্ষম হ’বনে? এই ক্ষেত্ৰত দলটোৰ নেতাসকলে সুবিধাবাদী অৱস্থান ত্যাগ কৰি জনসাধাৰণৰ ৰায় গ্ৰহণ কৰা উচিত। আমি ভাৱো, নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ হাততো দলৰ নেতৃত্বৰ কিছু নিয়ন্ত্ৰণ থকা উচিত।ৰাজ্যখনৰ উঠি অহা প্ৰজন্মক আকৰ্ষণ কৰিবলৈ নতুন প্ৰজন্মৰ নেতাসকলক সন্মুখৰ শাৰীত থিয় কৰাব লাগিব। যিহেতু দলৰ বহু প্ৰবীণ নেতাই বিশ্বাসঘাতকতা কৰি দলটোক বেকফুটলৈ ঠেলি দিছে, সেয়েহে নতুন প্ৰজন্মৰ নেতাৰ দ্বাৰা তেওঁলোকক প্ৰত্যাহ্বান জনাব লাগিব।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd