ত্ৰিপুৰাত খিলঞ্জীয়া জনজাতিৰ সমাৱেশত বাধাৰ প্ৰাচীৰ ‘বিজেপি-খিলঞ্জীয়া’ চৰকাৰ!

ত্ৰিপুৰাতো অসমৰ দৰে এন আৰ চিৰ দাবীৰে সেই সমাৱেশতে ৫০ হাজাৰ ত্ৰিপুৰী লোকে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা আছিল। এন আৰ চিৰ দাবীৰে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এসময়ৰ আই পি এফ টি তথা বৰ্তমান টি পি এফ আৰু নৰ্থ ইষ্ট ইন্দিজেনাছ পীপলছ ফ’ৰাম (NEIPF)-ৰ নেত্ৰী জামাতিয়া।

bjp-ipft govt in tripura denies permission for tpf meeting

খিলঞ্জীয়া সমাৱেশৰ বাবে ত্ৰিপুৰাত উপস্থিত হোৱা অনুপ চেতিয়া, ৰঞ্জিত কোঁচৰ সৈতে ত্ৰিপুৰী নেত্ৰী জামাতিয়া আৰু অনান্য। ছবি- ফে’চবুকৰ।

গুৱাহাটীত ২৭টা বাঙালী সংগঠনৰ ঐক্য মঞ্চই আহ্বান কৰা সমাৱেশক লৈ ৰাজ্যজুৰি চৰ্চা চলি থকাৰ পৰতে ত্ৰিপুৰাত খিলঞ্জীয়া জনজাতীয়ৰ এক সভাত ৰাজ্যখনৰ খিলঞ্জীয়া দল আই পি এফ টি-বিজেপিৰ চৰকাৰখনে বাধাৰ প্ৰাচীৰৰূপে থিয় দিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

‘‘ত্ৰিপুৰা মাৰ্জাৰ দিৱস’’ উদযাপনৰ বাবে খিলঞ্জীয়া জনজাতিৰ সংগঠন ত্ৰিপুৰা পীপলছ ফ্ৰন্ট (TPF)এ আয়োজন কৰা এখন সমাৱেশ “দুৰ্গা পূজা থকাৰ বাবে” অনুমতি নিদিয়াৰ বাবে তীব্ৰভাৱে সমালোচিত হৈছে ত্ৰিপুৰা চৰকাৰ।

১৫ অক্তোবৰত ভাৰতৰ সৈতে ত্ৰিপুৰাৰ সংলগ্ন হোৱা ঐতিহাসিক দিৱসটো উদযাপনত ৫০ হাজাৰ লোকে ভাগ লোৱাৰ কথা আছিল। সমাৱেশত ভাগ লোৱাৰ বাবে আলফা নেতা অনুপ চেতিয়াৰ নেতৃত্বত যোৱা খিলঞ্জীয়া মঞ্চ, অসমৰ দলটোও ইতিমধ্যে বিফল মনোৰথে ঘূৰি আহিছে ৰাজ্যলৈ।

চৰকাৰ আৰোপিত এই বাধাৰ বিৰুদ্ধে ত্ৰিপুৰাৰ সংগঠনটোৰ নেত্ৰী পাতাল কন্যা জামাতিয়াৰ উপৰি সোচ্চাৰ হৈছে অসমৰ খিলঞ্জীয়া মঞ্চও।

“যিটো দিনত ত্ৰিপুৰা ভাৰত ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত হৈছিল সেই দিনটোৰ স্মৃতিত আয়োজন কৰা কাৰ্য্যসূচীৰ অনুমতি বাতিল কৰি ত্ৰিপুৰা চৰকাৰে অকল খিলঞ্জীয়া লোককে অপমান কৰা নাই, বৰঞ্চ ভাৰত ৰাষ্ট্ৰকো অংগুস্থ প্ৰদৰ্শন কৰা নাইনে?” প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছতো দিৱস আয়োজনত বাধা দিয়াৰ “ৰহস্য” জানিব খুজি এই প্ৰশ্ন খিলঞ্জীয়া মঞ্চ, অসমৰ ৰঞ্জিত নাৰায়ণ কোঁচৰ।

ত্ৰিপুৰাতো অসমৰ দৰে এন আৰ চিৰ দাবীৰে সেই সমাৱেশতে ৫০ হাজাৰ ত্ৰিপুৰী লোকে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা আছিল। অসমত এন আৰ চি উন্নীতকৰণৰ কৃতিত্ব ভাৰতৰ আন ৰাজ্যত বিজেপিয়ে লৈ অহাৰ বিপৰীতে বাঙালী সংখ্যাগুৰুত পৰিণত হোৱা ত্ৰিপুৰাত এই কাম হোৱাতো দলটোৱে বিচৰা নাই বুলি দাবী কৰি আহিছে ত্ৰিপুৰাৰ জনজাতীয় নেত্ৰী জামাতিয়াই।

লগতে পঢ়ক– বাঙালী সংগঠন নালাগে বিজেপি চৰকাৰেও পাতিব নোৱাৰিব সমাৱেশ, বজ্ৰ ঘোষণা জিতেন দত্তৰ

অসমৰ দৰে ত্ৰিপুৰাটো এন আৰ চিৰ দাবী কৰি ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এসময়ৰ আই পি এফ টি তথা বৰ্তমান টি পি এফ আৰু নৰ্থ ইষ্ট ইন্দিজেনাছ পীপলছ ফ’ৰাম (NEIPF)-ৰ নেত্ৰী জামাতিয়া।

“ত্ৰিপুৰাত নাগৰিক পঞ্জী উন্নীতকৰণ হ’লে স্বয়ং ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীয়েই বাদ পৰিব,” ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবৰ নাগৰিকত্বক লৈ প্ৰশ্ন কৰি এই দাবী কৰি আহিছে নেত্ৰীগৰাকীয়ে।

ভাৰতৰ স্বাধীনতাৰ পিছত ১৯৪৯ চনৰ ১৫ অক্তোবৰত ত্ৰিপুৰাৰ ৰজা আৰু ভাৰত চৰকাৰৰ এক চুক্তি মৰ্মে একে দেশৰ চামিল হৈছিল ৰাজ্যখন।

ত্ৰিপুৰীসকলে প্ৰতি বছৰে পালন কৰি অহা এই ঐতিহাসিক দিনটো উদযাপনত ত্ৰিপুৰা চৰকাৰৰ এই বাধা ৰাজনৈতিকভাৱে স্বাভাৱিকতেই তাৎপৰ্য্যপূৰ্ণৰূপে পৰিগণিত হৈছে।