• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি মুছলমান বিৰোধী, পঞ্চায়ত নিৰ্বাচনত বিজেপি বেয়াকৈ পৰাজিত হ’ব : ৱাজেদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 2, 2018 9:33 am
bjp cONGRESS

বিজেপিৰ মুক্তাৰ হুছেইন খান আৰু কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰী।

5
VIEWS
Share on FacebookShare on Twitter

‘’স্পষ্ট কথা বিজেপি মুছলমান বিৰোধী। গতিকে মুছলমানে বিজেপিক কি কাৰণত সমৰ্থন কৰিব?’’এই মন্তব্য দক্ষিণ শালমৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলি চৌধুৰীৰ।

উল্লেখযোগ্য যে, পঞ্চায়ত নিৰ্বাচন সমাগত অৰ্থ্যাৎ অহা ১৫ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। উক্ত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া শাসকীয় দল আৰু বিৰোধী দলৰ বাক-বিতণ্ডা তুংগত উঠিছে।

আনহাতে, বৃহস্পতিবাৰে ‘সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিৰ দখল নাছিল যদিও এই পঞ্চায়ত নিৰ্বাচনত আমি কংগ্ৰেছ আৰু এআইয়ুডিএফৰ প্ৰাৰ্থীসমূহক বৃহৎ ভোটৰ ব্যৱধানত পৰাভুত কৰিম’ বুলি সংবাদমাধ্যমৰ আগত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মোক্তাৰ হুছেইন খানে মন্তব্য কৰাৰ পাছতেই তেওঁক উভটি ধৰিছে কংগ্ৰেছ আৰু এআইয়ুডিএফে।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত দক্ষিণ শালমৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলি চৌধুৰীয়ে কয়,  ‘‘নিজৰ ঠাইৰ অভাৱ হোৱা বাবে এতিয়া সংখ্যালঘু অধ্যুষিত এলেকাত সোমাব খুজিছে বিজেপি।‘’

তেওঁ লগতে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীক প্ৰত্যাহ্বান জনাই কয়, ‘’সংখ্যালঘু অধ্যুষিত এলেকাত বিজেপিৰ পঞ্চায়তৰ এজন সদস্যয়ো জিকিব নোৱাৰে, মই ডাঠি কৈছো, আনকি ৱাৰ্ড মেম্বাৰো জিকিব নোৱাৰে।‘’

আনহাতে, উন্নয়ন’ৰ শ্ল’গানেৰে এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজা বিজেপি দলৰ উন্নয়ন দেখা পোৱা নাই কংগ্ৰেছী বিধায়কগৰাকীয়ে।

এই সন্দৰ্ভত তেওঁ কয়, ‘‘বিজেপিয়ে কি উন্নয়ন কৰিলে অসমত? চকুত পৰাকৈ একো উন্নয়ন কৰা নাই, গড়কপ্তানি বিভাগৰ ৰাস্তাকেইটা মেৰামতি কৰাৰ বাহিৰে বেলেগ আৰু কি উন্নয়ন কৰিছে বিজেপিয়ে।‘’

তেওঁৰ মতে ‘’আবেগৰ ৰাজনীতি কৰি বিজেপি শাসনলৈ আহিল। এতিয়া আকৌ  ৰাম মন্দিৰৰ গান গাই আছে বিজেপিয়ে।‘’

তদুপৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত কেৱল পৰাজিত হোৱাই নহয়, ‘বিজেপি বৰ বেয়াকৈ হাৰিব‘ বুলিও তেওঁ দাবী কৰে।

ইপিনে এআইয়ুডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামেও সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় ‘’মোক্তাৰ হুছেইন খান এসময়ত কংগ্ৰেছ দলত আছিল, কিন্তু কংগ্ৰেছ দলক গাদ্দাৰী কৰি তেওঁ এআইয়ুডিএফত আহিল। এআইয়ুডিএফক গাদ্দাৰী কৰি তেওঁ বিজেপিলৈ গ’ল।‘‘

আমিনুলৰ মতে ‘’বিজেপিত গৈ নিজকে জহাবৰ বাবে তেওঁ এনেধৰণে কৈছে। বিজেপি নেতাৰ মন ভাল লগাবৰ বাবে তেওঁ এনেবোৰ মন্তব্য কৰি আছে।‘’

তদুপৰি, আগন্তুক পঞ্চায়ত নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত এলেকাত কংগ্ৰেছ আৰু এআইয়ুডিএফ পৰাজিত হ’ব বুলি সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীয়ে কৰা মন্তব্যৰ প্ৰভাৱ ব্যৱহাৰিক ক্ষেত্ৰত নপৰে বুলি তেওঁ দাবী কৰে।

তেওঁ লগতে কয়, ‘‘সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিয়ে ভোট পাব, তেনেকুৱাকৈ ধোঁৱা-তুলসীৰ পাত হোৱা নাই বিজেপি। হিন্দুত্বৰ ইচ্ছুৱেই বিজেপিয়ে এৰিব পৰা নাই তথা উন্নয়নৰ ইচ্ছ্যুত তেওঁলোকে মনোনিবেশ কৰিব পৰা নাই।‘’

আনহাতে, গৌ-মুত্ৰ, বাবৰি মছজিদ-ৰাম মন্দিৰ, হিন্দুত্ব আদিৰ বাবে বিজেপি দলটো তিষ্ঠি থকা বুলি তেওঁ বিজেপিক কটাক্ষ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected test

  • 117k Fans
ADVERTISEMENT

Recent News

সাত মাহত ৩ লাখ লোকক কামোৰ, ২৬ জনৰ মৃত্যু! কৰ্ণাটকৰ প্ৰতিবেদনক লৈ উদ্বিগ্নতা বৃদ্ধি

সাত মাহত ৩ লাখ লোকক কামোৰ, ২৬ জনৰ মৃত্যু! কৰ্ণাটকৰ প্ৰতিবেদনক লৈ উদ্বিগ্নতা বৃদ্ধি

August 13, 2025 2:05 pm
সিদ্ধাৰ্থ বৰ্ধৰাজনৰ গোচৰত উচ্চতম ন্যায়াল্যৰ হস্তক্ষেপ! জোৰ-জবৰদস্তি ব্যৱাস্থা গ্ৰহণ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে

বিহাৰৰ ভোটাৰ তালিকা পুনৰীক্ষণ গোচৰৰ শুনানিত গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

August 13, 2025 1:32 pm
ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

August 13, 2025 11:30 am
প্ৰত্যাহ্বানমূলক হ’ব অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া! এছআইআৰ পূৰ্বে অসম কংগ্ৰেছে আৰম্ভ কৰিলে বুথ এজেণ্টৰ প্ৰশিক্ষণ

প্ৰত্যাহ্বানমূলক হ’ব অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া! এছআইআৰ পূৰ্বে অসম কংগ্ৰেছে আৰম্ভ কৰিলে বুথ এজেণ্টৰ প্ৰশিক্ষণ

August 13, 2025 11:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাত মাহত ৩ লাখ লোকক কামোৰ, ২৬ জনৰ মৃত্যু! কৰ্ণাটকৰ প্ৰতিবেদনক লৈ উদ্বিগ্নতা বৃদ্ধি

সাত মাহত ৩ লাখ লোকক কামোৰ, ২৬ জনৰ মৃত্যু! কৰ্ণাটকৰ প্ৰতিবেদনক লৈ উদ্বিগ্নতা বৃদ্ধি

August 13, 2025 2:05 pm
সিদ্ধাৰ্থ বৰ্ধৰাজনৰ গোচৰত উচ্চতম ন্যায়াল্যৰ হস্তক্ষেপ! জোৰ-জবৰদস্তি ব্যৱাস্থা গ্ৰহণ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে

বিহাৰৰ ভোটাৰ তালিকা পুনৰীক্ষণ গোচৰৰ শুনানিত গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

August 13, 2025 1:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd