• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি মুছলমান বিৰোধী, পঞ্চায়ত নিৰ্বাচনত বিজেপি বেয়াকৈ পৰাজিত হ’ব : ৱাজেদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 2, 2018 9:33 am
bjp cONGRESS

বিজেপিৰ মুক্তাৰ হুছেইন খান আৰু কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’স্পষ্ট কথা বিজেপি মুছলমান বিৰোধী। গতিকে মুছলমানে বিজেপিক কি কাৰণত সমৰ্থন কৰিব?’’এই মন্তব্য দক্ষিণ শালমৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলি চৌধুৰীৰ।

উল্লেখযোগ্য যে, পঞ্চায়ত নিৰ্বাচন সমাগত অৰ্থ্যাৎ অহা ১৫ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। উক্ত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া শাসকীয় দল আৰু বিৰোধী দলৰ বাক-বিতণ্ডা তুংগত উঠিছে।

Apply Now

আনহাতে, বৃহস্পতিবাৰে ‘সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিৰ দখল নাছিল যদিও এই পঞ্চায়ত নিৰ্বাচনত আমি কংগ্ৰেছ আৰু এআইয়ুডিএফৰ প্ৰাৰ্থীসমূহক বৃহৎ ভোটৰ ব্যৱধানত পৰাভুত কৰিম’ বুলি সংবাদমাধ্যমৰ আগত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মোক্তাৰ হুছেইন খানে মন্তব্য কৰাৰ পাছতেই তেওঁক উভটি ধৰিছে কংগ্ৰেছ আৰু এআইয়ুডিএফে।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত দক্ষিণ শালমৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলি চৌধুৰীয়ে কয়,  ‘‘নিজৰ ঠাইৰ অভাৱ হোৱা বাবে এতিয়া সংখ্যালঘু অধ্যুষিত এলেকাত সোমাব খুজিছে বিজেপি।‘’

তেওঁ লগতে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীক প্ৰত্যাহ্বান জনাই কয়, ‘’সংখ্যালঘু অধ্যুষিত এলেকাত বিজেপিৰ পঞ্চায়তৰ এজন সদস্যয়ো জিকিব নোৱাৰে, মই ডাঠি কৈছো, আনকি ৱাৰ্ড মেম্বাৰো জিকিব নোৱাৰে।‘’

আনহাতে, উন্নয়ন’ৰ শ্ল’গানেৰে এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজা বিজেপি দলৰ উন্নয়ন দেখা পোৱা নাই কংগ্ৰেছী বিধায়কগৰাকীয়ে।

এই সন্দৰ্ভত তেওঁ কয়, ‘‘বিজেপিয়ে কি উন্নয়ন কৰিলে অসমত? চকুত পৰাকৈ একো উন্নয়ন কৰা নাই, গড়কপ্তানি বিভাগৰ ৰাস্তাকেইটা মেৰামতি কৰাৰ বাহিৰে বেলেগ আৰু কি উন্নয়ন কৰিছে বিজেপিয়ে।‘’

তেওঁৰ মতে ‘’আবেগৰ ৰাজনীতি কৰি বিজেপি শাসনলৈ আহিল। এতিয়া আকৌ  ৰাম মন্দিৰৰ গান গাই আছে বিজেপিয়ে।‘’

তদুপৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত কেৱল পৰাজিত হোৱাই নহয়, ‘বিজেপি বৰ বেয়াকৈ হাৰিব‘ বুলিও তেওঁ দাবী কৰে।

ইপিনে এআইয়ুডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামেও সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় ‘’মোক্তাৰ হুছেইন খান এসময়ত কংগ্ৰেছ দলত আছিল, কিন্তু কংগ্ৰেছ দলক গাদ্দাৰী কৰি তেওঁ এআইয়ুডিএফত আহিল। এআইয়ুডিএফক গাদ্দাৰী কৰি তেওঁ বিজেপিলৈ গ’ল।‘‘

আমিনুলৰ মতে ‘’বিজেপিত গৈ নিজকে জহাবৰ বাবে তেওঁ এনেধৰণে কৈছে। বিজেপি নেতাৰ মন ভাল লগাবৰ বাবে তেওঁ এনেবোৰ মন্তব্য কৰি আছে।‘’

তদুপৰি, আগন্তুক পঞ্চায়ত নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত এলেকাত কংগ্ৰেছ আৰু এআইয়ুডিএফ পৰাজিত হ’ব বুলি সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীয়ে কৰা মন্তব্যৰ প্ৰভাৱ ব্যৱহাৰিক ক্ষেত্ৰত নপৰে বুলি তেওঁ দাবী কৰে।

তেওঁ লগতে কয়, ‘‘সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিয়ে ভোট পাব, তেনেকুৱাকৈ ধোঁৱা-তুলসীৰ পাত হোৱা নাই বিজেপি। হিন্দুত্বৰ ইচ্ছুৱেই বিজেপিয়ে এৰিব পৰা নাই তথা উন্নয়নৰ ইচ্ছ্যুত তেওঁলোকে মনোনিবেশ কৰিব পৰা নাই।‘’

আনহাতে, গৌ-মুত্ৰ, বাবৰি মছজিদ-ৰাম মন্দিৰ, হিন্দুত্ব আদিৰ বাবে বিজেপি দলটো তিষ্ঠি থকা বুলি তেওঁ বিজেপিক কটাক্ষ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd