এনডিএৰ অন্যতম সহযোগী দল শিৰোমণি আকালি দলে কৃষি বিধেয়কক লৈ বিজেপিৰ সংগ এৰাৰ পিছতে পঞ্জাৱত একপ্ৰকাৰ সংগীহীন হৈ পৰিছে গেৰুৱা দলটো {
এনে পৰিস্থিতিত ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া পঞ্জাৱ বিধান সভাৰ নিৰ্বাচনত বিজেপিয়ে ৰাজ্য খনত বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম নহ’ব বুলিয়েই ৰাজনৈতিক বিশেষজ্ঞ মহলে সন্দেহ প্ৰকাশ কৰিছে।
এনে সময়তে ২০২২ চনলৈ বিজেপিয়ে আকালি দলৰ সৈতে কোনো ধৰণৰ মিত্ৰতা নকৰাৰ ইংগিত দিলে দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক তৰুণ ছুগে।
আজি সাংবাদিকৰ আগত ছুগে কয় যে ২০২২ চনৰ পঞ্জাৱ বিধান সভাৰ নিৰ্বাচনত বিজেপিয়ে অকলেই যুঁজিব।
আকালি দলৰ সৈতে পুনৰ কোনো মিত্ৰতা নোহোৱাৰ ইংগিত দি ছুগে কয় যে আকালি দলেই নহয়, আন কোনো দলৰ সৈতেই পঞ্জাৱ বিজেপিয়ে মিত্ৰতা কৰাৰ সম্ভাৱনা নাই।
নিৰ্বাচনত পঞ্জাৱৰ ১১৭ খন আসনতে বিজেপিয়ে অকলেই প্ৰাৰ্থী দিব বুলি বিজেপি নেতা গৰাকীয়ে কয়।
উল্লেখ্য তিনিখনকৈ কৃষি বিধেয়ক গ্ৰহণ কৰাৰ প্ৰতিবাদত এনডিএৰ সহযোগী দল আকালি দলৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী হৰছিমৰত কৌৰে পদত্যাগ কৰিছিল।
কেৱল সেয়াই নহয়, কৃষি বিধেয়কৰ বিৰোধিতাৰে আকালি দলে এনডিএৰ সংগও ত্যাগ কৰিছিল।