NORTHEAST NOW (Assamese)

বিজেপিয়ে নাগৰিকত্ব বিধেয়কৰ বিষয়টো ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে : আৰ পি শৰ্মা

April 9, 2019 1:23 pm · এন ই নাও নিউজ
তেজপুৰৰ বিজেপি সাংসদ আৰ পি শৰ্মা। ফাইল ফটো: নৰ্থইষ্ট নাও

বিজেপি সাংসদ ৰাম প্ৰসাদ শৰ্মাই লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে শেহতীয়াকৈ প্ৰকাশ কৰা ইস্তাহাৰত জনজাতিকৰণৰ বিষয়টো বাদ দিয়াৰ বাবে দলক সমালোচনা কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ত বিজেপিৰ স্থিতি এক চমক বুলি অভিহিত কৰিছে।

কেন্দ্ৰই অসমৰ ছয়টা জনগোষ্ঠী ক্ৰমে কোচ ৰাজবংশী, মৰাণ, চুতীয়া, মটক, তাই আহোম আৰু চাহ জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ আগবঢ়ায়।

প্ৰস্তাৱটোত বিভিন্ন সুবিধা, অধিকাৰ তথা সুৰক্ষাৰ লগতে সামগ্ৰিক উন্নয়নৰ জৰিয়তে সম্প্ৰদায়কেইটাৰ সা-সুবিধা বৃদ্ধিৰ কথা কোৱা হৈছে। কিন্তু বৰ্তমান নিৰ্বাচনী ইস্তাহাৰত বিষয়টোৰ কোনো উল্লেখ নাই।

সাংসদ শৰ্মাই বিষয়টো অৱজ্ঞা কৰাৰ বাবে বিজেপিক সমালোচনা কৰে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপিৰ স্থিতিক এক ‘চমক’ বুলি অভিযোগ কৰে।

‘’বঙালী ভোটাৰসকললৈ মোৰ অনুৰোধ, বিজেপিক বিশ্বাস নকৰিব। দলটোৱে ৰাজনৈতিক লাভৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো ব্যৱহাৰ কৰিছে। এইটো এটা চমক,’’-সোমবাৰে এক বিবৃতিত শৰ্মাই কয়।

ৰাজ্যিক পৰ্যায়ত দলটোৰ বৰ্তমান স্থিতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি শৰ্মাই মন্তব্য কৰে যে অসম বিজেপি ‘হিমন্ত’ বিজেপিলৈ সলনি হৈছে আৰু তলে তলে এটা ‘সোণোৱাল হাটাও’ অভিযান চলি আছে।

‘’দাদা ব্ৰিগেডে সোণোৱাল হাটাও অভিযানক উচটনি দিছে। অসম বিজেপি ‘হিমন্ত’ বিজেপিলৈ সলনি হৈছে। মই নিৰ্বাচনৰ পাছত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজ্যিক বিজেপিক উজ্জীৱিত কৰাৰ সিদ্ধান্ত লৈছো,’’-শৰ্মাই কয়।

Related News