লোকসভা নিৰ্বাচনক লৈ সকলো ব্যস্ত হৈ থকাৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি পুনৰ উদ্ধাৰ হৈছে এটা খড়গহীন গঁড়ৰ মৃতদেহ। উদ্যানখনৰ ষষ্ঠ সংযোজন এলেকাৰ লখৰা চাপৰিত উদ্ধাৰ হৈছে খড়গ বিহীন গঁড়টোৰ মৃতদেহ।
গঁড় হত্যাৰ খবৰ পোৱাৰ পাছতে বন বিভাগে ড্ৰ’নৰ সহায়ত উদ্ধাৰ কৰিছে মৃতদেহটো। কাজিৰঙাৰ বিশ্বনাথ সংমণ্ডলৰ গমিৰি ৰেঞ্জত সংঘটিত হোৱা ঘটনাস্থললৈ ইতিমধ্যে বন বিভাগৰ এটা দল ৰাওনা হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে প্ৰায় ৮ দিন মান পূৰ্বেই চোৰাংচিকাৰীয়ে গঁড়টো হত্যা কৰি খড়গ কাটি নিয়া বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।
এই সন্দৰ্ভত বন বিভাগৰ লোকে একো জনোৱা নাই যদিও ঘটনাৰ প্ৰকৃত ৰহস্য জানিবলৈ বৰ্তমান অনুসন্ধান আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে চলিত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনৰ এইটো তৃতীয়টো গঁড় হত্যাৰ ঘটনা।