• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপমন্যু হাজৰিকাৰ বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ; বিজেপিয়ে এন আৰ চি সন্দৰ্ভত দায়িত্বৰ পৰা হাত সাৰিবলৈ আনক দোষ দিছে

খিলঞ্জীয়া ৰাইজক আভুৱা ভৰি এখন নাটক ৰচিলে বিজেপিয়ে : হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 28, 2019 7:28 pm
27-01-19-Guwahati-Upamanyu-Hazarika-press-meet-1

উপমন্যু হাজৰিকা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘এটা কথা স্পষ্ট যে এন আৰ চিত বহু বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হবলৈ গৈ আছে। সেয়েহে নিজৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে আনক দোষ দিবলৈ আৰম্ভ কৰিছে’’- দিল্লীত সংবাদ মাধ্যমৰ আগত এন আৰ চি সম্বন্ধে বিজেপিৰ স্থিতিক সমালোচনা কৰি এইদৰে মন্তব্য কৰে উপমন্যু হাজৰিকাই।

নিজৰ ব্যৰ্থতা লুকুৱাবলৈ বিজেপিয়ে এতিয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও দাবী তোলে হাজৰিকাই।

Apply Now

চুড়ান্ত এন আৰ চি প্ৰকাশৰ পূৰ্বে শাসকীয় দল, চৰকাৰ আৰু বিভিন্ন সংগঠনে যোৱা দুমাহ ধৰি এন আৰ চি নিখুঁ‌ত নহয় বুলি কৈ আনক, বিভিন্ন মহলক দোষ দিবলৈ আৰম্ভ কৰিছে, বিশেষকৈ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাক এনে দল, সংগঠন আৰু চৰকাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে উপমান্যু হাজৰিকাই।

হাজৰিকাৰ মতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ৰাজ্যিক বিজেপিৰ নেতৃত্বই এন আৰ চিৰ ক্ষেত্ৰত এতিয়া সুৰ সলাইছে।

তদুপৰি, এন আৰ চিৰ প্ৰত্যেক স্তৰতে বহুখিনি বিসংগতি প্ৰকাশ পাইছে যদিও সোণোৱাল চৰকাৰে মৌনতা অৱলম্বন কৰা বুলি পুনৰ অভিযোগ তোলে হাজৰিকাই।

‘এন আৰ চিৰ কামত জড়িত ভ্ৰষ্টাচাৰি চৰকাৰী বিষযাই  টকাৰ বিনিময়ত বিদেশীক অন্তৰ্ভুক্ত কৰা, এন আৰ চি প্ৰক্ৰিয়াত বিদেশী জড়িত হোৱা ইত্যাদি ইত্যাদি বিষয়লৈ এন আৰ চি প্ৰক্ৰিয়াক সমালোচনা কৰা হয়। যদিহে এনে হৈছিল তেন্তে এনে ক্ষেত্ৰত  চৰকাৰে এন আৰ চিৰ দুৰ্নীতি ৰোধ আৰু শুধৰণিৰ বাবে কোনো ব্যৱস্থা কিয় গ্ৰহণ নকৰিলে? এনে বিসংগতি প্ৰকাশৰ পাছতো চৰকাৰ আৰু বিজেপি দলৰ নেতা সকলে কিয় মৌনতা অৱলম্বন কৰিলে বুলিও হাজৰিকাই প্ৰশ্ন কৰে।

এতিয়া শেহতীয়াভাবে মুখ্যমন্ত্ৰী সোণোৱাল, বিজেপিৰ অধ্যক্ষ আৰু বিভিন্ন বিজেপি নেতাই এন আৰ চিত অন্তৰ্ভুক্ত হোৱা বিদেশী নাগৰিকৰ ক্ষেত্ৰত নতুন আইন প্ৰণয়ন কৰিব বুলি  ৰাইজক আশ্বাস দিছে বুলি উল্লেখ কৰি হাজৰিকাই বাস্তৱত কোনো দৃষ্টি নিক্ষেপ নকৰি  খিলঞ্জীয়া ৰাইজক আভুৱা ভৰিবলৈ আৰু নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে বিজেপিয়ে আন এখন নাটক ৰচনা কৰিছে বুলি কয়।

বিজেপিৰ খিলঞ্জীয়া ৰাইজক সুৰক্ষিত কৰাৰ কোনো সদিচ্ছা নাই, এনে কাৰ্যই তাকেই প্ৰমাণ কৰিছে বুলিও দলটোৰ স্থিতিক কঠোৰ সমালোচনা কৰে হাজৰিকাই।

এই সময়ত সকলো  খিলঞ্জীয়া ৰাইজে ব্যক্তিগতভাৱে জাতিৰ দায়িত্ব লবলৈ আগবাঢ়ি আহিব লাগিব কিয়নো যোৱা ৪০ বছৰে স্বাৰ্থপৰ নেতাক জাতিৰ ভবিষ্যত এৰি দিয়াৰ কাৰণে অসম বিদেশী মুক্ত নহৈ বিদেশীৰে চৰণীয়া পথাৰ হ’ল। এতিয়া খিলঞ্জীয়া সংখ্যালঘু নহ’বলৈ ভূমি, চাকৰি আৰু বাণিজ্যিক ব্যৱস্থাৰ  সংৰক্ষণে একমাত্ৰ উপায় বাকী ৰ’ল বুলি তেওঁ মন্তব্য কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd