গণতন্ত্ৰক উপহাস! নাবালক পুত্ৰৰ দ্বাৰা ভোট দিয়ালে বিজেপি নেতাই,কৰিলে ভিডিঅ’ও

এইবাৰ প্ৰেক্ষাপটত এজন বিজেপি নেতা৷নেতাজনে নিজেই ভোট নিদিলে। বৰঞ্চ নাবালক পুত্ৰই ইভিএম মেচিনলৈ ঠেলি দিলে! কিশোৰেও দেউতাকে শিকোৱা বুটামটো টিপি ভোট দিলে। বিজেপি নেতাগৰাকীয়ে নিজেই সমগ্ৰ ঘটনাটো নিজৰ মোবাইল ফোনত ৰেকৰ্ডিং কৰে। ভিডিঅ’টো বিয়পি পৰাৰ লগে লগে আৰম্ভ হ’ল বিতৰ্ক।ভিডিঅ’টোৰ বাবে কংগ্ৰেছৰ লগতে বিৰোধী দলসমূহে বিজেপিক সমালোচনা কৰিছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে এজন নাবালকে বুথত প্ৰৱেশ কৰি ইভিএম মেচিনৰ কাষত উপস্থিত হয়। ইভিএমৰ বুটামটো টিপি ভোট দিয়ে। বিজেপিৰ প্ৰতীক পদুম ফুলত ভোটদান কৰা দেখা গ’ল। দেউতাকে তেওঁক পিছফালৰ পৰা ভোট দিয়া ভিডিঅ’ কৰিছিল।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে এই ভিডিঅ’টোত দেখা গৈছে মধ্যপ্ৰদেশৰ ভূপালৰ বেৰাছিয়া অঞ্চলৰ বিজেপি নেতা বিনয় মেহৰৰ পুত্ৰ। বিনয় বিজেপিৰ পঞ্চায়ত পৰ্যায়ৰ নেতা। অভিযোগ অনুসৰি ১৪ ছেকেণ্ডৰ এই ভিডিঅ’টো বিনয়ে ৰেকৰ্ডিং কৰিছিল। এই ভিডিঅ’টোৰ বিষয়ে তিনিটা মূল প্ৰশ্ন। এটা, ভোটাৰক কেনেকৈ ম’বাইল লৈ বুথত প্ৰৱেশ কৰিবলৈ দিয়া হয়? দুই, শিশুটিয়ে দেউতাকৰ লগত বুথত প্ৰৱেশ কৰাৰ অনুমতি কেনেকৈ পালে? আৰু তিনি, প্ৰশাসন আৰু নিৰাপত্তাৰক্ষীৰ সন্মুখত পুত্ৰই কেনেকৈ ভোট দিলে, কোনেও বাধা নিদিলে কিয়?

কংগ্ৰেছ নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ উপদেষ্টা কমল নাথে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘বিজেপিয়ে নিৰ্বাচন আয়োগক শিশুৰ খেলনা কৰি পেলাইছে। ভোপালত এটি সৰু শিশুৰ সৈতে ভোটদান কৰিলে বিজেপিৰ এজন জিলা পঞ্চায়তৰ সদস্যই।তেওঁ নিজেই ভিডিঅ’টো পোষ্ট কৰিছে। তেওঁৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা হ’বনে?”

এই ভিডিঅ’টোক লৈ বিতৰ্কৰ মাজতে সংশ্লিষ্ট জিলা দণ্ডাধীশে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে। সেই বুথৰ প্ৰিজাইডিং অফিচাৰক নিলম্বন কৰা হৈছে। অভিযুক্ত বিজেপি নেতাজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। এই পৰ্যন্ত নিৰ্বাচন আয়োগে এই ভিডিঅ’ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।