কাশ্মীৰত উগ্ৰপন্থীৰ আক্ৰমণত গুলীবিদ্ধ পৰ্যটক দম্পতী, নিহত বিজেপি নেতা : সন্ত্ৰাসবাদ নিৰ্মূলত ব্যৰ্থ কথাচহকী মোদী!

লোকসভা নিৰ্বাচনৰ মাজতে কাশ্মীৰৰ দুটাকৈ অঞ্চলত হোৱা উগ্ৰপন্থীৰ আক্ৰমণে সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাকে উদঙাই দিছে।

জন্মু-কাশ্মীৰত ফুৰিবলৈ আহি খোজকাঢ়ি গৈ থকা অৱস্থাত গুলীবিদ্ধ হ’ল এহাল পৰ্যটক দম্পতী।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ পহলগাঁৱৰ সমীপত শনিবাৰে সংঘটিত হয় এই ঘটনা। অঞ্চলটোত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ চোৰাংচোৱাগিৰি চলি থকাৰ সময়তে উগ্ৰপন্থীয়ে নিৰ্বিচাৰে গুলীবিদ্ধ কৰে পৰ্যটক দুগৰাকীক।

জানিব পৰা মতে, ৰাজস্থানৰ জয়পুৰৰ বাসিন্দা ফাৰহা আৰু টাবৰেজে কাশ্মীৰ ভ্ৰমণলৈ গৈছিল। শনিবাৰে সন্ধিয়া উগ্ৰপন্থীৰ হঠাৎ গুলীচালনাত আহত হয় ফাৰহা। পত্নীক বচাবলৈ চেষ্টা কৰোতে টাৰ্বেজকো গুলীয়াই হত্যা কৰা হয়। বৰ্তমান স্থানীয় চিকিৎসালয়ত দুয়ো চিকিৎসাধীন হৈ আছে।

ইফালে আন এক ঘটনাত শ্বেখ আজাজ আহমেদ নামৰ এজন স্থানীয় বিজেপি নেতাকো উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে। শ্বপিয়ানৰ হুৰপোৰা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। দুটা ওচৰা অঞ্চলতে সংঘটিত হৈছে এই দুই ঘটনা।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ৫ মে’ত জম্মু-কাশ্মীৰৰ পুঞ্চেত উগ্ৰপন্থীয়ে বায়ুসেনাৰ এখন বাহনত আক্ৰমণ চলাইছিল। সেই আক্ৰমণত নিহত হৈছিল এজন জোৱানৰ। লগতে আহত হৈছিল বায়ুসেনাৰ আন চাৰিজন জোৱান।