NORTHEAST NOW (Assamese)

ধৰ্ষণকাৰীৰে ভৰিছে বিজেপি! নাবালিকাক ধৰ্ষণৰ অপচেষ্টা বিজেপি নেতাৰ

September 17, 2024 3:25 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

এইবাৰ ১৩ বছৰীয়া নাবালিকাক ধৰ্ষণৰ অপচেষ্টা এগৰাকী বিজেপি নেতাৰ। ধৰ্ষণৰ অপচেষ্টা চলোৱা বিজেপি নেতাগৰাকীক ইতিমধ্যে অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

কাছাৰ জিলাত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, অভিযুক্ত মায়াজুল আলী লস্কৰ (৫৫) নামৰ বিজেপি নেতাগৰাকীয়ে কলম কিনিবলৈ অহা এগৰাকী ১৩ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে।

সূত্ৰৰ পৰা জানিব পৰা মতে, ছোৱালীজনী অকলশৰে থকাৰ এই সুযোগ গ্ৰহণ কৰি এই অপচেষ্টা চলায় ধুৰন্ধৰ নেতাগৰাকীয়ে। অৱশ্যে লস্কৰৰ বাহুত কামুৰি কোনোমতে পলায়ন কৰিবলৈ সক্ষম কিশোৰীগৰাকী আৰু লগে লগে ঘটনাৰ খবৰ দিয়ে নিজৰ স্কুলৰ এগৰাকী শিক্ষকক।

শিক্ষকজনে নাবালিকাগৰাকীৰ পিতৃক এই বিষয়ে খবৰ দিয়ে। পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষীত থানাত এজাহাৰ দাখিল কৰে।

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিজেপি নেতাগৰাকীক।

জানিব পৰা মতে, লস্কৰ চান্নিগাট জিপি অঞ্চলৰ ঢোলাইত বিজেপিৰ সক্ৰিয় সদস্যলগতে ৰাজ্যিক গৃহৰক্ষী বাহিনীৰ সচিব পদতো অধিষ্ঠিত।

Related News