NORTHEAST NOW (Assamese)

সৰিয়হৰ ডুলিত ভূত! চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেত্ৰী

May 25, 2023 1:12 pm · এন ই নাও নিউজ, গুৱাহাটী

দুৰ্নীতিমুক্ত অসমৰ সপোন দেখুওৱা বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰতিশ্ৰুতিৰ মাজতে পোহৰলৈ আহিছে দলটোৰে এগৰাকী নেত্ৰী বৃহৎ কেলেংকাৰীৰ তথ্য। চাকৰিত নিযুক্তি দিয়াৰ বিনিময়ত ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এইগৰাকী বিজেপি নেত্ৰী।

ধৃত বিজেপি নেত্ৰীগৰাকী হৈছে কাৰ্বি আংলং (পূব)ৰ বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদিকা মুন ইংতিপি। ডিফু আৰক্ষীয়ে প্ৰৱঞ্চনাৰে চাকৰি প্ৰত্যাশী লোকৰ পৰা ১.৫২ কোটি টকা সৰকোৱাৰ অভিযোগত ইংতিপিক গ্ৰেপ্তাৰ কৰিছে।

ডিফু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছতে দলৰ কিষাণ মৰ্চাৰ সম্পাদিকা পদৰ নৰা নিলম্বন কৰে বিজেপিয়ে। অভিযোগ অনুসৰি একাধিক ব্যক্তিৰ পৰা চাকৰি আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰে অভিযুক্ত ইংতিপিয়ে ১.৫২ কোটি টকা উৎকোচ লৈছিল।

কিন্তু ধন সংগ্ৰহৰ পিছত অভিযুক্ত বিজেপি নেত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়াৰ দৰে নিযুক্তি প্ৰদান নকৰাত নিযুক্তি প্ৰত্যাশী লোকসকলে আৰক্ষীৰ কাষ চাপে আৰু অভিযোগ দাখিল কৰে।

এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মুন ইংতিপিক আটক কৰে। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।

Related News