• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জাকিৰ নাইকক আমন্ত্ৰণত ক্ষোভ: বিশ্বকাপ ফুটবল বৰ্জনৰ আহ্বান বিজেপি নেতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2022 8:25 pm
BJP Leader Calls For World Cup Boycott
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ দেশত উচ্চাৰিত হৈছে ‘বয়কট ফিফা বিশ্বকাপ’ ধ্বনি। চলিত ফিফা বিশ্বকাপ বৰ্জনৰ আহ্বানেৰে এইবাৰ চৰ্চালৈ আহিছে এগৰাকী বিজেপি নেতা। বিশ্বকাপ ফুটবল বৰ্জন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে ভাৰতীয় ফুটবল ফেডাৰেচন তথা সমগ্ৰ দেশবাসীক আহ্বান জনাইছে বিজেপিৰ মুখপাত্ৰ ছাভিঅ’ ৰড্ৰিগুৱেজে।

বিতৰ্কিত ইছলামিক প্ৰচাৰক জাকিৰ নাইকক বিশ্বকাপ আয়োজক কাটাৰে ফিফা বিশ্বকাপলৈ আমন্ত্ৰণ জনোৱাৰ পিছতে আজি বিজেপিৰ মুখপাত্ৰ ছাভিঅ’ ৰড্ৰিগুৱেজে চৰকাৰ, ভাৰতীয় ফুটবল সন্থা আৰু ফুটবল উপভোগৰ বাবে আয়োজক দেশখনলৈ যোৱা ভাৰতীয়সকলক বিশ্বকাপ বৰ্জন কৰিবলৈ আহ্বান জনায়।

Apply Now

ভাৰতত পলাতক ঘোষিত জাকিৰ নাইকক কাটাৰে চলি থকা ফিফা বিশ্বকাপৰ সময়ত ইছলাম বিষয়ক বক্তৃতা দিবলৈ আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে।

এক বিবৃতিত ৰড্ৰিগুৱেজে কয় যে যি সময়ত বিশ্বই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি আছে, সেই সময়ত নাইকক এনে এক মঞ্চ দিয়াটো সন্ত্রাসবাদৰ সহানুভূতিশীল এগৰাকী ব্যক্তিক ঘৃণা বিয়পাবলৈ সুযোগ দিয়াৰ দৰেই৷

বিবৃতিটোত ৰড্ৰিগুৱেজে কয়, “ফিফা বিশ্বকাপ এক বিশ্বব্যাপী অনুষ্ঠান। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে এই দৰ্শনীয় খেলবিধৰ সাক্ষী হ’বলৈ আহে আৰু লগতে লাখ লাখ লোকে টিভি আৰু ইণ্টাৰনেটত এই প্ৰতিযোগিতা চায়।”

“যি সময়ত বিশ্বই বিশ্ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি আছে, সেই সময়ত জাকিৰ নাইকক এনে এক মঞ্চ প্ৰদান কৰি, এগৰাকী সন্ত্ৰাসবাদীক তেওঁৰ উগ্ৰবাদ আৰু ঘৃণা বিয়পাই দিয়াৰ মঞ্চ দিয়াৰ দৰেই হৈছে।”— বিজেপি নেতাগৰাকীয়ে লগতে কয়।

এনে কাৰণতে ৰড্ৰিগুৱেজে ভাৰতীয় জনসাধাৰণৰ লগতে সন্ত্ৰাসবাদৰ বলি হোৱা আন আন দেশৰ লোকসকলকো সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজৰ সৈতে সংহতি প্ৰদৰ্শনেৰে বিশ্বকাপৰ অনুষ্ঠান বৰ্জন কৰিবলৈ আহ্বান জনায়।

নাইকে ভাৰতত ইছলামিক উগ্ৰবাদ আৰু ঘৃণা বিয়পোৱাত সহায় কৰি আহিছে বুলি অভিযোগ কৰি ৰড্ৰিগুৱেজে লগতে নাইক এগৰাকী সন্ত্ৰাসবাদীতকৈ কম নহয় বুলি দাবী কৰে।

“জাকিৰ নাইক ভাৰতীয় আইনৰ অধীনত এগৰাকী ৱাণ্টেড ব্যক্তি। তেওঁৰ বিৰুদ্ধে ধন সৰবৰাহৰ অপৰাধ আৰু ঘৃণামূলক ভাষণৰ অভিযোগ আছে। তেওঁ এগৰাকী সন্ত্ৰাসবাদৰ প্ৰতি সহানুভূতিশীল ব্যক্তি। আচলতে তেওঁ নিজেও এজন সন্ত্ৰাসবাদীতকৈ কম নহয়। তেওঁ মুকলিকৈ সন্ত্ৰাসবাদী ওছামা বিন লাডেনক সমৰ্থন কৰিছে আৰু ভাৰতত ইছলামিক উগ্ৰবাদ আৰু ঘৃণা বিয়পোৱাত সহায় কৰিছে।’-ৰড্ৰিগুৱেজে লগতে কয়।

উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাকিৰ নাইকে প্ৰতিষ্ঠা কৰা ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্যন (আই আৰ এফ)ক অবৈধ সংস্থা হিচাপে ঘোষণা কৰি পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd