• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুছলমান যুৱকৰ সৈতে কন্যাৰ বিয়া! বিজেপি নেতাৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ; ল’লে ডাঙৰ সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2023 3:05 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুছলমান যুৱকৰ সৈতে বিজেপি নেতাৰ কন্যাৰ বিয়াক লৈ প্ৰতিবাদ! আৰু তাৰ পিছত তেওঁ এটা ডাঙৰ সিদ্ধান্ত ল’লে। উত্তৰাখণ্ডৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা যশপাল বেনামৰ কন্যাৰ বিবাহ ঠিক হয় এজন মুছলমান যুৱকৰ সৈতে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই বিবাহৰ কাৰ্ড। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত আৰম্ভ হয় বিভিন্ন চৰ্চা। হিন্দুত্ববাদী সংগঠনসমূহে এই বিবাহৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছতে যশপালে খৰখেদাকৈ কন্যাৰ বিয়াৰ অনুষ্ঠান স্থগিত কৰে।

উত্তৰাখণ্ডৰ বিজেপি নেতাগৰাকীয়ে নিজৰ কন্যাৰ বিয়াৰ ব্যৱস্থা কৰে তাই ভালপোৱা যুৱকজনৰ লগত। ল’ৰাজন মুছলমান হোৱাৰ বাবে হিন্দুত্ববাদী সংগঠনে তাইৰ বিবাহ বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। অৱশেষত তেওঁ সংগঠনৰ হেঁচাত শিৰনত কৰিলে। জীয়েকৰ বিবাহ ভংগ কৰি পেলালে। বিজেপি নেতা যশপাল বেনামে মুছলমানৰ ঘৰত কন্যাৰ বিয়াৰ ব্যৱস্থা কৰা বুলি জনাৰ পিছতে দলৰ নেতাসকলৰ প্ৰবল সমালোচনাৰসন্মুখীন হোৱাত তেওঁ এই বিবাহ বাতিল কৰে।

লগতে পঢ়ক: পি এম মোডী তথ্যচিত্ৰ:মানহানিৰ গোচৰত বিবিচিলৈ চমন জাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ

Apply Now

বিজেপি নেতা যশপাল বেনামে কয় যে দৰাৰ পৰিয়ালৰ সৈতে ‘পাৰস্পৰিক সন্মতি’ত ছোৱালীজনীৰ বিবাহ বাতিল কৰা হৈছে। অহা ২৮ মে’ত বিজেপি নেতাৰ কন্যাৰ বিবাহৰ কথা আছিল। শনিবাৰে সাংবাদিকৰ আগত বিজেপি নেতাগৰাকীয়ে কয় যে ২৮ মে’ত হ’বলগীয়া এই বিবাহ এতিয়া বাতিল কৰা হৈছে।

তেওঁ কয়, “এজন জনপ্ৰতিনিধি হিচাপে মই বিচপা নাছিলো যে মোৰ ছোৱালীৰ বিয়াৰ বিষয়ে সমাজত চৰ্চা হওক। মানুহৰ অনুভুতিক মই সন্মান কৰো।”

নাম প্ৰকাশত অনিচ্ছুক পৰিয়ালটোৰ এজন ঘনিষ্ঠ বন্ধুৱে কয়, “দুয়ো পৰিয়ালৰ সন্মতি সাপেক্ষে বিবাহ ঠিক কৰা হৈছিল, কিন্তু কিছু বিষয় পোহৰলৈ অহাৰ পিছত প্ৰচণ্ড সমালোচনাৰ বাবে বিবাহ বাতিল কৰিবলগীয়া হয়”। 

লগতে পঢ়ক: মুখত অজস্ৰ ফুটা : এসময়ত বলিউডৰ চেলিব্ৰেটি আজি পথৰ চাহ দোকানী

কন্যাৰ বিয়া বাতিলৰ সন্দৰ্ভত যশপাল বেনামে কয়, “মোৰ ছোৱালীৰ বিয়া এজন মুছলমান যুৱকৰ সৈতে ঠিক হৈছিল। তেওঁলোকে ইজনে সিজনক ভাল পাইছিল। আমি ছোৱালীজনীৰ সুখ ইচ্ছাৰ প্ৰতি মৰ্যাদা দি মুছলমান পৰিয়ালত ছোৱালীজনীৰ বিবাহ ঠিক কৰো। ইয়াৰ বাবে কাৰ্ডো ছপা কৰা হৈছিল। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই কাৰ্ড। বিভিন্ন ধৰণৰ কথা উত্থাপন হৈছিল। দুয়োটা পৰিয়ালে সংঘাতৰ পৰা হাত সাৰিবলৈ বিয়াৰ অনুষ্ঠানটো স্থগিত ৰখাৰ বাবে সন্মত হৈছো।”

অৱশ্যে পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব বুলিও তেওঁ কয়। পাউৰি গড়ৱালৰ পৌৰসভাৰ অধ্যক্ষ পদত আছে বিজেপি নেতাগৰাকী।

লগতে পঢ়ক: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, ২০২৩ : কোনে কোনে লাভ কৰিলে প্ৰথম দহটা স্থান?

শুকুৰবাৰে হিন্দুত্ববাদী সংগঠনসমূহে বিজেপি নেতা যশপালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনসমূহে তেওঁৰ প্ৰতিমূৰ্তিও জ্বলাই দিয়ে। এই প্ৰতিবাদত বিশ্ব হিন্দু পৰিষদ, ভৈৰৱ সেনা আৰু বজৰং দলে অংশগ্ৰহণ কৰে। বিশ্ব হিন্দু পৰিষদৰ জিলা কাৰ্যবাহী সভাপতি দীপক গৌৰে কয় যে আমি এই বিবাহৰ তীব্ৰ বিৰোধিতা কৰিছো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

July 20, 2026 5:30 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd