• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কেব’ বিৰোধী শক্তিৰে হাতত হাত ধৰি বিজেপি নেত্ৰী মীৰা বৰঠাকুৰৰ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 5, 2019 2:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কুচকাৱাজ চলাই থকাৰ সময়তে ‘কেব’ বিৰোধী শক্তিৰ সৈতে পুনৰবাৰ একত্ৰিত হৈছে বিজেপি নেত্ৰী মীৰা বৰঠাকুৰ।

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰি কেবৰ বিৰুদ্ধে অৱস্থান লোৱা কৃষক মুক্তি সংগ্ৰাম সমিতি, টাই আহোম ছাত্ৰ সন্থা, অসম সংগ্ৰামী মঞ্চ, অনুসূচিত জাতি ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চকে ধৰি অন্যান্য সংগঠনৰ নেতৃত্বৰ সৈতে হাতত হাত ধৰি কেবৰ বিৰুদ্ধে সংকল্প লয় বৰঠাকুৰে।

Apply Now

প্ৰতিবাদত অংশগ্ৰহণ কৰা বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত কেব সমৰ্থনকাৰী মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে।

‘সৰ্বানন্দ সোণোৱালে জাতীয় নায়কৰ সন্মান লাঘৱ কৰিলে। তেওঁ ৰাইজৰ অজস্ৰ ভোট লৈ মুখ্য মন্ত্ৰী হৈছিল যদিও আজিৰ সময়ত তেওঁ সৰ্বকালৰ সৰ্ব নিম্ন মানদণ্ডৰ মুখ্য মন্ত্ৰী হিচাপে পৰিগণিত হৈছে। মুখ্য মন্ত্ৰী সোণোৱালৰ অ’ এচ ডিৰ হাতত জাতীয় নায়কৰ যিখন ফলি আছে, সেইখন ঘূৰাই পঠাওঁক। তেওঁ খলনায়ক বুলি এই মঞ্চৰ পৰা কৈছো।‘ বৰঠাকুৰে কয়।

তেওঁ সোণোৱালক কটাক্ষ কৰি আৰু কয় ‘কংগ্ৰেছৰ পৰা এইবিলাক আশা নকৰোৱেই। সোণোৱাল অসম আন্দোলন জাতীয় নায়ক আৰু আই এম ডি টি বাতিল কৰা বেকগ্ৰাউণ্ডৰ পৰা আহিছে। একমাত্ৰ মলাই থকা আসনখনৰ খাতিৰত নিৰ্লজ্জভাৱে তললৈ যাবলৈ লাজ পোৱা নাইনে?’

‘তেওঁতকৈ বয়সত সৰু মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ পৰা শিক্ষা ল’ব কিয় নোৱাৰিলে? নাগালেণ্ডৰ পৰা তেওঁ শিক্ষা ল’ব নোৱাৰিলে নেকি?’ সোণোৱাললৈ বৰঠাকুৰৰ প্ৰশ্ন।

তেওঁ লগতে কয় ‘এতিয়াও মুখ্য মন্ত্ৰী সোণোৱাল সংশোধন হোৱাৰ সময় আছে। তেওঁ এতিয়া এই কেবৰ বিৰোধিতা কৰিলে অসমৰ ৰাইজে পুনৰ ১০ বাৰৰ বাবে মুখ্য মন্ত্ৰী বনাব।‘

ইপিনে, অসম গণ পৰিষদৰ নেতৃত্ব আৰু অসম সাহিত্য সভাক সমালোচনা কৰি বৰঠাকুৰে কয় ‘অসম গণ পৰিষদ আৰু অসম সাহিত্য সভা বিক্ৰী গ’ল। তেওঁলোক বিক্ৰীজাত সামগ্ৰী। অতুল বৰা কলংকিত নায়ক নহয় খলনায়ক।‘

‘জাতিৰ সংকটত জাতীয় সংগঠন ঐক্যবদ্ধ হোৱাৰ সময়।‘এইদৰে জাতীয় সংগঠনলৈ আহ্বান জনাই বৰঠাকুৰে লগতে কয় ‘প্ৰয়োজন সাপেক্ষে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম, তথাপি হিন্দু বা মুছলমান বাংলাদেশী কেতিয়াও সহ্য নকৰো।’

আনহাতে, উক্ত প্ৰতিবাদতে অংশগ্ৰহণ কৰি টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মনোজ গগৈয়ে হুংকাৰ দি কয় ‘এই আন্দোলনৰ পাছতো যদি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হয় তাৰ বাবে দিল্লী দিচপুৰ জগৰীয়া হ’ব। যিকোনো পৰিৱেশ পৰিস্থিতিৰ বাবে সাজু হৈ আছো। ইতিমধ্যে কঁকালত টঙালি বান্ধিছো আৰু হেংদাং লৈ সাজু হৈছো। সন্মুখ সমৰৰ পৰা যুদ্ধ হ’ব। অসমীয়া জাতিয়ে মাৰিবও জানে, মৰিবও জানে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd