“অভিনেতা” যতীন বৰাক পুনৰ “আক্ৰমণ” মীৰা বৰঠাকুৰৰ

কন্যাক অপহৰণৰ শংকাতহে পদত্যাগ কৰিব লগা হ’ল বুলি দলক কৈফিয়ৎ "অভিনেতাজন"ৰ

Mira Borthakur vs Jatin-Bora

“মই ৰাইজৰ লগত আছো” বুলি কৈ বিজেপি ত্যাগৰ ঘোষণাৰে মানুহৰ আৱেগ জয় কৰা অভিনেতা যতীন বৰাক পুনৰ আক্ৰমণ কৰিছে বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে।

নাগৰিকত্ব (সংশোধন) আইন বিৰোধী আন্দোলনৰ ঢৌত নিজকে উটুৱাই দি অভিনেতাজনে ১২ ডিচেম্বৰত বিজেপিৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰা বুলি ঘোষণা কৰিছিল।

বৰা ৰাজ্যখনৰ এজন জনপ্ৰিয় অভিনেতা আৰু শেহতীয়াকৈ বিজেপি যোগদান কৰি অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ পদ লৈছিল।

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে অসমীয়া লোকে সৰ্বস্তৰত প্ৰতিবাদ কৰি থকাৰ মাজতে তেওঁ জাতিৰ বিপদ তথা সংকটৰ সময়ত ৰাইজৰ কাষত থিয় হৈ গেৰুৱা দলটো এৰা বুলি ঘোষণা কৰিছিল সংবাদ মাধ্যমৰ আগত। তেওঁৰ এই স্থিতিক লৈ বহুতে বেচ উচ্ছ্বসিত হৈ পৰিছিল আৰু সংবাদ মাধ্যমতো গুৰুত্বসহ বাতৰি প্ৰকাশ হৈছিল।

পদত্যাগ ঘোষণাৰ লগতে তেওঁ কৈছিল, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপেও তেওঁ অচিৰেই পদত্যাগ কৰিব।

কিন্তু নিজৰ ফেইচবুক টাইমলাইনত ২০ ডিচেম্বৰত দিয়া এটা পোষ্টত মীৰা বৰঠাকুৰৰ দাবী, “অভিনেতা”জনে তেওঁৰ কন্যাক অপহৰণৰ শংকাতহে পদত্যাগ কৰিব লগা হ’ল বুলি দলক কৈফিয়ৎ দিছে।

এতিয়া সকলো জলজল পটপট হৈ পৰিছে বুলি মন্তব্য কৰি নেত্ৰীগৰাকীৰ দাবী, যতীন বৰাই এতিয়াও অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ পদ এৰা নাই।

পদত্যাগৰ কাৰণ হিচাপে দলৰ মজিয়াত কৈফিয়ৎ দিওঁতে জীয়াৰীক অপহৰণ কৰিব খোজা বুলি দেখুওৱাটোত আপত্তি কৰি বৰঠাকুৰে কৈছে, আমাৰ এনে কোনো নিকৃষ্ট প্ৰতিবাদকাৰী নাই যে তেওঁ পদত্যাগ নকৰিলে জীয়েকক অপহৰণ কৰিব।

বৰঠাকুৰৰ পোষ্টটো অবিকল তুলি দিয়া হ’ল-

“এজন অভিনেতাই দল ত্যাগ কিয় কৰিব লগা হল ,দলক কি কৈফিয়ৎ দিলে জানে  তেওঁৰ জীয়াৰীক বোলে অপহৰণ কৰিব খুজিছিল সেই কাৰনেহে তেওঁ পদত্যাগ কৰিব লগা হ’ল! তেওঁ এতিয়াওঁ ::::::: অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰা নাই! Now Everything is open secret. আমাৰ বিশ্বাস আমাৰ কোনো এনে নিকৃষ্ট প্ৰতিবাদী নাই অসমত যে তেওঁ পদত্যাগ নকৰিলে তেওঁৰ জীয়াৰীক অপহৰণ কৰিব৷ ধিক্কাৰ দিছো এনে নিম্নৰুচিবোধ থকা নায়কক৷”

উল্লেখ কৰিব পাৰি যে পূৰ্বেও যতীন বৰাই কেনেকৈ দুৰ্দিনত বিজেপিক অৱজ্ঞা কৰিছিল আৰু সুদিনত বিজেপিত যোগদান কৰাই দিবলৈ তেওঁক খাটনি ধৰিছিল, সেই কাহিনীৰে এটা পোষ্ট দিছিল।

লগতে পঢ়ক “অভিনেতা” যতীন বৰাৰ সৈতে হোৱা এটা অভিজ্ঞতা বিৱৰি দিয়া মীৰা বৰঠাকুৰৰ ফেইচবুক পোষ্টে লগাইছে তোলপাৰ

বিদ্ৰোহী নেত্ৰী হিচাপে খ্যাত বৰঠাকুৰে সদায়ে অসমীয়া সমাজখন আৰু নাৰীৰ অধিকাৰ, সততাৰ কাষত থিয় হৈ বিভিন্ন সময়ত নিজৰ দলৰ নেতাৰ কুকীৰ্তি উদঙাই আহিছে।

“প্ৰত্যাহ্বানৰ ৰাজনীতি” নামৰ এখন গ্ৰন্থত তেওঁ বিজেপিৰ শীৰ্ষ নেতাৰ অশালীন প্ৰস্তাৱকে আদি কৰি একাধিক বিতৰ্কিত কাণ্ড উদঙাইছিল।