• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“অভিনেতা” যতীন বৰাৰ সৈতে হোৱা এটা অভিজ্ঞতা বিৱৰি দিয়া মীৰা বৰঠাকুৰৰ ফেইচবুক পোষ্টে লগাইছে তোলপাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2019 6:48 pm
Mira Borthakur and Jatin Bora

মীৰা বৰঠাকুৰৰ পোষ্টটোৰ স্ক্ৰীন শ্বট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ দুৰ্দিনত দলটোক স্পষ্ট প্ৰত্যাখ্যান কৰা অভিনেতা যতীন বৰাই পিছত সুদিনত দলটোত যোগদান কৰাই দিবলৈ তেওঁক কেনেকৈ খাটনি ধৰিছিল, সেই অভিজ্ঞতা বিৱৰি বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে আজি দিয়া ফেইচবুক পোষ্ট এটাই তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে।

পোষ্টটোৰ মূল বক্তব্য হ’ল- বিজেপিৰ অসমত কোনো খোপনি নথকা ২০০৯ চনত দলটোৰ কিছু সংখ্যক নেতা-নেত্ৰীয়ে (মীৰা বৰঠাকুৰো আছিল) অসমৰ বছা বছা শিল্পীক লগ কৰিছিল, দলটোৰ বাবে পৰামৰ্শ আৰু দলটোত যোগদানৰ অনুৰোধেৰে।

Apply Now

“বিজেপিত যোগদান কৰিলে কি দিব, বিজেপিৰ কি আছে?” এয়ে আছিল যতীন বৰা আৰু তেওঁৰ পৰিবাৰৰ প্ৰতিক্ৰিয়া, যিটো বেছি সংখ্যকৰ সৈতে প্ৰায় একে।

পিছত মোদীৰ দিনত যতীন বৰাই বিজেপিত যোগদান কৰাই দিবৰ বাবে ফোনৰ উপৰি ফোন কৰিছিল মীৰা বৰঠাকুৰক। কেতিয়াবা নাটকৰ মঞ্চৰ বিৰতিতো ফোন কৰি তাগিদা দিছিল বৰঠাকুৰক।

ইপিনে বিদ্যা সাগৰ নামৰ সংগীত শিল্পীজনৰ সততা আৰু নিষ্ঠাক প্ৰশংসা কৰি বৰঠাকুৰে কৈছে, বিজেপিৰ বেয়া দিনতে তেওঁৰ প্ৰতিক্ৰিয়া আছিল আন্তৰিকতাপূৰ্ণ। “হয়তো তোষামোদ নজনা বাবেই, স্বাভিমান থকা বাবেই বিদ্যাসাগৰ আজি বহু দূৰত” বৰঠাকুৰৰ মত।

তেওঁ এই পোষ্টটো এটা অভিজ্ঞতাহে, কাৰো ভাবমূৰ্তি নষ্ট কৰা ইয়াৰ উদ্দেশ্য নহয় বুলি স্পষ্টীকৰণো দিছে পোষ্টটোৰ শেষৰফালে। পোষ্টটোৰ সৈতে যতীন বৰাৰ দুখন ফটোও দিয়া হৈছে।

এগৰাকী স্পষ্টভাষী নেত্ৰী হিচাপে পৰিচয় থকা মীৰা বৰঠাকুৰ এগৰাকী লেখিকাও। তেওঁ বিজেপিত দলটোৰ জ্যেষ্ঠ নেতাৰ দ্বাৰা যৌন শোষণৰ বলি হোৱাৰ কথা স্পষ্টকৈ উল্লেখ কৰিছিল এখন গ্ৰন্থত। তাৰ পিছতে তেওঁক দলৰ পৰা নিলম্বন কৰা হৈছিল যদিও নিজকে দলৰ নিষ্ঠাৱান নেত্ৰী বুলি এতিয়াও দাবী কৰে বৰঠাকুৰে।

উল্লেখযোগ্য যে বৰা অভিনীত “ৰত্নাকৰ” নামৰ এখন চিনেমা ৰাজ্যখনৰ ছবিগৃহত সফলতাৰে প্ৰদৰ্শিত হৈ আছে।

পোষ্টটোক লৈ ইতিমধ্যে তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে। বহুতো মন্তব্যকাৰীয়ে বৰঠাকুৰক সমৰ্থন কৰাৰ বিপৰীতে আন বহু সংখ্যকে ইয়াক নেত্ৰীগৰাকীৰ যতীন বৰাৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ প্ৰয়াস বুলি অভিযোগ কৰিছে।

দাড়ি-কমা, আৰু দুই-এটা বৰ্ণাশুদ্ধিৰ আঁতৰোৱাৰ বাদে মূল পোষ্টটো পাঠকৰ বাবে প্ৰায় হুবহু ৰূপত তলত তুলি দিয়া হ’ল-

#Light,Camera,Action and Script .২০০৯ চন , তেতিয়া বিজেপিৰ বৰ ভাল সময় নাছিল অসমত৷ আমি কিবা পৰিৱৰ্তন কৰিব পাৰি নেকি বহু চিন্তা কৰি অসমৰ বহু শিল্পীৰ দুৱাৰে দুৱাৰে বিজেপিত যোগদান কৰিবলৈ অনুৰোধ কৰি ঘূৰি ফুৰিছিলো৷ দীনেশ দাস, নিপন গোস্বামী, যতীন বৰা, বিদ্যা সাগৰ ইত্যাদি ইত্যাদি৷ সকলোৰে উত্তৰ এটায়ে আছিল- “আমাক বিজেপিত যোগদান কৰিলে কি দিব? এতিয়াতো বিজেপিত একো নাই! যতীন বৰা ডাঙৰীয়াৰ পত্নীয়েতো আমাক বেয়াই পাইছিল তেওঁক বিজেপিত আনিব যোৱাৰ বাবেই। চিধা প্ৰশ্ন আছিল “যতীন কিয় যাব, বিজেপিত কি আছে” ইত্যাদি ইত্যাদি!! কিন্তু ব্যতিক্ৰম আছিল বিদ্যা সাগৰ৷ বিজেপিৰ বেয়া দিনত তেওঁ মোক কৈছিল বাইদেউ যিটো দলত বাজপেয়ী আছে মই সেইটো দলৰ সদস্য হ’বলৈ ভাল পাম আৰু সেই সূত্ৰেই তেওঁ দলৰ সদস্য হ’ল আৰু ২০০৯/২০১১-ৰ বহু নিৰ্বাচনী সভাত বিনা পাৰিশ্ৰমিকে অহৰহ প্ৰচাৰ চলাইছিল৷ আজি মনত পৰিছে- বিদ্যা সাগৰৰ হয়তো তোষামোদ কৰিব নোৱাৰা, স্বাভিমান, তেওঁ আত্মসমৰ্পণ কৰিব নোৱৰাৰ বাবেই আজি বিদ্যাসাগৰ বহু দূৰত!

আহিল এতিয়া মোদী ঢৌ। বিজেপি ক্ষমতালৈ আহিব সেইটো নিশ্চিত হৈছে সেই আমাক হতাশ কৰি ওভতাই পঠোৱা যতীন বৰাৰ দেশ ক’ৰবাত ভাল পোৱা দৰদ জাগিল। তেওঁ মোক নিজেই যোগাযোগ কৰিলে যে তেওঁ কোনো পলম নকৰাকৈ বিজেপিত যোগদান কৰাব লাগে। মানে বাইদেউ কিবা এটা কৰক! মই বৰ আন্তৰিকতাৰে আগ বাঢ়িছো। সকলোৰে লগত যোগাযোগ কৰাই অৱশেষত যতীন বৰা গেৰুৱা হ’ল৷ এনে দিনো পাৰ কৰিছো যতীন বৰাই নাটকৰ মঞ্চৰ বিৰতিতো ফোন কৰে, বাইদেউ মোৰ যোগদান কেতিয়া হ’ব”৷ মই সততে কোনো লিখিত কথা স্বজ্ঞানে মিছা লিখাৰ নজিৰ নাই৷ কিন্ত ডাঙৰ বিড়ম্বনা, এতিয়া মোৰ বিশ্বাস মোক তেওঁ পাহৰিছে! স্বাভাৱিক৷ কাৰণ তেওঁ এতিয়া মোৰ পৰা পাবলৈ একো নাই৷
এতিয়া আচল কথা হ’ল আমাৰ বহু শিল্পীৰ ওচৰত আমি যোৱাৰ অভিজ্ঞতা আছে৷ শিল্পী মানে কলা, Art আমাৰহে বুজাত কিছু অসুবিধা হয়৷ এনেয়ে এজন অভিনেতা হিচাপে যতীন বৰা মোৰ প্ৰিয় অভিনেতা৷ যি কি হওক বিদ্যা সাগৰৰ দৰে বেয়া দিনত বিজেপি কৰা শিল্পীক অৱহেলা কৰাটোত কেতিয়াবা দুখ লাগে৷

ইয়াত কোনেও বিতৰ্ক কৰাৰ প্ৰয়োজন নাই মোৰ নিজা অভিজ্ঞতাহে প্ৰকাশ কৰিছো৷ ইয়াত কাৰো ভাবমূৰ্তি নষ্ট হোৱাৰ প্ৰশ্ন নুঠে৷ কথাবোৰ এনেকৈ লোৱা উচিত- সময়ৰ লগত খাপখোৱাকৈ খোজ দিব পৰাটোহে প্ৰকৃত কথা৷ এইবোৰ অভিজ্ঞতাৰ পৰা শিকিব লগা আছে৷ কাকো হেয় কৰাৰ উদ্দেশ্যে লিখা নাই৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd