অসমত হজ যাত্ৰাত খোজে খোজে চিণ্ডিকেট চলি থকাৰ গুৰুতৰ অভিযোগ আনিছে সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মুমিনুল আৱালে।
‘হজত খোজে খোজে চিণ্ডিকেট চলে। মই আগৰ পৰাই কৈ আহিছো হজত বৃহৎ এটা চিণ্ডিকেটৰাজ চলি আছে।‘ সংবাদ মাধ্যমৰ আগত পুনৰবাৰ অসমৰ হজ কমিটীৰ বিৰুদ্ধে সৰৱ হৈ আৱালে এইদৰে মন্তব্য কৰে।
আনকি হজ যাত্ৰীৰ ভাড়াৰ পৰা আৰম্ভ কৰি হোটেলত থকা-খোৱা সকলোতে চিণ্ডিকেট চলা বুলি গুৰুতৰ অভিযোগ তোলে আৱালে।
আৱালৰ মতে মুম্বাইৰ পৰা যোৱা হজযাত্ৰীৰ তুলনাত অসমৰ পৰা যোৱা হজযাত্ৰীসকলৰ ভাড়া অত্যাধিক মাত্ৰাত সংগ্ৰহ কৰা হয়।
‘মুম্বাইৰ হজযাত্ৰীসকলৰ এজনৰ ফ্লাইটত অহা-যোৱা কৰা টিকটৰ মূল্য ৫৮ হাজাৰ টকা। কিন্তু আমাৰ অসমৰ পৰা ১ লাখ ১২ হাজাৰ ৪৬৭ টকা। অসমৰ পৰা মূল্য প্ৰায় দুগুণ। প্ৰায় ৫০-৬০ হাজাৰ টকা অতিৰিক্তভাৱে লৈ অহা হৈছে,‘-আৱালে কয়।
আৱালৰ প্ৰশ্ন ‘কি যুক্তিত অসমৰ পৰা দুগুণ টিকটৰ ভাড়া লৈ থকা হৈছে?
তেওঁ আৰু কয়, ‘অসমৰ পৰা গড়ে ৪০০০ হজযাত্ৰী যায়, তেওঁলোকৰ পৰা যদি ৫০ হাজাৰ টকাকৈ অতিৰিক্তভাৱে লোৱা হয়, তেন্তে প্ৰায় ২০ কোটি টকা। এই পইচাখিনি কাৰ পকেটত গৈছে? আজিৰ দিনত সেইটো বিচাৰ্য্য বিষয়।’
ইপিনে, কেৱল ফ্লাইটৰ ভাড়াতে চিণ্ডিকেট নচলে বুলি আৱালে উল্লেখ কৰি লগতে কয়, ‘হোটেলৰ নামত কিমান ধন লৈছে? মুঠৰ ওপৰত খোৱা-বোৱা-থকা, অহা-যোৱা সকলোতে চিণ্ডিকেট চলি আছে।‘
আৱালে অসমৰ হজ কমিটিৰ ওপৰত অন্য এক অভিযোগ তুলি কয়, ‘অসমত ১৬-১৭ বছৰ ধৰি যিসকলে হজ কমিটিখন খামুচা মাৰি ধৰি আছে, সেই বিলাক মানুহৰ মুখ বিলাক টি ভিত ওলায়েই থাকে। হাজি মুছাফিৰ খানাত অভ্যৰ্থনা সমিতিৰ খৰচটো কেতিয়াও ৰাজহুৱা কৰা নহয়। কংগ্ৰেছৰ দিনৰখিনি বাদ দিলো, বিজেপিৰ দিনতো ২০১৭ চনৰ পৰা ৩ বাৰ হজযাত্ৰালৈ গ’ল। এই তিনিবাৰ হজযাত্ৰাত যাওঁতে চৰকাৰ, ৰাইজে কিমান টকা দান-বৰঙণি দিলে বা সেইখিনি কি কি কামত খৰচ কৰা হ’ল সেইটো কেতিয়াও ৰাজহুৱা কৰা নহ’ল।‘
আৱালে এই সমগ্ৰ চিণ্ডিকেটৰাজৰ উচিত তদন্ত দাবী কৰাৰ লগতে অসমৰ হজযাত্ৰীসকলে ন্যায় পাব লাগে বুলিও কয়।