• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

ভগ্নীৰ সন্মুখতে যুৱতীক গণধৰ্ষণ, ধৰ্ষণত লিপ্ত বিজেপি নেতাৰ নাবালক পুত্ৰ!  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2023 3:11 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি শাসিত মধ্যপ্ৰদেশত এগৰাকী ১৯ বছৰীয়া যুৱতীক ভগ্নীৰ সন্মুখত দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। উত্তৰ প্ৰদেশৰ উন্নাওৰ এজন বিজেপি নেতাৰ নাবালক পুত্ৰৰ নাম এই গণ ধৰ্ষণত জড়িত থকাৰ অভিযোগ উঠিছে! ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত নাবালকগৰাকীৰ সৈতে এগৰাকী সতীৰ্থক। আনহাতে দুই অভিযুক্ত এতিয়াও পলাতক আৰু তেওঁলোকক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে পলাতক দুই অভিযুক্তৰ সন্ধান দিওঁতাক ১০ হাজাৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে।

এই জঘন্য ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰেশ দতিয়াত। এফআইআৰত উল্লেখ কৰা মতে ভুক্তভোগীৰ নাবালিকা ভগ্নীকো যৌন নিৰ্যাতন চলাইছিল চাৰি অভিযুক্তই। ঘটনাস্থলীৰ পৰা ঘৰলৈ উভতি আহি আত্মহত্যাৰ চেষ্টা চলাইছিল ভুক্তভোগীয়ে।

চুবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশৰ ঝান্সী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা যুৱতীগৰাকীৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তথ্য অনুসৰি শুকুৰবাৰে বিয়লি সংঘটিত হয় এই ঘটনা। যুৱতীগৰাকী আৰু কণিষ্ঠ ভগ্নীয়ে স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত অভিযুক্তই সংঘটিত কৰে এই বৰ্বৰোচিত কাণ্ড।

Apply Now

দতিয়াৰ আৰক্ষী অধীক্ষক প্ৰদীপ শৰ্মাই কয় যে, এফআইআৰৰ মতে, উন্নাওৰ এজন বিজেপি নেতাৰ পুত্ৰকে ধৰি চাৰিজন লোকে বলপূৰ্বকভাৱে গাড়ীৰে দুয়োগৰাকী ভগ্নীক পথৰ পৰা তুলি লৈ যায়। তাৰ পৰা তেওঁলোকক এজন অভিযুক্ত ৰামকিশোৰ যাদৱৰ ঘৰলৈ নিয়া হয়। তাতে চাৰি অভিযুক্তই কণিষ্ঠ ভগ্নীৰ সন্মুখত জ্যেষ্ঠ ভগ্নীক দলবদ্ধ ধৰ্ষণ কৰে। লগতে নাবালিকা ভগ্নীকো যৌন নিৰ্যাতন চলোৱা হয়।

দুই ভগ্নীক এই বিষয়ত মুখ খুলিলে পৰিমাণ ভয়াৱহ হ’ব বুলি ভাবুকি প্ৰদান কৰে চাৰি অভিযুক্তই। অভিযুক্তই তেওঁলোকক মুকলি কৰি দিয়া পাছতে ঘৰলৈ উভতি আহি ফাঁচী লৈ আত্মহত্যাৰ চেষ্টা কৰিছিল জ্যেষ্ঠ ভগ্নীয়ে। পৰিয়ালৰ লোকে তেওঁক কেনেবাকৈ উদ্ধাৰ কৰাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে পৰিয়ালৰ লোকে আৰক্ষীক এজাহাৰ দাখিল কৰে।

ইফালে শুকুৰবাৰে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ গ্ৰহণ কৰিবলৈ অত্যন্ত অনিচ্ছা প্ৰকাশ কৰা বুলি পৰিয়ালে দাবী কৰিছে। কেইবা ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আৰক্ষীয়ে এফআইআৰ দাখিল কৰিবলৈ সন্মত হয়।

অৱশ্যে পৰিয়ালৰ এই অভিযোগ আৰক্ষীয়ে অস্বীকাৰ কৰিছে। আৰক্ষী অধীক্ষকৰ দাবী, ‘ধৰ্ষণৰ অভিযোগৰ উপৰিও অভিযুক্তৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। পলাতক দুই অভিযুক্তৰ সন্ধান অব্যাহত আছে। ভুক্তভোগীৰ চিকিৎসা প্ৰতিবেদন অহাৰ পাছতহে তদন্ত অধিক দৃঢ় হ’ব।’

ইফালে এই ঘটনাত বিজেপি নেতাৰ পুত্ৰৰ নাম জড়িত হোৱাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটোক ‘দুৰ্ভাগ্যজনক’ বুলি অভিহিত কৰি দতিয়া বিজেপিৰ জিলা সভাপতি সুৰেন্দ্ৰ বুধোলিয়াই কয়, ‘আৰক্ষীয়ে এতিয়াও ভুক্তভোগীৰ বক্তব্য লিপিবদ্ধ কৰা নাই। আৰক্ষীক দিয়া বিবৃতিত যদি ভুক্তভোগীয়ে কোনো বিজেপি নেতাৰ পুত্ৰৰ নাম উল্লেখ কৰে তেন্তে সেই বিজেপি নেতালৈ দলে জাননী প্ৰেৰণ কৰিব। সেই নেতাৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’

ইফালে অভিযুক্ত নেতাৰ পুত্ৰৰ পৰিয়ালৰ এজন সদস্যই দাবী কৰে যে, ‘এয়া দলবদ্ধ ধৰ্ষণৰ গোচৰ নহয়। যুৱতীগৰাকী আৰু তেওঁৰ ভগ্নীয়ে নেতাৰ পুত্ৰ আৰু তেওঁৰ তিনি বন্ধুৰ সৈতে পাৰ্টি কৰি আছিল। একাংশ লোকে দেখি ঘৰত থকা ছোৱালীকেইজনীক খবৰ দিয়াৰ ভাবুকি দিয়ে। সেই ভয় আৰু লাজতে যুৱতীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল। স্থানীয় ৰাজনীতিক নেতাসকলে নিজৰ স্বাৰ্থত এই ঘটনাক ধৰ্ষণ বুলি চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd