ক’ৰ’ণা হ’লে মমতা বেনাৰ্জীক সাৱটি ধৰিম বুলি কোৱা বিজেপি নেতা আক্ৰান্ত হ’ল ক’ৰ’ণাত

a mamata

সৌসিদিনা ক্ষমতাৰ ৰাগীত মতলীয়া হৈ পৰা বিজেপিৰ এজন নেতাই কৰা  উদ্ভট মন্তব্যই  বেছ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

পশ্চিমবংগ বিজেপিৰ নেতা তথা অলপতে দলটোৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব লাভ কৰা অনুপম হাজৰাই সাংবাদিকৰ আগত কৈছিল যে তেওঁৰ যদি ক’ৰ’ণা হয় তেন্তে তেওঁ প্ৰথমেই সাৱটি ধৰিব বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক।

এনেদৰে তেওঁ মমতাৰ দেহলৈও ক’ৰ’ণা বিয়পাই দিব বুলি ভাবুকি দিছিল।

আজি সঁচাকৈয়ে বিজেপি নেতা হাজৰা ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হয়।শাৰীৰিক অসুস্থতাত ভোগা হাজৰাক আজি কলকাতাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য দক্ষিণ পৰগণাৰ বাৰুইপুৰত কোভিড প্ৰট’কল ভংগ কৰি বিজেপিয়ে অনুষ্ঠিত কৰিছিল বিশাল দলীয় সভা।

সভাত উপস্থিত থকা গৰিষ্ঠ সংখ্যক বিজেপি কৰ্মীয়েই পৰিধান কৰা নাছিল মাস্ক।

সামাজিক দূৰত্বৰ কথাটো ক’ৰৱাতে পৰি ৰৈছিল। বিষয়টো সাংবাদিকে আঙুলিয়াই দিয়াত বিজেপি নেতা অনুপম হাজৰাই কৈছিল যে ক’ৰ’ণাক তেওঁলোকে ভয় নকৰে।ক’ৰ’ণাতকৈয়ো তেওঁলোকৰ বাবে ডাঙৰ শত্ৰু হৈছে মমতা বেনাৰ্জীহে।

ক’ৰ’ণাত মৃত্যু ঘটা লোকৰ মৃতদেহ মমতাই কেৰাচিন ঢালি জ্বলাই দিয়া বুলিও হাজৰাই অভিযোগ কৰিছিল।

তৃণমূল কংগ্ৰেছে বিজেপি নেতাজনৰ বিৰুদ্ধে থানাত গোচৰো ৰুজু কৰিছিল।