NORTHEAST NOW (Assamese)

জেললৈ যোৱা বিজেপি নেতাই হেৰুৱালে বিধানসভাৰ আসন : ২০ বছৰ পুৰণি গোচৰত দোষী সাব্যস্ত হ’ল  বিজেপিৰ বিধায়ক

May 23, 2025 6:45 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

বিধানসভাৰ সদস্য পদ বাতিল হ’ল ৰাজস্থানৰ অন্তৰা সমষ্টিৰ বিজেপি বিধায়ক কনোৱাৰ লাল মীনাৰ। ২০ বছৰ পুৰণি এক গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতেই বিধায়কগৰাকীৰ বিধায়ক পদ খাৰিজ কৰা হয়।

বিধানসভাই এই সন্দৰ্ভত জাৰি কৰা এক অধিসূচনাত কৈছে যে মে’ মাহৰ ১ তাৰিখৰ পৰা বিধায়কগৰাকীৰ সদস্য পদ শেষ হোৱা বুলি গণ্য কৰা হৈছে।

উল্লেখ্য যে এই গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত বিধায়কগৰাকীক তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছে।

ৰাজস্থান বিধানসভাৰ অধ্যক্ষ বাসুদেৱ দেৱনানীয়ে ৰাজ্যখনৰ মহাধিবক্তা আৰু জ্যেষ্ঠ অধিবক্তাসকলৰ পৰা মতামত বিচাৰিছিল, তাৰ পিছত কাঁৱাৰ লাল মীনাৰ বিধানসভাৰ সদস্যপদ সমাপ্ত কৰাৰ বাবে অধিসূচনা জাৰি কৰা হৈছে।

বিশ বছৰ পূৰ্বে বিধায়ক কনোৱাৰ লালে এছডিএমক পিষ্টল দেখুৱাই ভাবুকি দিয়াৰ অপৰাধত তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

ইয়াৰ পিছত তেওঁ ৭ মেত উচ্চতম ন্যায়ালয়ত আপিল কৰে। উচ্চতম ন্যায়ালয়ে তেখেতৰ আপীল নাকচ কৰি দুসপ্তাহৰ ভিতৰত বিচাৰ আদালতত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নোপোৱাৰ পিছত ৯ মেত বিচাৰ আদালতে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰে।

বুধবাৰে বিচাৰ আদালতত আত্মসমৰ্পণ কৰে কনোৱাৰ লাল মীনাই। আদালতৰ নিৰ্দেশত তেওঁক ঝলাৱাৰৰ আকলেৰা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

Related News