NORTHEAST NOW (Assamese)

বিধেয়ক বাতিল নোহোৱালৈকে কাকজান মহাবিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ বিজেপি নেতা-পালিনেতাৰ

January 15, 2019 4:21 pm · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ছাত্ৰ সমাজে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ সময়তে এই জাতিদ্ৰোহী বিধেয়ক বাতিল নকৰা পৰ্যন্ত কাকজান মহাবিদ্যালয়ত বিজেপি নেতা তথা পালিনেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰা সকলকো নিষিদ্ধ ঘোষণা কৰিছে।

অলপতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ এখন সভাত অংশ লৈ এই সিদ্ধান্তৰ কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ছাত্ৰ একতা সভাৰ সভাপতি সমীৰণ ঠাকুৰ আৰু সাধাৰণ সম্পাদক অভিনৱ গগৈয়ে।

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ লগতে কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাইও নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত চৰকাৰী পক্ষৰ নেতাসকলক মহাবিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি ১১ জানুৱাৰিত স্পষ্ট কৰি দিছিল।

এই সন্দৰ্ভত বিধেয়কখন বাতিল নোহোৱা পৰ্যন্ত আটাইকেইখন মহাবিদ্যালয়ৰ চৌহদত বিজেপি নেতাই প্ৰৱেশ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে। লগতে মহাবিদ্যালয়ৰ কোনো অনুষ্ঠানতে অংশ ল’ব নোৱাৰবি বুলি উল্লেখ কৰে।

Related News