ৰাতি ভাল টোপনিৰ বাবে মহিলা মন্ত্ৰীক সুৰাপান কৰিবলৈ আহ্বান বিজেপি নেতাৰ

এজন বিজেপি নেতাৰ মন্তব্যই দেশৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে৷ কৰ্ণাটকৰ বিজেপি নেতা সঞ্জয় পাটিলে কংগ্ৰেছ নেত্ৰী তথা ৰাজ্যখনৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী লক্ষ্মী হেব্বলকাৰক ৰাতি ভালদৰে শুবলৈ “এটা অতিৰিক্ত পেগ” ল’বলৈ পৰামৰ্শ দিয়াৰ পাছতে বিতৰ্কৰ সৃষ্টি হৈছে।

হেব্বলকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ বিজেপিৰ প্ৰাক্তন বিধায়ক সঞ্জয় পাটিলে কৰ্ণাটকত বিজেপিৰ উত্থানে হেব্বলকাৰক বহুত চিন্তিত কৰিব বুলি কয় আৰু মন্ত্ৰীগৰাকীক ভাল টোপনিৰ বাবে টোপনিৰ বড়ি বা অতিৰিক্ত পেগ খাবলৈ পৰামৰ্শ দিয়ে।

কৰ্ণাটক কংগ্ৰেছে বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে সঞ্জয় পাটিলে লক্ষ্মী হেব্বলকাৰৰ ওপৰত কৰা মন্তব্যৰ জৰিয়তে সকলো মহিলাৰ বাবে অপমানসূচক।কংগ্ৰেছে লগতে কয় যে “বিজেপিৰ নাৰী বিৰোধী মনোভাৱ বৃদ্ধি পাইছে”।

কৰ্ণাটক কংগ্ৰেছে এক্সযোগে কয় যে, “যিজনে নাৰীক হেয়জ্ঞান কৰে তাৰ অৰ্থ হ’ল তেওঁলোকৰ পতন আৰম্ভ হৈছে। বিজেপি আৰু জেডিএছ দলৰ অৱনতি আৰম্ভ হৈছে, গতিকে তেওঁলোকৰ নাৰী বিৰোধী মনোভাৱ বাঢ়িছে৷”

উল্লেখযোগ্য যে, হেব্বলকাৰৰ পুত্ৰ মৃণাল ৰবীন্দ্ৰ হেব্বলকাৰে বিজেপিৰ প্ৰাৰ্থী তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শেত্তাৰৰ বিৰুদ্ধে বেলাগাৱী আসনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।