• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অপৰাধীক ধৰিবলৈ গৈ ৰাইজৰ ৰোষত আৰক্ষী! সংঘৰ্ষত নিহত এগৰাকী মহিলা, পাঁচ আৰক্ষী জোৱানো নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2022 12:26 pm
Uttarakhand Shootout
191
VIEWS
Share on FacebookShare on Twitter

এক ‘ৱাণ্টেড’ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লক্ষ্যৰে উত্তৰাখণ্ডত প্ৰৱেশ কৰি সংকটত পৰিছে উত্তৰ প্ৰদেশ আৰক্ষী। অপৰাধীক ধৰিবলৈ গৈ ৰাইজৰ সৈতে সংঘৰ্ষত জড়িত হৈ পৰাৰ পিছতে এগৰাকী মহিলাৰ মৃত্যুত অভিযুক্ত হৈ পৰিছে উত্তৰ প্ৰদেশৰ মোৰাদাবাদ আৰক্ষী।

প্ৰকাশিত খবৰ অনুসৰি, বুধবাৰে মোৰাদাবাদ আৰক্ষীৰ এটা দলে এক ‘ৱাণ্টেড’ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যে উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলাৰ ভৰতপুৰ গাঁৱত প্ৰৱেশ কৰিছিল।

কিন্তু আৰক্ষীৰ দলটো গাঁওখনত উপস্থিত হোৱাৰ পূৰ্বেই অপৰাধীজনে গাঁৱৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে গাঁৱৰ মাজত অপৰাধী গৰাকীৰ সন্ধানত অভিযান চলাই থাকোঁতেই স্থানীয় বাসিন্দাসকলে তেওঁলোকক বেৰি ধৰে।

ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। সংঘৰ্ষত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পাছতে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। স্থানীয় লোকৰ আক্ৰমণত উত্তৰ প্ৰদেশ আৰক্ষীৰ পাঁচগৰাকী জোৱানো আহত হয়।

ইফালে উত্তৰাখণ্ড আৰক্ষীয়ে জনোৱা অনুসৰি মোৰাদাবাদ আৰক্ষীয়ে জাফৰ নামৰ অপৰাধী গৰাকীৰ সন্ধানত অনুমতি অবিহনেই উধম সিং নগৰত উপস্থিত হৈছিল।

জানিব পৰা মতে নিহত মহিলাগৰাকী স্থানীয় এগৰাকী বিজেপি নেতাৰ পত্নী। পত্নীৰ মৃত্যুৰ পাছতে বিজেপি নেতাগৰাকীয়ে এই ঘটনাৰ চিবিআই তদন্ত দাবী কৰিছে।

আনহাতে সংঘৰ্ষত আহত পাঁচ আৰক্ষী জোৱানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি উত্তৰ প্ৰদেশ আৰক্ষীয়ে জানিবলৈ দিছে। তদুপৰি ঘটনাৰ পিছত দুগৰাকী জোৱান সন্ধানহীন হৈ আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd