বিজেপিত সমস্যা হৈ উঠিছে ‘নিবনুৱা সদস্য’!

বিজেপিৰ সক্ৰিয় সদস্যৰ মন্তব্য, "কা-বিৰোধী আন্দোলনত আমিও জড়িত হৈ আছো"

বিজেপিত যোগদান কৰাৰ সময়ত নিবনুৱা সন্থাৰ প্ৰাক্তন সভাপতি নীলমণি হাজৰিকা। যোৱা বছৰৰ ২৭ এপ্ৰিলৰ এটা ৰাজনৈতিক দৃশ্য।

যোৱা বৰ্ষৰ ২৭ এপ্ৰিলত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত লগত ৩০০ সদস্য লৈ বিজেপিত যোগদান কৰা নিবনুৱা সন্থাৰ প্ৰাক্তন সভাপতি নীলমণি হাজৰিকা এতিয়া মূৰৰ কামোৰণিত পৰিণত হৈছে দলটোৰ বাবে।

৪ ফেব্ৰুৱাৰিত হাজৰিকাই এখন সংবাদমেল সম্বোধন কৰি বিজেপি আৰু চৰকাৰখনক তীব্ৰ সমালচনা কৰে।

যোনা বছৰৰ এপ্ৰিলত হাজৰিকাই বিজেপি দলৰ সক্ৰিয় সদস্য ভৰ্তি পত্ৰ খোদ মুখ্য মন্ত্ৰীৰ পৰা গ্ৰহণ কৰিছিল।

বিজেপিত যোগদান কৰাৰ পাছতো বৰ্তমান সদৌ অসম নিবনুৱা সন্থাৰ আইনী উপদেষ্টা হিচাপে কাৰ্য্য নিৰ্বাহ কৰি আছে নীলমণি হাজৰিকাই।

গুৱাহাটী প্ৰেছ ক্লাবত সংগঠনটোৰ সভাপতি ধৰ্মেন্দ্ৰ দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই জলসিঞ্চন বিভাগৰ নিযুক্তিৰ বেমেজালিক লৈ সম্বোধন কৰা সংবাদমেলত উপস্থিত থকা হাজৰিকাই সংগঠনটোৰ আইনী উপদেষ্টা বুলি পৰিচয় দিয়ে।

বিজেপিত থাকি বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে তথা নিবনুৱা সমস্যাৰ ওপৰত নিজৰ বক্তৱ্য ৰখাৰ পাছত সাংবাদিকে তেওঁক কিছুদিন পূৰ্বে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিজেপিত যোগদান কৰাৰ কথা মনত পেলাই দিয়াত কয়, “‘নিশ্চয়কৈ চৰকাৰৰ প্ৰতি আমাৰ আস্থা কমি আহিছে। যাৰ কাৰণে আমি চৰকাৰক আমাৰ দাবী চনদ দিয়াৰ পাছতো নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। আনকি সদৌ অসম নিবনুৱা সন্থাক মুখ্য মন্ত্ৰীয়ে সাক্ষাৎ দিয়া নাই।‘

বিজেপিৰ পৰা পদত্যাগ কৰিছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত হাজৰিকাৰ মন্তব্য, “মই বিজেপিত কোনো বিষয়বাব লোৱা নাছিলো। গতিকে পদত্যাগৰ প্ৰশ্নটো নাহে।”

কা-বিৰোধী আন্দোলনত সকলো অসমবাসীৰ সৈতে থকাৰ কথা উল্লেখ কৰি তেওঁ কয়, “কা-বিৰোধী আন্দোলনত আমিও জড়িত হৈ আছো। চৰকাৰৰ যিবোৰ বেয়া কাম সেয়া আমি সদায় বিৰোধ কৰি যাম। মই য’তেই নাথাকো বেয়া কাম দেখিলেই প্ৰতিবাদ কৰি যাম।”

“মই দলৰ মজিয়াত থাকিয়েই বিজেপি চৰকাৰৰ বেয়া কাম-কাজৰ প্ৰতিবাদ কৰি যাম। চৰকাৰখনে নিবনুৱাক সংস্থাপন দিব পৰা নাই। যাৰ বাবে আমি সংবাদমেল আয়োজন কৰিছো”, হাজৰিকাৰ মন্তব্য।

সংবাদমেলত সদৌ অসম নিবনুৱা সন্থাৰ সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই সংগঠনটোৰ ১৩ দফীয়া দাবী চনদ দাঙি ধৰে। ইয়াৰে মূল দাবীসমূহ তলত উল্লেখ কৰা হ’ল।