আকৌ যৌন কেলেংকাৰীত বিজেপিৰ মন্ত্ৰী : হাৰিয়ানাৰ ক্ৰীড়া মন্ত্ৰীৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ

উল্লেখ্য যে বিজেপিৰ টিকটত কুৰুক্ষেত্ৰৰ পেহোৱাৰ পৰা বিধায়ক হৈছিল সন্দীপ সিং। তেওঁ আছিল এজন পেছাদাৰী হকী খেলুৱৈ। ভাৰতীয় জাতীয় হকী দলৰ অধিনায়ক আছিল মন্ত্ৰী সন্দীপ সিঙ।

আমাৰ দেশত যৌন কেলেংকাৰীত ইতিমধ্যে বহুতো নেতা বা মন্ত্ৰীৰ নাম সোমাইছে। কিছুমানে শাস্তি পাইছে। কিছুমানে নাই পোৱা। এইবাৰ যৌন নিৰ্যাতন আৰু অপৰাধমূলক ভাবুকিৰ গোচৰ ৰুজু হৈছে হাৰিয়ানাৰ ক্ৰীড়া মন্ত্ৰী সন্দীপ সিঙৰ বিৰুদ্ধে।

চণ্ডীগড় আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে এগৰাকী জুনিয়ৰ এথলেটিকছ প্ৰশিক্ষকে বিজেপিৰ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত গোচৰটো ৰুজু কৰিছে চণ্ডিগড় আৰক্ষীয়ে। অৱশ্যে এই অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে মন্ত্ৰীগৰাকীয়ে।

অভিযোগকাৰী মহিলাগৰাকীয়ে ভাৰতীয় ৰাষ্ট্ৰীয় লোকদলৰ কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি মন্ত্ৰীগৰাকী বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে।

সন্দীপ সিঙক অনতিপলমে বৰ্খাস্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিষয়টোৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰিবলৈ দাবী জনাইছে অভিযোগকাৰীয়ে।

অভিযোগকাৰী মহিলাগৰাকীয়ে চৰকাৰ তথা প্ৰশাসনৰ পৰা নিৰাপত্তাও বিচাৰিছে।

বিভিন্ন মহলৰ লগতে এই ঘটনাৰ উচিত তদন্ত দাবী কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দৰ সিং হুডাই।

অভিযোগকাৰীয়ে কোৱা মতে তেওঁ প্ৰথমে সন্দীপক জিমনেছিয়ামত লগ পাইছিল আৰু তাৰ পিছত ইনষ্টাগ্ৰামত দুয়োৰে মাজত সংযোগ স্থাপন হৈছিল। তাৰ পিছত মন্ত্ৰী সন্দীপ সিঙে মহিলাগৰাকীক লগ কৰিবলৈ ইনষ্টাগ্ৰামত মেছেজ কৰে। সেই সময়ত মন্ত্ৰীগৰাকীয়ে অভিযোগকাৰী মহিলাগৰাকীক কৈছিল যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলাৰ প্ৰমাণ পত্ৰৰ সম্পৰ্কে মহিলাগৰাকীৰ লগত তেখেতৰ প্ৰয়োজনীয় কথা আছে।

অভিযোগকাৰীৰ মতে ইয়াৰ পিছতে তেওঁ মন্ত্ৰী সন্দীপ সিঙৰ বাসভৱনত তেখেতক লগ কৰিবলৈ সন্মত হয় আৰু লগ কৰিবলৈ যায়। তাতেই খেলুৱৈগৰাকীয়ে মন্ত্ৰী সন্দীপ সিঙৰ যৌন আতিশৰ্য্যৰ বলি হ’ব লগা হয়।

লগতে খেলুৱৈগৰাকীয়ে কয় যে – দুৰ্ভাগ্যজনকভাৱে ফেডাৰেচনৰ পৰা মোৰ প্ৰমাণ পত্ৰ ভুল ঠাইত ৰখা হৈছে। বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছে।

উল্লেখ্য যে বিজেপিৰ টিকটত কুৰুক্ষেত্ৰৰ পেহোৱাৰ পৰা বিধায়ক হৈছিল সন্দীপ সিং। তেওঁ আছিল এজন পেছাদাৰী হকী খেলুৱৈ। ভাৰতীয় জাতীয় হকী দলৰ অধিনায়ক আছিল মন্ত্ৰী সন্দীপ সিঙ।

কোন সঁচা? কোন মিছা? এতিয়া প্ৰশাসনে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যনীয়।