লোকসভা নিৰ্বাচন : এমাহতে ৰাজ্যৰ নগৰসমূহৰ উন্নয়নৰ কাম সম্পন্ন কৰাৰ ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ

লোকসভা নিৰ্বাচনত হাৰিবলগীয়া হ’লে বিজেপিৰ প্ৰত্যেকজন কৰ্মী চৰম বিপৰ্যয়ৰ সন্মুখীন হ’ব : পীযুষ হাজৰিকা

সন্মুখত লোকভা নিৰ্বাচন, সেয়েহে শাসনত থাকিও পাঁচবছৰে সম্পন্ন কৰিব নোৱাৰা কামসমূহ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বে  আৰম্ভ কৰিবলৈ আধাৰশিলা স্থাপনৰ ৰাজনীতিত ব্যস্ত হৈ পৰিছে শাসকীয় দল বিজেপি। তাৰ মাজতে মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰীয়ে দি গৈছে বহু প্ৰতিশ্ৰুতিৰ বন্যা।

তেনে সময়তে নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্ৰ উন্নয়ন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাইয়ো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত হোৱা ‘পৌৰ নিগম, পৌৰসভা আৰু নগৰ সমিতি সমূহৰ বিগত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী সকলৰ ভাৰতীয় জনতা পাৰ্টিৰ বিশেষ সাংগঠনিক সভা’ত এমাহৰ ভিতৰতে নগৰসমূহৰ উন্নয়ন কৰাৰ লক্ষ্য আগত ৰাখি ঘোষণা কৰে কেতবোৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি।

আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ কমেও ১০ খন আসন দখলৰ লক্ষ্য আগত ৰাখি মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ নগৰসমূহক উন্নত কৰাক কেন্দ্ৰ কৰি ডিব্ৰুগড় পৌৰ সভাৰ বাবে ১০ কোটি ৫০ লাখ টকা মোকলাই দিয়াৰ কথা উল্লেখ কৰে।

ইয়াৰোপৰি ৰাজ্যৰ ১৯ খন নগৰত ১৯ টা নগৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে অহা ৪-৫ দিনৰ ভিতৰত ধন সমূহ আবণ্টন দিয়া হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীজনে। লগতে এই টাউন হল নিৰ্মাণৰ ১২১ কোটি টকা ধায্য কৰা হৈছে বুলিও তেওঁ জনায়।

সভাত মন্ত্ৰী পীযুষে নগৰসমূহ পোহৰাই তোলাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে, ‘‘হাইমাছ লাইট’ৰ বাবদ ৭৫ কোটি টকাৰ নিবিদা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। এলৱাৰ্ণক এই নিবিদা দিয়া হৈছে। প্ৰায় ১৩০০ হাইমাছ লাইট নগৰসমূহত লগোৱা হ’ব। অহা এসপ্তাহৰ ভিতৰত লাইট লগোৱা কাম আৰম্ভ হৈ যাব।‘

তেওঁ লগতে নগৰ অঞ্চলৰ ৮২০০ আত্ম সহায়ক গোটক ১০ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও ভাষণ প্ৰসংগত কয়। ইয়াৰোপৰি মন্ত্ৰী গৰাকীয়ে, ‘নগাঁও আৰু শিলচৰত পানী যোগান আঁচনিৰ বাবদ ২০০ কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিছে আৰু ইতিমধ্যে ইয়াৰ আধাৰশিলা স্থাপনৰ কাম সম্পন্ন কৰা হৈছে। ড্ৰেইন নিৰ্মাণৰ বাবে ৩০০ কোটি টকা অসম চৰকাৰৰ পৰা অনুমোদন লাভ কৰিছে’ বুলি কয়।

আনহাতে মন্ত্ৰীত্বৰ ১০ মহীয়া কালত নগৰসমূহৰ মূল সমস্যা উপলব্ধি কৰি মন্ত্ৰী হাজৰিকাই ড্ৰেইন, লাইট আৰু ৰাস্তাৰ সমস্যাই নগৰসমূহৰ মূল সমস্যা বুলি উল্লেখ কৰি এই ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে বুলি হাজৰিকাই কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে নগৰসমূহৰ জাৱৰ নিষ্কাশনৰ বাবদ চৰকাৰে ধন দিছে যদিও কিছুসংখ্যক নগৰ সমিতিয়ে এই ধনৰ সদব্যৱহাৰ নকৰা বুলি ভাষণ প্ৰসংগত হাজৰিকাই স্বীকাৰ কৰে।

‘জাৱৰ নিষ্কাশনৰ বাবদ শিলচৰত ৩ কোটি, গুৱাহাটীত ৪ কোটি, বিলাসীপাৰাত ৫৪ লাখ আৰু চাপৰত ৪২ লাখ টকাৰ লগতে প্ৰত্যেকখন নগৰ কমিটিক ইতিমধ্যে ধনসমূহ দিয়া হৈছে। কিন্তু নগৰ সমিতিসমূহে খৰচ নকৰাটো বৰ দুখৰ কথা।‘ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

আনহাতে লোসকভা নিৰ্বাচন বিজেপি দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্বাচন বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে, ‘এয়া দেশ ৰক্ষা কৰা নিৰ্বাচন। নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী নহ’লে দেশখন ৫০ বছৰ পিছুৱাই যাব। লোকসভা নিৰ্বাচনত হাৰিবলগীয়া হ’লে বিজেপিৰ প্ৰত্যেকজন কৰ্মী চৰম বিপৰ্জয়ৰ সন্মুখীন হ’ব।’