NORTHEAST NOW (Assamese)

ৰাজেন গোহাঁই ৯০ৰ দশকতো ধৰ্ষণৰ গোচৰত এৰাতি কটাইছিল জাজৰি থানাত : কৃষক শ্ৰমিক উন্নয়ন পৰিষদ

August 12, 2018 5:34 pm · কল্পজ্যোতি শইকীয়া

“ৰাজেন গোহাঁইৰ এই লম্পটৰ চৰিত্ৰটো নতুন নহয়। ৯০-ৰ দশকতো তেওঁ এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ গোচৰত জাজাৰি থানাত এৰাতি কটাইছিল।”

বিজেপিৰ জ্যেষ্ঠ নেতা, ৪বাৰৰ সাংসদ তথা কেন্দ্ৰীয় ৰেইল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ শেহতীয়া ধৰ্ষণৰ গোচৰ সন্দৰ্ভত দেওবাৰে নৰ্থ-ইষ্ট নাওৰ আগত এই মন্তব্য কৰিছে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই। লগতে তেওঁ কয়, “তেওঁক পূৰ্বৰ জাজৰি থানাৰ গোচৰ আৰু বৰ্তমানৰ গোচৰৰ ভিত্তিত অনতি পলমে গ্ৰেপ্তাৰ কৰিব লাগে।”

উল্লেখযোগ্য যে ৰাজেন গোহাঁইৰ বিৰুদ্ধে নাগাৱঁৰ সদৰ থানাত এগৰাকী মহিলাই ধৰ্ষণৰ গোচৰ পঞ্জীয়ন কৰাৰ পাছতো বৰ্তমানলৈকে গ্ৰেপ্তাৰ নোহোৱা তথা তেওঁৰ মন্ত্ৰিত্বৰ পদো খাৰিজ নোহোৱাত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে প্ৰদীপ কলিতাই।

ইপিনে, মহিলাগৰাকীৰ পৰিয়ালৰ লোকে কালি তেওঁলৈ ফোন কৰা বুলি জানিবলৈ দি কলিতাই কয় “তেওঁলোক এতিয়া নিৰাপত্তাহীনতাত ভুগিছে। ৰাজেন গোহাঁইৰ কোনো গুণ্ডাবাহিনীয়ে তেওঁলোকক হেঁচা প্ৰয়োগ কৰাতহে তেওঁলোকে গোচৰটো উঠাই লৈছিল বুলি আমাক ফোনত জনাইছিল। মহিলাগৰাকীৰ আত্মীয়ৰ লোকে আমাক জনোৱা অনুসৰি তেওঁলোকৰ গোচৰটো উঠাই ল’বলৈ মন নাছিল। এতিয়া যদি পুনৰ শক্তিশালী ব্যক্তিক লগ পাই তেন্তে পুনৰ গোচৰটো ৰুজু কৰিব।”

উল্লেখ্য যে, বৰ্তমান তেওঁলোকৰ এনে পৰিস্থিতি হৈছে যে তেওঁলোক নিজৰ ঘৰত নাথাকি পলাই ফুৰিব লগীয়া হৈছে বুলিও তেওঁ আমাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত মন্তব্য কৰে।

আনহাতে, সোমবাৰে অৰ্থাৎ কাইলৈ আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰলৈ মহিলাগৰাকীৰ পৰিয়ালৰ লোকে যদি যাওঁ বুলি কয় তেন্তে তেওঁলোকক আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰলৈ লৈ আহিব আৰু লগতে ৰাজেন গোহাঁইৰ বিৰুদ্ধে এজাহাৰ এখন দাখিল কৰিব বুলি কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতিজনে জনায়।

আনহাতে, সভাপতিজনে আমাৰ আগত কয় যে যদিও মহিলাগৰাকীৰ পৰিয়ালৰ লোকে কেছটো উঠাই ল’ব বিচাৰিছিল, নগাওঁ সদৰ আৰক্ষীয়ে গোচৰটো ইতিমধ্যে পঞ্জীয়ন কৰাৰ বাবে উঠাই ল’বলৈ দিয়া নাই।

ইয়াৰোপৰি বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ প্ৰসংগ টানি তেওঁ ৰেইল মন্ত্ৰীগৰাকীক আজিৰ ভিতৰতে ৰেইল মন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলি দাবী জনায়।

তেওঁ লগতে কয়, “যদি সোণোৱাল চৰকাৰে অহা দুদিনৰ ভিতৰত ৰাজেন গোহাঁইৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ৰাজেন গোহাঁইৰ গৃহ জিলাত ধাৰাবাহিকভাবে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিম।”

তদুপৰি, নগাওঁ জিলাৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ পাছতো চৰকাৰখনে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী পৰ্য্যায়ত সমগ্ৰ অসমতে বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ হুংকৰা দিয়ে কৃষক শ্ৰমিক পৰিষদৰ সভাপতিগৰাকীয়ে।

Related News