• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজেন গোহাঁই ৯০ৰ দশকতো ধৰ্ষণৰ গোচৰত এৰাতি কটাইছিল জাজৰি থানাত : কৃষক শ্ৰমিক উন্নয়ন পৰিষদ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 12, 2018 5:34 pm

2 min read

Rajen Pradip
73
VIEWS
Share on FacebookShare on Twitter

“ৰাজেন গোহাঁইৰ এই লম্পটৰ চৰিত্ৰটো নতুন নহয়। ৯০-ৰ দশকতো তেওঁ এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ গোচৰত জাজাৰি থানাত এৰাতি কটাইছিল।”

বিজেপিৰ জ্যেষ্ঠ নেতা, ৪বাৰৰ সাংসদ তথা কেন্দ্ৰীয় ৰেইল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ শেহতীয়া ধৰ্ষণৰ গোচৰ সন্দৰ্ভত দেওবাৰে নৰ্থ-ইষ্ট নাওৰ আগত এই মন্তব্য কৰিছে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই। লগতে তেওঁ কয়, “তেওঁক পূৰ্বৰ জাজৰি থানাৰ গোচৰ আৰু বৰ্তমানৰ গোচৰৰ ভিত্তিত অনতি পলমে গ্ৰেপ্তাৰ কৰিব লাগে।”

উল্লেখযোগ্য যে ৰাজেন গোহাঁইৰ বিৰুদ্ধে নাগাৱঁৰ সদৰ থানাত এগৰাকী মহিলাই ধৰ্ষণৰ গোচৰ পঞ্জীয়ন কৰাৰ পাছতো বৰ্তমানলৈকে গ্ৰেপ্তাৰ নোহোৱা তথা তেওঁৰ মন্ত্ৰিত্বৰ পদো খাৰিজ নোহোৱাত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে প্ৰদীপ কলিতাই।

ইপিনে, মহিলাগৰাকীৰ পৰিয়ালৰ লোকে কালি তেওঁলৈ ফোন কৰা বুলি জানিবলৈ দি কলিতাই কয় “তেওঁলোক এতিয়া নিৰাপত্তাহীনতাত ভুগিছে। ৰাজেন গোহাঁইৰ কোনো গুণ্ডাবাহিনীয়ে তেওঁলোকক হেঁচা প্ৰয়োগ কৰাতহে তেওঁলোকে গোচৰটো উঠাই লৈছিল বুলি আমাক ফোনত জনাইছিল। মহিলাগৰাকীৰ আত্মীয়ৰ লোকে আমাক জনোৱা অনুসৰি তেওঁলোকৰ গোচৰটো উঠাই ল’বলৈ মন নাছিল। এতিয়া যদি পুনৰ শক্তিশালী ব্যক্তিক লগ পাই তেন্তে পুনৰ গোচৰটো ৰুজু কৰিব।”

উল্লেখ্য যে, বৰ্তমান তেওঁলোকৰ এনে পৰিস্থিতি হৈছে যে তেওঁলোক নিজৰ ঘৰত নাথাকি পলাই ফুৰিব লগীয়া হৈছে বুলিও তেওঁ আমাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত মন্তব্য কৰে।

আনহাতে, সোমবাৰে অৰ্থাৎ কাইলৈ আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰলৈ মহিলাগৰাকীৰ পৰিয়ালৰ লোকে যদি যাওঁ বুলি কয় তেন্তে তেওঁলোকক আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰলৈ লৈ আহিব আৰু লগতে ৰাজেন গোহাঁইৰ বিৰুদ্ধে এজাহাৰ এখন দাখিল কৰিব বুলি কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতিজনে জনায়।

আনহাতে, সভাপতিজনে আমাৰ আগত কয় যে যদিও মহিলাগৰাকীৰ পৰিয়ালৰ লোকে কেছটো উঠাই ল’ব বিচাৰিছিল, নগাওঁ সদৰ আৰক্ষীয়ে গোচৰটো ইতিমধ্যে পঞ্জীয়ন কৰাৰ বাবে উঠাই ল’বলৈ দিয়া নাই।

ইয়াৰোপৰি বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ প্ৰসংগ টানি তেওঁ ৰেইল মন্ত্ৰীগৰাকীক আজিৰ ভিতৰতে ৰেইল মন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলি দাবী জনায়।

তেওঁ লগতে কয়, “যদি সোণোৱাল চৰকাৰে অহা দুদিনৰ ভিতৰত ৰাজেন গোহাঁইৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ৰাজেন গোহাঁইৰ গৃহ জিলাত ধাৰাবাহিকভাবে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিম।”

তদুপৰি, নগাওঁ জিলাৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ পাছতো চৰকাৰখনে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী পৰ্য্যায়ত সমগ্ৰ অসমতে বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ হুংকৰা দিয়ে কৃষক শ্ৰমিক পৰিষদৰ সভাপতিগৰাকীয়ে।

Recent News

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd