NORTHEAST NOW (Assamese)

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

January 21, 2021 7:34 pm · কল্পজ্যোতি শইকীয়া

ধুবুৰীৰ গৌৰীপুৰৰ এখন নিৰ্বাচনী সভাত বিজেপি চৰকাৰ শাসনলৈ আহিলে মছজিদ ভাঙি দিব, বোৰ্খা পিন্ধি বাহিৰলৈ ওলাব নোৱাৰিব মহিলা,দাড়ি টুপী পিন্ধি মুছলমান বাহিৰলৈ ওলাব নোৱাৰিব, কোৰাণত খাবলৈ দিয়া মাংস খাব নোৱাৰিব বুলি চৰম সাম্প্ৰদায়িক মন্তব্য কৰাৰ পাছতে তেওঁক উভটি ধৰিছে সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা বিজেপি নেতা মুমিনুল আৱালে।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁ কয়, ‘এতিয়া অসমত AIUDF ৰ শাসন চলি আছে নেকি? অসমত বা ভাৰতত বিজেপিৰে শাসন চলি আছে। বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ। তেওঁ সাম্প্ৰদায়িকতাৰে ৰাজনীতি কৰি আহিছে।‘

‘ৰাজনীতিৰ বাবে বদৰুদ্দিন আজমলে ধৰ্মৰ আশ্ৰয় লৈছে। অসমৰ ৰাজনীতিত ধৰ্মীয় মেৰুকৰণৰ মূল পুজাৰী হৈছে বদৰুদ্দিন আজমল।‘ এইদৰে কয় মুমিনুল আৱালে।

উল্লেখযোগ্য যে, বদৰুদ্দিন আজমলে কৰা এই চৰম সাম্প্ৰদায়িক মন্তব্যৰ পাছতে মহাজোঁটৰ অন্যতম নেতা তথা আঞ্চলিক গণমৰ্চাৰ সভাপতি অজিত ভুঞাই তেওঁক গৰিহণা দিয়াৰ লগতে মহাজোঁটত থাকি সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ সকিয়াই দিছিল।

Related News