NORTHEAST NOW (Assamese)

স্বৰ্ণ পদক বিজয়ী বক্সাৰ যমুনা বড়োক এক বিঘা মাটি প্ৰদান বিধায়কৰ

May 28, 2019 12:18 pm · এন ই নাও নিউজ
বক্সাৰ যমুনা বড়ো।ইন্টাৰনেটৰ পৰা সংগৃহীত

সদ্য সমাপ্ত দ্বিতীয় ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা অসম কন্যা যমুনা বড়োক সোমবাৰে গৃহভূমি ঢেকীয়াজুলিত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় স্থানীয় বিধায়ক অশোক সিংঘালে।

বক্সাৰ গৰাকীয়ে ভাৰতৰ হৈ পদক অৰ্জন কৰাটো অসমৰৰ বাবে তথা ঢেকীয়াজুলিবাসীৰ বাবে অতিকৈ গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে। যমুনাৰ প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ কৰি বিধায়ক সিংঘালে বক্সাৰ গৰাকীক এক বিঘা মাটি প্ৰদান কৰে।

উল্লেখ্য যে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাখনত অসমৰ যমুনা বড়োৱে মহিলাৰ ৫৪ কেজি শাখাত সন্ধ্যাৰাণীক ৫-০ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে যমুনাই ইতিমধ্যে বক্সিংঙত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ উমান দাঙি ধৰি বিভিন্ন সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

Related News