• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধেয়ক বিৰোধী আন্দোলনক নিষ্প্ৰভ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ বিজয় সুচল কৰিছিল আৰ এছ এছে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2019 11:57 am
dibru-rss-750x375-1140x570

আৰ এছ এছৰ শক্তি সঞ্চালন। ফাইল ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত বিধেয়ক বিৰোধী আন্দোলনে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিজেপিক চিন্তিত কৰি তুলিছিল যদিও আৰ এছ এছে এই প্ৰতিকূল পৰিস্থিতিক নিষ্প্ৰভ কৰি বিজেপিৰ বিজয় সুচল কৰি তুলিছিল। আনকি এই অঞ্চলটোত বিজেপিয়ে এতিয়ালৈকে ইয়াৰ সৰ্বোৎকৃষ্ট ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে।

২০১৪ চনত বিজেপিয়ে অসমত লোকসভা নিৰ্বাচনত লাভ কৰা সাতখন আসনৰ পৰা এইবাৰ নখন আসনলৈ বৃদ্ধি কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত বিজেপিয়ে ইয়াৰ পূৰ্বৰ ৮ খন আসনৰ পৰা ১৪ খন আসনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ ২৫ খন আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন এন ডিএই  ১৮খন আসনত বিজয় সাৱ্যস্ত কৰিছে।

Apply Now

নিৰ্বাচনৰ পূৰ্বে আৰএছএছৰ কেডাৰসকলে এটা জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছিল আৰু জনসাধাৰণক বিধেয়কখনে কেনেকৈ খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব তাৰ বাখ্যা দাঙি ধৰিছিল। আৰএছএছে বিলখনত কি আছে আৰু অসমত ইয়াৰ কিয় প্ৰয়োজন সেই বিষয়ে উল্লেখ কৰি প্ৰায় ৯০ লাখ পুস্তিকা বিতৰণ কৰিছিল।

উল্লেখযোগ্য যে বিগত এবছৰ ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলক আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা লোকসকলক ভাৰতীয় নাগৰিকত্ব দিব বিচৰা বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন, প্ৰতিবাদ আদিয়ে উত্তাল কৰি ৰাখিছিল। অৱশ্যে,  বাংলাভাষী অধ্যুষিত বৰাকত বিধেয়কখনক বহু সংগঠনে সমৰ্থন কৰিছিল।

নাম প্ৰকাশত অনিচ্ছুক আৰ এছএছৰ এগৰাকী জ্যেষ্ঠ নেতাৰ উদ্ধৃতি দি ইক’নমিকছ টাইমে লিখিছে : ‘’বিধেয়কখন সন্দৰ্ভত কংগ্ৰেছ আৰু কিছুমান সংগঠনে ভুল তথ্যৰে প্ৰচাৰ চলাইছিল। আমি আমাৰ মানুহবোৰক বিধেয়কখনে যে খিলঞ্জীয়া লোকক সুৰক্ষা দিব ৰাইজক তাৰ বাখ্যা আগবঢ়াবলৈ নিৰ্দেশ দিছিলো। আমি আমাৰ কৰ্মীসকলক শংকা অতিক্ৰমি বিধেয়ক বিৰোধী প্ৰচাৰৰ বিৰুদ্ধে কাম কৰিবলৈ উদ্বুদ্ধ কৰিছিলো।‘’

তেওঁ লগতে কয় : ‘’চলিত বছৰৰ ৮ জানুৱাৰিত লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছত বিধেয়ক বিৰোধী আন্দোলন তুংগত উঠাৰ সময়তে ৩০ জানুৱাৰিত তিনিচুকীয়াত বিজেপিৰ জিলা সভাপতি লংকেশ্বৰ মৰানক প্ৰতিবাদকাৰীয়ে বেয়াকৈ প্ৰহাৰ কৰিছিল। ইয়াৰ পাছতে আমি কৰ্মীসকলক সভা অনুষ্ঠিত কৰি ৰাইজক লগ ধৰাৰ বাবে আহ্বান জনাওঁ। গোলাঘাটত এখন সভা আয়োজন কৰা হৈছিল আৰু তাত ৩০০ৰপৰা ৪০০ লোক উপস্থিত আছিল। এই সৰু সভাখনত ৰাইজৰ পৰা লাভ কৰা সঁহাৰিয়ে আমাৰ প্ৰত্যয় বৃদ্ধি কৰিছিল যে ৰাইজে আমাৰ কথা শুনিবলৈ প্ৰস্তুত…,‘’-ইকনমিকছ টাইমত  প্ৰকাশ পাইছে এইদৰে।

বিভিন্ন স্থানত ৰাইজে প্ৰশ্ন কৰিছিল কিন্তু আৰএছএছৰ কৰ্মীসকলে ইয়াৰ প্ৰত্যুত্তৰত কৈছিল : ‘’আমি বাখ্যা কৰিছিলো যে এইটো তেনেকুৱা কথা নহয় আৰু নাগৰিকত্ব প্ৰদানৰ বাবে চৰ্তাৱলী আছে তথা কোনোৱে খিলঞ্জীয়া লোকৰ মাটি কাঢ়ি নিব নোৱাৰে। ৰাইজে আমাক বিশ্বাস কৰিছিল আৰু লোকসভাৰ নিৰ্বাচনৰ ফলাফলেই তাক প্ৰমান কৰে,’’-আৰএছএছৰ জ্যেষ্ঠ নেতাজনে জানিব দিয়ে।

কাকতখনত প্ৰকাশ পোৱা মতে তেওঁ লগতে কয়, ‘’প্ৰতিবাদৰ প্ৰধান কেন্দ্ৰ উজনি অসমত আমি আটাইকেইখন আসনতে জয়লাভ কৰিছো। গুৱাহাটী আসনখন বিজেপিয়ে লাভ কৰিছে। দুটা দশকৰ পাছত আমি বৰাক উপত্যকাৰ দুয়োখন আসনতে জয়লাভ কৰিছো।‘’

আনহাতে, আৰএছএছৰ জ্যেষ্ঠ নেতাজনে জানিবলৈ দিয়ে যে সংগঠনটোৱে অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহক যোগ্য প্ৰত্যুত্তৰ দিছে।

উল্লেখযোগ্য যে বিজেপিৰ সহযোগী দলকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ১১ টা ৰাজনৈতিক দলে বিধেয়কখনৰ বিৰোধিতা কৰিছিল। তদুপৰি, লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছত বিজেপিৰ মিত্ৰজোঁটৰ পৰা অসম গণ পৰিষদ দলে সমৰ্থন প্ৰত্যাহাৰ কৰিছিল যদিও ৰাজ্যসভাত বিধেয়কখন উত্থাপন নোহোৱাৰ পাছত পুনৰ ঘুৰি আহে।

যি কি নহওক, অসম তথা উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ বিধেয়ক বিৰোধী আন্দোলনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি বিজেপিয়ে নিৰ্বাচনত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল আৰু ইয়াৰ কৃতিত্বৰ প্ৰধান অংশীদাৰ হ’ল আৰএছএছ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd