NORTHEAST NOW (Assamese)

এইবাৰ অসমৰ এগৰাকী বিজেপি বিধায়ক ক’ৰ’নাত আক্ৰান্ত

June 22, 2020 9:56 pm · কল্পজ্যোতি শইকীয়া
Updated: June 22, 2020 10:10 pm
বিধায়ক কৃষ্ণেন্দু পাল। ফটো উৎস : ফেইচবুক

সাধাৰণ জনতা, স্বাস্থ্যকৰ্মীৰ পিছত এইবাৰ অসমত প্ৰথমগৰাকী জনপ্ৰতিনিধি ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি চাঞ্চল্যকৰ খবৰ আহিছে।

নিৰ্ভৰযোগ্য খবৰ অনুসৰি কৰিমগঞ্জৰ পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পাল আক্ৰান্ত হৈছে ক’ৰ’নাত।

বিজেপিৰ এক উচ্চস্তৰীয় সূত্ৰই আমাৰ সাংবাদিকক জনাইছে এই কথা।

তেওঁক  বৰ্তমান বৰাকৰ কোনো ক’ভিড-১৯ হাস্পতালত  ভৰ্তি কৰা হৈছে বুলি সূত্ৰটোৱে জনায়।

বিধায়কজন তিনি-চাৰি দিন ধৰি জ্বৰত আক্ৰান্ত হৈ থকাত যোৱা ১৮ জুনত তেওঁৰ স্বাৱ টেষ্ট কৰা হৈছিল।

ইয়াৰ পাছত আজি তেওঁৰ ৰিজাল্ট পজিটিভ আহে।

অৱশ্যে জ্বৰ হোৱাৰ পাছৰে পৰা তেওঁ ঘৰতে কোৱাৰেন্টাইন হৈ আছিল।

বিধায়কজনৰ পৰিয়ালৰ লোককো বৰ্তমান কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে।

ইপিনে, ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজখনত তেওঁ এগৰাকী সৈনিক হিচাপে নিজ সমষ্টি পাথাৰকান্দিত যুঁজ দি আহিছিল।

তেওঁৰ দেহলৈ ক’ৰ পৰা এই মাৰাত্মক ভাইৰাছ সংক্ৰমণ হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

জানিব পৰা মতে, বৰ্তমান তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰি আছে জিলা প্ৰশাসনে।

উল্লেখযোগ্য যে, বৰ্তমানলৈকে ৰাজ্যত মুঠ ৫৫৮৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৫২১ গৰাকী লোক ক’ৰ’নামুক্ত হৈ ঘৰলৈ উভতিছে।

এতিয়ালৈকে ১১ গৰাকী লোকে অসমত ক’ৰ’না আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।

Related News