• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এইবাৰ অসমৰ এগৰাকী বিজেপি বিধায়ক ক’ৰ’নাত আক্ৰান্ত

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 22, 2020 10:10 pm

1 min read

এইবাৰ অসমৰ এগৰাকী বিজেপি বিধায়ক ক’ৰ’নাত আক্ৰান্ত

বিধায়ক কৃষ্ণেন্দু পাল। ফটো উৎস : ফেইচবুক

4k
VIEWS
Share on FacebookShare on Twitter

সাধাৰণ জনতা, স্বাস্থ্যকৰ্মীৰ পিছত এইবাৰ অসমত প্ৰথমগৰাকী জনপ্ৰতিনিধি ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি চাঞ্চল্যকৰ খবৰ আহিছে।

নিৰ্ভৰযোগ্য খবৰ অনুসৰি কৰিমগঞ্জৰ পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পাল আক্ৰান্ত হৈছে ক’ৰ’নাত।

বিজেপিৰ এক উচ্চস্তৰীয় সূত্ৰই আমাৰ সাংবাদিকক জনাইছে এই কথা।

তেওঁক  বৰ্তমান বৰাকৰ কোনো ক’ভিড-১৯ হাস্পতালত  ভৰ্তি কৰা হৈছে বুলি সূত্ৰটোৱে জনায়।

বিধায়কজন তিনি-চাৰি দিন ধৰি জ্বৰত আক্ৰান্ত হৈ থকাত যোৱা ১৮ জুনত তেওঁৰ স্বাৱ টেষ্ট কৰা হৈছিল।

ইয়াৰ পাছত আজি তেওঁৰ ৰিজাল্ট পজিটিভ আহে।

অৱশ্যে জ্বৰ হোৱাৰ পাছৰে পৰা তেওঁ ঘৰতে কোৱাৰেন্টাইন হৈ আছিল।

বিধায়কজনৰ পৰিয়ালৰ লোককো বৰ্তমান কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে।

ইপিনে, ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজখনত তেওঁ এগৰাকী সৈনিক হিচাপে নিজ সমষ্টি পাথাৰকান্দিত যুঁজ দি আহিছিল।

তেওঁৰ দেহলৈ ক’ৰ পৰা এই মাৰাত্মক ভাইৰাছ সংক্ৰমণ হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

জানিব পৰা মতে, বৰ্তমান তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰি আছে জিলা প্ৰশাসনে।

উল্লেখযোগ্য যে, বৰ্তমানলৈকে ৰাজ্যত মুঠ ৫৫৮৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৫২১ গৰাকী লোক ক’ৰ’নামুক্ত হৈ ঘৰলৈ উভতিছে।

এতিয়ালৈকে ১১ গৰাকী লোকে অসমত ক’ৰ’না আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।

Tags: COVID-19

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd