পাকঘৰত বিজেপি বিধায়ক! ৰান্ধনিক পিঁয়াজ নহয়, পাঁচফুৰণেৰে কাম চলাবলৈ পৰামৰ্শ

প্রশান্ত ফুকন

বজাৰত একপ্ৰকাৰ জুঁই লাগিছে। বয়-বস্তৰ আকাশলংঘী দামে জনসাধাৰণক বিপৰ্যস্ত কৰি তুলিছে। বিশেষকৈ পিঁয়াজৰ চৰা দামে গ্ৰাহকক অসন্তুষ্ট কৰা দেখা গৈছে।

স্বাভাৱিকেত পিঁয়াজৰ দামক লৈ চৰ্চা হৈছে বিভিন্ন মহলত। ৰাজনৈতিক ক্ষেত্ৰখনতো পিঁয়াজৰ মূল্যই উত্তাপ বঢ়াইছে।

পিঁয়াজৰ অপৰিহাৰ্যতা উপভোক্তাৰ ওচৰত যিমান গুৰুত্বপূৰ্ণ, ৰাজনৈতিক নেতাৰ বাবে সেয়া আলোচনাৰ বিষয় নহয়।

বজাৰত মূল্য নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱা চৰকাৰক ৰাইজে সমালোচনা কৰি থকাৰ মাজতে এগৰাকী বিজেপি বিধায়কে চিধাই আহি পাকঘৰত সোমালে।

ডিব্ৰুগড়ৰ বিজেপি বিধায়কে ৰান্ধনিসকলৰ বাবে এক বিশেষ পৰামৰ্শ আগবঢ়াইছে। তেওঁ কৈছে যে পিঁয়াজৰ দাম যদি বাঢ়িছে পাঁচফুৰণেৰে কাম চলাওক।

কিন্তু পিঁয়াজ বনাম পাঁচফুৰণৰ এই সমাধান সূত্ৰ গ্ৰহণ কৰিবলৈ ৰাইজ আগ্ৰহী নহয়। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰা ৰাইজে বিধায়কগৰাকীৰ এনে পৰামৰ্শক এক টুলুঙা মন্তব্য বুলিহে উপলুঙা কৰিছে।

বিধায়ক ফুকনে ঔষধি গুম থকা পাঁচফোৰণ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই কয় যে ৰাইজে পিঁয়াজৰ মূল্যবৃদ্ধিক লৈ চিন্তিত হোৱা উচিত নহয়।

ফুকনে দাবী কৰে যে চহৰৰ এটা পৰিয়ালে য’ত ১কেজি পিঁয়াজ ব্যৱহাৰ কৰে তাত গাঁৱৰ মানুহে মাংস ৰান্ধিবলৈ দুটা পিঁয়াজ ব্যৱহাৰ কৰে।

তেওঁ লগতে কয় যে মানুহে পিঁয়াজৰ দাম কমিলে চৰকাৰক ধন্যবাদ নিদিয়ে। কিন্তু যোগান কমি যোৱাৰ ফলত দাম বাঢ়িলে অভিযোগ কৰে।

ইপিনে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংশ্লিষ্ট বিভাগক মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

সেয়া যিয়েই নহঁওক, মূল্যবৃদ্ধিত অতিষ্ঠ ৰাইজক পিঁয়াজৰ সলনি পাঁচফোৰণ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দি বিজেপি বিধায়কগৰাকীয়ে কমেডি কৰা বুলিহে বহুতে মন্তব্য কৰিছে।