NORTHEAST NOW (Assamese)

ইজনতকৈ সিজন চৰা! হাজেলাক ৰঞ্জিত দাসৰ সকীয়নিৰ পিছতে বিদেশী ন্যায়াধিকৰণবোৰ বন্ধ কৰিবলৈ দাবী শিলাদিত্যৰ

September 25, 2018 10:43 pm · কল্পজ্যোতি শইকীয়া
সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ প্ৰতিবাদ, দিচপুৰ লাষ্টগেইটত।

আজি দিচপুৰ লাষ্টগেইটত প্ৰতীক হাজেলাৰ ৫বিধ নথি অগ্ৰাহ্য কৰাৰ পৰামৰ্শৰ বিৰুদ্ধে প্ৰতিবাদত বহা সদৌ অসম বাঙালী ছাত্ৰ ফেডাৰেইশ্যনৰ কাৰ্য্যসূচীত উপস্থিত থাকি বিজেপিৰ বিধায়ক শিলাদিত্য দেবে উদাত্ত কণ্ঠে ভাষণ দিয়ে।

একেখন সভাতে উপস্থিত থকা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসতকৈও বিস্ফোৰক মন্তব্য কৰে শিলাদিত্য দেবে। তেওঁ বিশেষকৈ বিদেশী ন্যায়াধিকৰণবোৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে বিদেশী ন্যায়াধিকৰণবোৰ বন্ধ কৰি দিব লাগে।

“উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ তথ্য কাৰ্যকৰী পৰিষদক নিদিয়াৰ নিৰ্দেশ দিছে, তেন্তে কি যুক্তিত বিদেশী ন্যায়াধিকৰণসমূহ থাকিব লাগে।” এইদৰে কয় বিধায়কজনে।

ডি-ভোটাৰ মানে কি? হয় নাগৰিক হ’ব, নাইবা বিদেশী হ’ব। ইয়াত আকৌ ডি ভোটাৰৰ কথা ক’ৰ পৰা আহিল? -প্ৰশ্ন কৰে শিলাদিত্যই।

“ডি-ভোটাৰ বুলি যদি কয়, তেন্তে মই ডি-বিধায়ক মানে সন্দেহজনক বিধায়ক হৈ যাম।” শিলাদিত্যৰ প্ৰশ্ন।

‘দেশী ন্যায়াধিকৰণসমূহ শীঘ্ৰেই বন্ধ কৰি দিব লাগে।‘ বুলি কৈ শিলাদিত্যই কয়, “১৯৫১ চনৰ এন আৰ চিৰ আজিৰ দিনত মূল্য নাই। ২৩ অক্তোবৰত আমি জানিব পাৰিম, সেই এন আৰ চিৰ মূল্য আছে নে নাই। যদি ১৯৫১ চনৰ এন আৰ চিৰ মূল্য নাই, ২০১৮ চনৰ এন আৰ চিৰ কি মূল্য থাকিব?”

বিধায়ক শিলাদিত্যই কয়, “যোৱা ৭০ বছৰে কোনো চৰকাৰেই বঙালী হিন্দুক সুৰক্ষাৰ বাবে কোনো আইন অনা নাছিল। কিন্তু সেইসকলই আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ স্থিতি দুমুখীয়াৰ স্থিতি। কিন্তু আমাৰ এক স্থিতিয়েই। বিধান সভাৰ ভিতৰত যি কওঁ বাহিৰতো সেই একেই স্থিতি।

আনহাতে, খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ৰ সমৰ্থনত অটল শিলাদিত্যই কয়, “যেতিয়াই নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা আহে, তেতিয়াই বিভাজিত হৈ যায় সকলো। মই স্পষ্টভাৱে কওঁ যেতিয়াই লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’ব, ৰাজ্য সভাত সকলো দলেই সমৰ্থন দিব নে নাই, তাৰ প্ৰতিশ্ৰুতি আজিৰ এই মঞ্চতে দি লাগিব।”

Related News