• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৱালমাৰ্ট-ফ্লিপকাৰ্টে খুচুৰা ব্যৱসায়ীলৈ মাতিছে বিপদ!! ২৮ ছেপ্তেম্বৰত ‘ভাৰত ব্যাপাৰ বন্ধ’ৰ আহ্বান

অসমত নেতৃত্ব দিব বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 25, 2018 10:11 pm
খুচুৰা ব্যৱসায়ীসকলৰ ভৱিষ্যতক লৈ সন্দিহান কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছৰ অসমৰ বিষয়ববীয়াৰ সংবাদমেল।

খুচুৰা ব্যৱসায়ীসকলৰ ভৱিষ্যতক লৈ সন্দিহান কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছৰ অসমৰ বিষয়ববীয়াৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠান ৱালমাৰ্ট আৰু ফ্লিপকাৰ্টৰ আগ্ৰাসনত বাৰুকৈয়ে শংকিত হৈ পৰিছে ভাৰতৰ খুচুৰা ব্যৱসায়ীসকল। খুচুৰা ব্যৱসায়ীসকলৰ সৰ্বভাৰতীয় সংস্থা কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছে এই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আন্দোলনৰ পথ বাছি লৈছে।

Apply Now

এই উদ্দেশ্যে অহা ২৮ ছেপ্তেম্বৰত সংস্থাটোৱে ‘ভাৰত ব্যাপাৰ বন্ধ’ৰ কাৰ্যসূচী হাতত লোৱা বুলি জানিবলৈ দিছে। এই কাৰ্যসূচীৰ প্ৰতি অসমৰ প্ৰায় ৪০টাকৈ ব্যৱসায়িক সংস্থাই সমৰ্থন আগ বঢ়াইছে।

মন কৰিব লগীয়া যে কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছৰ উপ-সভাপতিৰ পদত আছে অসম বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী।

এই ‘ভাৰত ব্যপাৰ বন্ধ’ সম্পৰ্কে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল পাতি কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছে জানিবলৈ দিয়ে। এই সংবাদমেল সম্বোধন কৰে শাসনাধিষ্ঠ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছৰ উপ-সভাপতি ৰূপম গোস্বামীয়ে।

গোস্বামীয়ে কয়, “এই বিষয়টো কেৱল ব্যৱসায়ীসকলৰ স্বাৰ্থতেই নহয়, সৰ্বসাধাৰণৰ স্বাৰ্থ জড়িত আছে। ৱালমাৰ্ট পৃথিৱীৰ এটা বৃহৎ কোম্পানি আৰু এই কোম্পানিয়ে খুচুৰা খণ্ডত ব্যৱসায় কৰে। ইপিনে ভাৰতৰ Foreign Direct Investment-ৰ খুচুৰা খণ্ডই ভাৰতত ৱালমাৰ্টক ব্যৱসায় কৰাৰ অনুমতি দিয়া নাই। তৎসত্ত্বেও ফ্লিপকাৰ্টৰ লগত চুক্তিৰ জৰিয়তে একত্ৰিতভাৱে ৱালমাৰ্টে ভাৰতৰ বজাৰত পিছ দুৱাৰেদি সোমাব বিচাৰিছে। এই কাৰ্যৰ আমি বিৰোধিতা কৰিছো।”

তেওঁ কয় যে ভাৰতৰ প্ৰায় ৭ কোটি লোক খুচুৰা খণ্ডৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জডিত। কিন্তু খুচুৰা খণ্ডত ১০০ শতাংশই প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ ফলত দেশখনৰ অসংগঠিত খুচুৰা খণ্ডই দুৰ্ভোগ ভুগিব লগীয়া হ’ব।

“এনে অনলাইন ব্যৱসায় চলোৱা কোম্পানিয়ে জোতা-মোজা, কাপোৰ, খাদ্য সামগ্ৰীকে ধৰি আলপিনৰ পৰা গাড়ীলৈকে ব্যৱসায় কৰে। এই কোম্পানিয়ে ভাৰতত খোপনি পোতাৰ ফলত সাধাৰণ খুচুৰা ব্যৱসায়ীসকল সংকটত পৰিছে”, ৰূপম গোস্বামীয়ে কয়।

ৱালমাৰ্টে প্ৰথম অৱস্থাত গ্ৰাহকক ৰেহাই মূল্যত সামগ্ৰী বিক্ৰী কৰিব যদিও যেতিয়াই কোম্পানিটো একচেটীয়া হৈ পৰিব তেতিয়াই সামগ্ৰীৰ দাম বঢ়াব বুলিও গোস্বামীয়ে মন্তব্য কৰে। লগতে এয়া ‘ইষ্ট ইণ্ডিয়া কোম্পানি’’ৰ দ্বিতীয় সংস্কৰণ বুলিও গোস্বামীয়ে অভিহিত কৰে।

তাৎপৰ্যপূৰ্ণ যে, দেশত শাসনত থকা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে বিদেশী বিনিয়োগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অহাৰ বিপৰীতে বৈদেশিক বিনিয়োগে সমস্যাত পেলাইছে খুচুৰা ব্যৱসায়ীসকলক। এই কথা খুচুৰা ব্যৱসায়ী সকলৰ প্ৰতিবাদী কাৰ্যসূচীৰ সিদ্ধান্তই প্ৰমাণ কৰিছে।

ইপিনে, এই প্ৰতিবাদৰ নেতৃত্ব দিছে খুচুৰা ব্যৱসায়ীসকলৰ উমৈহতীয়া সংস্থা কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছে, যাৰ উপ-সভাপতিৰ দায়িত্বত আছে শাসনাধিষ্ঠ বিজেপিৰ অসমৰ মুখপাত্ৰ ৰূপম গোস্বামী।

গোস্বামীয়ে বৃহৎ ব্যৱসায়িক কোম্পানিসমুহৰ সমানে ভাৰতৰ খুচুৰা ব্যৱসায়ীসকলে যাতে অসুবিধা নোহোৱাকৈ ব্যৱসায় কৰি জীয়াই থকিব পাৰে তাৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ দাবী জনায়।

অৱশ্যে তেওঁ কয়, “আমি চৰকাৰৰ বিপক্ষত নহয়। কিন্তু ৱালমাৰ্টৰ দৰে কোম্পানিয়ে যে পিছ দুৱাৰেদি ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে সেই কথা আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো।”

ৱালমাৰ্ট আৰু ফ্লিপকাৰ্টৰ মাজৰ চুক্তিও চৰকাৰক হস্তক্ষেপ কৰি বাতিল কৰিবলৈও তেওঁ দাবী জনায়।

আজিৰ এই সংবাদমেলত অসম চেম্বাৰ অব কমাৰ্চ, কামৰূপ চেম্বাৰ অব কমাৰ্চ, নৰ্থ ইষ্টাৰ্ন গাৰ্মেন্টছ ট্ৰেডাৰ্ছ এছ’চিয়েশ্যন আদি বহুকেইটা ব্যৱসায়িক সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd