বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠান ৱালমাৰ্ট আৰু ফ্লিপকাৰ্টৰ আগ্ৰাসনত বাৰুকৈয়ে শংকিত হৈ পৰিছে ভাৰতৰ খুচুৰা ব্যৱসায়ীসকল। খুচুৰা ব্যৱসায়ীসকলৰ সৰ্বভাৰতীয় সংস্থা কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছে এই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আন্দোলনৰ পথ বাছি লৈছে।
এই উদ্দেশ্যে অহা ২৮ ছেপ্তেম্বৰত সংস্থাটোৱে ‘ভাৰত ব্যাপাৰ বন্ধ’ৰ কাৰ্যসূচী হাতত লোৱা বুলি জানিবলৈ দিছে। এই কাৰ্যসূচীৰ প্ৰতি অসমৰ প্ৰায় ৪০টাকৈ ব্যৱসায়িক সংস্থাই সমৰ্থন আগ বঢ়াইছে।
মন কৰিব লগীয়া যে কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছৰ উপ-সভাপতিৰ পদত আছে অসম বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী।
এই ‘ভাৰত ব্যপাৰ বন্ধ’ সম্পৰ্কে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল পাতি কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছে জানিবলৈ দিয়ে। এই সংবাদমেল সম্বোধন কৰে শাসনাধিষ্ঠ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছৰ উপ-সভাপতি ৰূপম গোস্বামীয়ে।
গোস্বামীয়ে কয়, “এই বিষয়টো কেৱল ব্যৱসায়ীসকলৰ স্বাৰ্থতেই নহয়, সৰ্বসাধাৰণৰ স্বাৰ্থ জড়িত আছে। ৱালমাৰ্ট পৃথিৱীৰ এটা বৃহৎ কোম্পানি আৰু এই কোম্পানিয়ে খুচুৰা খণ্ডত ব্যৱসায় কৰে। ইপিনে ভাৰতৰ Foreign Direct Investment-ৰ খুচুৰা খণ্ডই ভাৰতত ৱালমাৰ্টক ব্যৱসায় কৰাৰ অনুমতি দিয়া নাই। তৎসত্ত্বেও ফ্লিপকাৰ্টৰ লগত চুক্তিৰ জৰিয়তে একত্ৰিতভাৱে ৱালমাৰ্টে ভাৰতৰ বজাৰত পিছ দুৱাৰেদি সোমাব বিচাৰিছে। এই কাৰ্যৰ আমি বিৰোধিতা কৰিছো।”
তেওঁ কয় যে ভাৰতৰ প্ৰায় ৭ কোটি লোক খুচুৰা খণ্ডৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জডিত। কিন্তু খুচুৰা খণ্ডত ১০০ শতাংশই প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ ফলত দেশখনৰ অসংগঠিত খুচুৰা খণ্ডই দুৰ্ভোগ ভুগিব লগীয়া হ’ব।
“এনে অনলাইন ব্যৱসায় চলোৱা কোম্পানিয়ে জোতা-মোজা, কাপোৰ, খাদ্য সামগ্ৰীকে ধৰি আলপিনৰ পৰা গাড়ীলৈকে ব্যৱসায় কৰে। এই কোম্পানিয়ে ভাৰতত খোপনি পোতাৰ ফলত সাধাৰণ খুচুৰা ব্যৱসায়ীসকল সংকটত পৰিছে”, ৰূপম গোস্বামীয়ে কয়।
ৱালমাৰ্টে প্ৰথম অৱস্থাত গ্ৰাহকক ৰেহাই মূল্যত সামগ্ৰী বিক্ৰী কৰিব যদিও যেতিয়াই কোম্পানিটো একচেটীয়া হৈ পৰিব তেতিয়াই সামগ্ৰীৰ দাম বঢ়াব বুলিও গোস্বামীয়ে মন্তব্য কৰে। লগতে এয়া ‘ইষ্ট ইণ্ডিয়া কোম্পানি’’ৰ দ্বিতীয় সংস্কৰণ বুলিও গোস্বামীয়ে অভিহিত কৰে।
তাৎপৰ্যপূৰ্ণ যে, দেশত শাসনত থকা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে বিদেশী বিনিয়োগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অহাৰ বিপৰীতে বৈদেশিক বিনিয়োগে সমস্যাত পেলাইছে খুচুৰা ব্যৱসায়ীসকলক। এই কথা খুচুৰা ব্যৱসায়ী সকলৰ প্ৰতিবাদী কাৰ্যসূচীৰ সিদ্ধান্তই প্ৰমাণ কৰিছে।
ইপিনে, এই প্ৰতিবাদৰ নেতৃত্ব দিছে খুচুৰা ব্যৱসায়ীসকলৰ উমৈহতীয়া সংস্থা কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছে, যাৰ উপ-সভাপতিৰ দায়িত্বত আছে শাসনাধিষ্ঠ বিজেপিৰ অসমৰ মুখপাত্ৰ ৰূপম গোস্বামী।
গোস্বামীয়ে বৃহৎ ব্যৱসায়িক কোম্পানিসমুহৰ সমানে ভাৰতৰ খুচুৰা ব্যৱসায়ীসকলে যাতে অসুবিধা নোহোৱাকৈ ব্যৱসায় কৰি জীয়াই থকিব পাৰে তাৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ দাবী জনায়।
অৱশ্যে তেওঁ কয়, “আমি চৰকাৰৰ বিপক্ষত নহয়। কিন্তু ৱালমাৰ্টৰ দৰে কোম্পানিয়ে যে পিছ দুৱাৰেদি ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে সেই কথা আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো।”
ৱালমাৰ্ট আৰু ফ্লিপকাৰ্টৰ মাজৰ চুক্তিও চৰকাৰক হস্তক্ষেপ কৰি বাতিল কৰিবলৈও তেওঁ দাবী জনায়।
আজিৰ এই সংবাদমেলত অসম চেম্বাৰ অব কমাৰ্চ, কামৰূপ চেম্বাৰ অব কমাৰ্চ, নৰ্থ ইষ্টাৰ্ন গাৰ্মেন্টছ ট্ৰেডাৰ্ছ এছ’চিয়েশ্যন আদি বহুকেইটা ব্যৱসায়িক সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।