বোকাখাতৰ ধনশিৰিমুখত আজি এখন পুৰণি ধনশিৰিমুখ আৰু গহপুৰৰ গমিৰিঘাটৰ মাজত আজি ফেৰি সেৱা আৰম্ভ কৰাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামৰ উপস্থিতিত আভ্যন্তৰীন জল পৰিবহন বিভাগৰ উদ্যোগত আনুষ্ঠানিক ভাৱে এই ফেৰি সেৱা উদ্ধোধন কৰা হয়।
কিন্তু ৰাজ্যত ভটভটীৰ দূৰ্ঘটনা হৈ বহু মানুহ নিহত হোৱাৰ পিছতো এচ বি লখিমী নামৰ এখন আওঁপুৰণি ভটভটীৰে ধনশিৰি গমিৰি ফেৰি সেৱা উদ্বোধন কৰা কাৰ্যৰ প্ৰতিবাদ জনাই বোকাখাতৰ জীপাল শ্ৰমিক কৃষক সংঘই।
উল্লেখযোগ্য যে ৰাজ্যত হৈ যোৱা এলানি শোকাৱহ নৌকা দূৰ্ঘটনাৰ পিছত নতুন ভটভটীৰেহে ফেৰি সেৱা আৰম্ভ কৰা হ’ব বুলি চৰকাৰে ঘোষণা কৰাৰ পিছতো পুৰণি ভটভটীৰেই আজি আভ্যন্তৰীন জল পৰিবহন বিভাগে ফেৰী সেৱা আৰম্ভ কৰে।
ইয়াৰ প্ৰতিবাদ জনাই জীপাল শ্ৰমিক কৃষক সন্থাৰ হৈ সোনেশ্বৰ নৰহে কয় যে এই ঘাটত কোনো কাৰণতে আভ্যন্তৰীণ জল পৰিবহন বিভাগক পুৰণি ভটভটী চলাবলৈ দিয়া নহ’ব। শীঘ্ৰেই এই ভটভটী বাতিল কৰি ধনশিৰিমুখ-গমিৰিঘাটৰ মাজত নতুন ফেৰিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই তেওঁ কয় যে ইয়াৰ অন্যথা এই জলপথত যদি যাত্ৰীৰ মৃত্যু হ’ব লগা হয় তাৰ বাবে চৰকাৰেই জগৰীয়া হ’ব ৷
তেওঁ কয় যে চৰকাৰে জল পৰিবহন ব্যৱস্থা উন্নীত কৰণৰ যি প্ৰতিশ্ৰুতি দিছে তাক পালন কৰক অন্যথা জনসাধাৰণৰ নিৰাপত্তাৰ খাতিৰত জীপাল শ্ৰমিক কৃষক সন্থাই জঙ্গী আন্দোলন গঢ়ি তুলিব।
মন কৰিব লগীয়া যে উদ্বোধন কৰা ভটভটীখন পুৰনি বুলি স্বীকাৰ কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কনিষ্ঠ অভিযন্তা দেবব্ৰত ফুকনে। আনহাতে, আজিৰ অনুষ্ঠানলৈ বোকাখাতৰ কোনো সাংবাদিকক নিমন্ত্ৰন জনোৱা হোৱা নাছিল।