• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া জাতিক বচোৱাৰ “গুৰু দায়িত্ব” লৈ বিধায়ক শিলাদিত্যই আন্দোলন কৰিব এন আৰ চিৰ বিৰুদ্ধে

"কিহৰ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ?" বিধায়ক শিলাদিত্যৰ প্ৰশ্ন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 23, 2019 5:54 pm
Siladitya 1

নিজৰ বিধায়ক আৱসত সংবাদমেল শিলাদিত্য দেবৰ। ২৩ আগষ্টত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কেইদিনমানত এন আৰ চিৰ বিৰুদ্ধে সৰৱ হৈ অহা হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেবে এই প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে ‘মহা-আন্দোলন’ত নমাৰ হুংকাৰ দিছে।

অসমীয়া জাতিক ধ্বংসৰ পৰা বচোৱাৰ “গুৰু দায়িত্ব” প্ৰদৰ্শন কৰি বিধায়কজন কয়, “জাতিক ধ্বংস কৰা এন আৰ চি কেতিয়াও আঁকোৱালি ল’ব নোৱাৰো”।

Apply Now

এসপ্তাহৰ পিছতে প্ৰকাশ পাব লগীয়া এন আৰ চিৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ দি বিধায়কজনে কয়, “নৱেম্বৰৰ পৰা এন আৰ চিক লৈ ‘মহা আন্দোলন হ’ব।”

ঘাইকৈ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক “আক্ৰমণৰ লক্ষ্য” কৰি লোৱা বিধায়কজনে আজি দিচপুৰস্থিত বিধায়ক আৱাসত সম্বোধন কৰা সংবাদমেলত “সৰ্বেসৰ্বা” আখ্যা দিয়ে হাজেলাক।

উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চলা নাই বুলি কোৱাৰো ধৃষ্টতা কৰে বিধায়কজনে।

“হাজেলা ডাঙৰীয়াই এটা কথাই কৈ থাকে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এন আৰ চিৰ কাম-কাজ চলি আছে। কিহৰ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ? কোনে ক’লে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি আছে? আজিলৈকে এন আৰ চিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কমিটী বনাই দিয়া নাই। উচ্চতম ন্যায়ালয় প্ৰতীক হাজেলাৰ ওপৰতে নিৰ্ভৰশীল হৈ গ’ল”, দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তদাৰকীত অনাস্থা প্ৰকাশ কৰি এই মন্তব্য কৰে বিধায়ক শিলাদিত্যই।

বিধায়কজনে অসম আন্দোলনৰ “চহিদ” এজন ভাৰতীয়ৰ নাম এন আৰ চিৰ পৰা বাদ পৰা বুলি অভিযোগ আনি কয়, “হাজেলাই এতিয়া নিৰীক্ষণ কৰি আছে নে ভাৰতীয় নাগৰিকক বিদেশী বনাই আছে নে কি প্ৰকাৰৰ দাদাগিৰি কৰি আছে সেইখিনিতো ন্যায়ালয়ে চোৱা নাই। কোনো ধৰণৰ নিৰীক্ষণত হোৱা নাই, বিনা নিৰীক্ষণত কাম চলি থকাৰ বাবে এন আৰ চিত ইমান খুঁত ওলাই আছে।”

“অজস্ৰ টকাৰ মালিক” আখ্যাৰে হাজেলাক কটাক্ষ কৰি কয়, “প্ৰতীক হাজেলা ডাঙৰীয়াক কৈ একো লাভ নাই। তেওঁ এতিয়া সৰ্বেসৰ্বা। হাজেলা এতিয়া অজস্ৰ টকাৰ মালিক। আই এ এছ চাকৰি এৰি দিলেও তেওঁৰ ক্ষতি নহয়।”

আছুকো তেওঁলোকৰ ভূমিকাৰ বাবে সমালোচনা কৰি কয়, “আছুৱে ৮৫৫জন চহিদৰ দোহাই দি থাকে, কিন্তু সেই সকলৰ মাজৰ এজন চহিদৰ নাম বিদেশী হিচাপে আহিছে। তেওঁৰ পৰিয়ালক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি জাননী জাৰি কৰিছে। মদন মল্লিক নামৰ ডালিমবাৰী, কাৰ্বি আংলঙৰ নিবাসী ৩৬৪ নম্বৰৰ চহিদজন ১৯৮৩ চনৰ নেলী কাণ্ডত চহিদ হৈছিল। সন্দেহযুক্ত বাংলাদেশী মুছলমানে তেওঁক হত্যা কৰিছিল।”

শিলাদিত্যই দাবী কৰা মতে প্ৰয়াত মল্লিকৰ ১৯৬৪ চনৰ মাটিৰ কাগজ পত্ৰৰ লগতে অন্য নথি-পত্ৰ আছে।

“অসম আন্দোলনৰ চহিদ বিদেশী হোৱাৰ কথাই প্ৰমাণ কৰিছে এন আৰ চি কৰ্তৃপক্ষই কৰি যোৱা কাম-কাজ ভুৱা।” বিধায়কজনে কয়। বিধায়কজনে অহা ৩১ আগষ্টৰ পাছত এনে হাজাৰটা খুঁত উলিয়াব বুলি জানিবলৈ দিয়ে।

তেওঁৰ মতে ৯৬ শতাংশ বাংলাদেশী মুছলমানৰ নাম এন আৰ চিত সোমাই পৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd