• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 22, 2022 8:19 pm
231
VIEWS
Share on FacebookShare on Twitter

অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই গেৰুৱা শিবিৰ ত্যাগ কৰি পুনৰ তৃণমূল কংগ্ৰেছলৈ উভতি আহিল বিজেপিৰ সাংসদ অৰ্জুন সিঙে।

কেন্দ্ৰক মৰাপাট নীতিক লৈ সমালোচনা কৰাৰ কেইদিনমান পিছতে বাৰেকপুৰৰ বিজেপি সাংসদ অৰ্জুন সিঙে দেওবাৰে তৃণমূল কংগ্ৰেছলৈ উভতি আহে৷ সিঙে টিএমচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত কলকাতাৰ কেমাক ষ্ট্ৰীটস্থিত কাৰ্যালয়ত দলটোত যোগদান কৰে৷

টিএমচিত যোগদান কৰাৰ পিছত সিঙে কয়: “তৃণমূল কংগ্ৰেছে যিধৰণে বংগৰ উন্নয়নৰ বাবে কাম কৰি আছে সেয়া প্ৰশংসাৰ যোগ্য। মৰাপাট কলৰ সৈতে জৰিতসকলে কেন্দ্ৰৰ অন্যায় নীতিৰ বাবে ভুগি থকাৰ কথাটো আঙুলিয়াই দিছিলো। কিন্তু চৰকাৰে একো নকৰিলে। বিজেপি ফেচবুক আৰু অন্যান্য সামাজিক মাধ্যমতে সীমাবদ্ধ। কেৱল ফেচবুকত ৰাজনীতি কৰাটো সম্ভৱ নহয়”।

সিঙক দললৈ স্বাগতম জনাই অভিষেক বেনাৰ্জীয়ে টুইটত কৈছে যে অৰ্জুন সিঙে বিভাজনকামী শক্তিক প্ৰত্যাখ্যান কৰিছিল আৰু আজি সেয়ে তেওঁ তৃণমূলৰ পৰিয়ালত যোগদান কৰিছে।

উল্লেখ্য অৰ্জুন সিঙে আজি আবেলি তেওঁৰ পশ্চিমবংগৰ ভাটপাৰাৰ বাসগৃহ এৰি আলিপুৰৰ এখন পাঁচতাৰকা হোটেলত উপস্থিত হয়। ইয়াৰ পিছতে তেওঁ তৃণমূলৰ কাৰ্যালয়লৈ গৈ দলটোত যোগদান কৰে।

Extending a warm welcome to Shri @ArjunsinghWB, who rejected the divisive forces at @BJP4India and joined the @AITCofficial family today.

People across the nation are suffering and they need us now more than ever. Let's keep the fight alive! pic.twitter.com/N6s5FggBtx

— Abhishek Banerjee (@abhishekaitc) May 22, 2022

অৰ্জুন সিঙে যোৱা বছৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ বাবে দুৰ্বল প্ৰাৰ্থী নিৰ্বাচনক দোষাৰোপ কৰিছিল। সিঙে টিএমচিত যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক অনুপম হাজৰাই কয়, “যদি কোনোবাই ব্যক্তিগত লাভালাভৰ বাবে ৰাজনীতি কৰিব বিচাৰে, তেন্তে আমি এই বিষয়ে কি ক’ব পাৰোঁ। অৱশ্যে, ই এক বৃহৎ ক্ষতি।” অৰ্জুন সিঙক সমালোচনা কৰি চিপিআই (এম)ৰ নেতা সুজন চক্ৰৱৰ্তীয়ে কয়: “কেইমাহমান আগতে মমতা বেনাৰ্জীয়ে তেওঁক অপৰাধী বুলি কৈছিল। আজি তেওঁকেই মমতাই আদৰি ল’লে।”

বাৰেকপুৰ লোকসভা সমষ্টিৰ হেভিৱেট নেতা অৰ্জুন সিঙে তৃণমূলৰ টিকটত চাৰিবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল।

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ বিজেপিত যোগদান কৰিছিল আৰু প্ৰতিদ্বন্দ্বি দিনেশ ত্ৰিবেদীক পৰাজিত কৰিছিল।

লোকসভা নিৰ্বাচনৰ পিছৰে পৰা বাৰাকপুৰ সমষ্টিত বিজেপি আৰু টিএমচিৰ সমৰ্থকসকলৰ মাজত প্ৰায়ে হিংসাত্মক ঘটনা ঘটি আহিছিল।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd