NORTHEAST NOW (Assamese)

তেজৰ টোপালেৰে ‘১৯৮৪’ অংকন কৰা বেগ প্ৰিয়ংকা গান্ধীক উপহাৰ বিজেপি সাংসদৰ

December 20, 2024 2:37 pm · এন ই নাও নিউজ, গুৱাহাটী

পেলেষ্টাইন আৰু বাংলাদেশৰ বিষয়ে কান্ধত বেগ লৈ ‘ফটো তোলা প্ৰিয়ংকা গান্ধী ভাদ্ৰাক বিজেপিয়ে উপহাৰ দিলে নতুন বেগ। সংসদৰ শীতকালীন অধিৱেশনৰ অন্তিম দিন শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ অপৰাজিতা সাৰংগীয়ে ‘১৯৮৪ লিখা এটা বেগ উপহাৰ দিয়ে। তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ দিন আৰু তাৰ পাছৰ শিখ গণহত্যাৰ বছৰটোক সুৱঁৰি বিজেপিৰ লোকসভাৰ এগৰাকী সদস্যই প্ৰিয়ংকাক নতুন বেগ উপহাৰ দিয়ে।

শেহতীয়াকৈ প্ৰিয়ংকা গান্ধীয়ে কান্ধত ‘পেলেষ্টাইন লিখা বেগ এটা লৈ সংসদ চৌহদলৈ আহিছিল। যাৰ দ্বাৰা তেওঁ আৰু তেওঁৰ দল কংগ্ৰেছে পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি গভীৰ সহানুভূতিশীল বুলি কব বিচাৰিছিল। প্ৰথমবাৰৰ বাবে লোকসভাৰ সদস্য হোৱা নেতাগৰাকীয়ে সংসদ চৌহদত থিয় হৈ ফটোগ্ৰাফাৰৰ সন্মুখত পোজ দি প্ৰতিবাদ কৰিছিল। পিছদিনা প্ৰিয়ংকাই বাংলাদেশত হিন্দু-খ্ৰীষ্টানকে ধৰি সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰৰ প্ৰতিবাদত লিখা আন এটা বেগ লৈ আহিছিল। সেইদিনাও  সাংবাদিকৰ সন্মুখত বেগটো ওলোমাই এখন ফটো তুলিছিল। সেই ছবিখন তেওঁ নিজৰ ছচিয়েল হেণ্ডেলতো পোষ্ট কৰিছিল। আজিৰ দিনটোতে কটু বিজেপি সাংসদ অপৰাজিতায়ে প্ৰিয়ংকাক কংগ্ৰেছৰ শিখ হত্যাকাণ্ডৰ বছৰটোৰ কথা সোঁৱৰাই দি ‘১৯৮৪ লিখা এটা বেগ উপহাৰ দিয়ে।

আজি এটা ভিডিঅত সাৰংগীয়ে লোকসভাত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰিয়ংকাক বেগটো গতাই দিয়ে আৰু প্ৰিয়ংকাই সেই বেগটো লৈ গুচি যায়।

Related News