• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীত বিজেপি সাংসদৰ ৰহস্যজনক আত্মহত্যা! ফ্লেটত উদ্ধাৰ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2021 2:35 pm
a ram
2.4k
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে মুম্বাইৰ  এখন হোটেলত  সাংসদ মোহন দেলকাৰে  আত্মহত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই দিল্লীত উদ্ধাৰ হৈছে এজন বিজেপি সাংসদৰ মৃতদেহ।

আজি ৰাজধানীৰ নৰ্থ এভিনিউ এলেকাত থকা নিজৰ ফ্লেটত উদ্ধাৰ হয় বিজেপিৰ সাংসদ ৰাম স্বৰূপ শৰ্মাৰ মৃতদেহ।

ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা হোৱা শৰ্মাৰ মৃতদেহটো আৰক্ষীয়ে চমজি লৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে সাংসদ শৰ্মাই আত্মহত্যা কৰিছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে সাংসদ গৰাকীৰ  মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

১৯৫৮ চনত হিমাচল প্ৰদেশৰ মাণ্ডিত জন্মগ্ৰহণ কৰা সাংসদ ৰামস্বৰূপ শৰ্মাই ২০১৪ চনত হিমাচলৰ মাণ্ডিৰ পৰাই সংসদলৈ নিৰ্বাচিত হৈছিল।

২০১৯ চনৰ লোকসভা নিৰ্বাচনতো শৰ্মাই একেটা সমষ্টিৰ পৰা বিজেপিৰ সাংসদ হিচাবে নিৰ্বাচিত হৈছিল।তেওঁ বিদেশ দপ্তৰৰ সংসদীয় সমিতিৰ এগৰাকী অন্যতম সদস্য আছিল।

প্ৰাথমিক তদন্তৰ পৰা শৰ্মাই আত্মহত্যা কৰা বুলি ভবা হৈছে যদিও এয়া হত্যাকাণ্ড বুলিও বহুতে সন্দেহ কৰিছে।

ইপিনে সাংসদগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে আজি অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ সংসদীয় সমিতিৰ বৈঠক স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয়।

Recent News

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd