NORTHEAST NOW (Assamese)

উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱাট; বিজেপি বিধায়িনী দলে ল’লে সিদ্ধান্ত

March 10, 2021 12:20 pm · এন ই নাও নিউজ
উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱাট।

গাড়োৱালৰ সাংসদ তীৰথ সিং ৰাৱাট উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। বিজেপি বিধায়িনী দলৰ বৈঠকত তেওঁক নতুন নেতা হিচাপে নিৰ্বাচিত কৰা হয়।

বিগত কেইদিন ধৰি চলি থকা ৰাজনৈতিক উত্থান-পতনৰ মাজতে মঙলবাৰে সন্ধিয়া ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে ৰাজ্যপাল বেবী ৰাণী মৌৰ্যক নিজৰ পদত্যাগ পত্ৰ অৰ্পণ কৰিছিল।

বুধবাৰে পুৱা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আহ্বান কৰা বিধায়কসকলৰ বৈঠকত নতুন মুখ্যমন্ত্ৰী হিচাপে তীৰথ সিং ৰাৱাটৰ নাম নিশ্চিত কৰা হয়।

উক্ত বৈঠকত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিং, ৰমেশ পোখৰিয়ালৰ উপৰি ত্ৰিবেন্দ্ৰ সিং ৰাৱাট, ৰাজ্যিক সভাপতি বংশীধৰ ভগত, দুষ্যন্ত কুমাৰ গৌতমকে ধৰি ৰাজ্যখনৰ বহুকেইগৰাকী সাংসদ তথা বিধায়ক উপস্থিত থাকে।

তীৰথ সিং ৰাৱাট ২০১৩ৰ ফেব্ৰুৱাৰিৰ পৰা ২০১৫ৰ ডিচেম্বৰলৈকে উত্তৰাখণ্ডৰ বিজেপিৰ ৰাজ্যিক সভাপতি আছিল। তেওঁ ছোবট্টাখালৰ প্ৰাক্তন বিধায়ক আৰু বৰ্তমান বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক হোল=ৱাৰ লগতে গাড়োৱাল লোকসভাৰ সাংসদ।

তীৰথ সিং ৰাৱাট ২০০০বৰ্ষত নৱগঠিত উত্তৰাখণ্ডৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী আছিল। তাৰপাছত ২০০৭চনত তেওঁ উত্তৰাখণ্ডৰ ৰাজ্যিক সাধাৰণ সম্পাদক নিৰ্বাচিত হয়।

ইয়াৰ পূৰ্বে ১৯৮৩ৰ পৰা ১৯৮৮ চনলৈকে তীৰথ সিং ৰাৱাট ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰচাৰক আছিল।

Related News