উন্নয়ন নহয়, ভজনহে গুৰুত্বপূৰ্ণ! সমষ্টি উন্নয়ন পুঁজিৰ ধন মন্দিৰৰ ভজন-কীৰ্তনত ব্যয় কৰিবলৈ নিৰ্দেশ বিজেপি সাংসদৰ

Development Funds Used For Bhajans

বিকাশৰ মন্ত্ৰ আওৰাই ২০১৪ চনত দেশৰ শাসনত অধিষ্ঠিত হৈছিল বিজেপি নেতৃত্বাধীন চৰকাৰৰ। একে শ্ল’গানেৰেই ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে দিল্লীৰ মচনদ দখল কৰিছিল দলটোৱে। পিছে দেশৰ সামগ্ৰিক বিকাশ হওক বা নহওক, দেশত ভালদৰেই বিকশিত হৈছে ধৰ্মীয় ৰাজনীতি।

বিকাশৰ শ্ল’গান আওৰোৱা বিজেপিৰ এগৰাকী সাংসদেও সেয়ে নিজা সমষ্টিৰ বৈষয়িক বিকাশলৈ পিঠি দি নাম পৰিছে ধৰ্মীয় বিকাশতে। সেয়ে তেওঁৰ সমষ্টিৰ উন্নয়নৰ বাবে নিৰ্ধাৰিত পুঁজিৰ ধন মন্দিৰত ভজন-কীৰ্তন আয়োজনৰ বাবে ব্যৱহাৰ কৰিবলৈ প্ৰশাসনিক বিষয়াসকলক নিৰ্দেশ দিছে সাংসদগৰাকীয়ে।

এই সাংসদগৰাকী হৈছে বালিয়াৰ বিজেপি সাংসদ বীৰেন্দ্ৰ সিং মাষ্ট। মাষ্টে তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টিৰ উন্নয়নমূলক কামৰ বাবে নিৰ্ধাৰিত সমষ্টি উন্নয়ন পুঁজিৰ এনে আজৱ কাৰ্যত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দি একপ্ৰকাৰৰ চমক সৃষ্টি কৰিছে।

শাসকীয় দলৰ সাংসদগৰাকীৰ ভাষ্য মতে আধ্যাত্মিক জাগৰণ সৃষ্টিৰ বাবেই তেওঁ এই সিদ্ধান্ত লৈছে। জিলাখনৰ তথ্য বিভাগে জনোৱা মতে, জিলাখনৰ পৌৰসভাৰ অঞ্চলত অৱস্থিত সকলো সৰু-ডাঙৰ মন্দিৰৰ জৰীপ কৰিবলৈ মাষ্টে নিৰ্দেশ দিছে আৰু ভজন-কীৰ্তনৰ উচিত ব্যৱস্থা কৰা আৰু এনে অনুষ্ঠানত ব্যৱহৃত বাদ্যযন্ত্ৰ ক্ৰয় কৰিবলৈ নিৰ্দেশ দিছে।

দেওবাৰে জিলা বিষয়াসকলক দিয়া এক নিৰ্দেশত সাংসদ মাষ্টে কয় যে যদিহে ভজন-কীৰ্তন আয়োজন কৰা আৰু মন্দিৰৰ বাদ্যযন্ত্ৰৰ ব্যৱস্থা কৰাত সমস্যা হয় তেন্তে তেওঁৰ সংসদ সদস্য স্থানীয় এলেকা উন্নয়ন আঁচনিৰ পুঁজি ব্যৱহাৰ কৰিব পৰা যাব।

উল্লেখ্য যে, সংসদ সদস্য স্থানীয় এলেকা উন্নয়ন আঁচনিৰ অধীনত প্ৰতি বছৰে সাংসদসকলে ৫ কোটি টকা লাভ কৰে। এই ধনৰ উচিত ব্যৱহাৰৰ বাবে সাংসদসকলে জিলা উপায়ুক্তক উন্নয়নমূলক প্ৰকল্পৰ পৰামৰ্শ দিয়ে। পিছে মাষ্টে গ্ৰহণ কৰা ভজন আয়োজনেৰে নিৰ্ধাৰিত পুঁজি ব্যয়ৰ সিদ্ধান্ত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

চাৰিবাৰকৈ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা মাষ্ট গভীৰ ধৰ্ম বিশ্বাসী ব্যক্তি হিচাপে পৰিচিত। নিজৰ সিদ্ধান্তৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কয় যে, “বৰ্তমানৰ পৰিস্থিতিত পৰম্পৰাগত মূল্যবোধসমূহ নোহোৱা হৈ গৈ আছে।” গতিকে ভজন-কীৰ্ত্তন আৰু ইয়াৰ বাবে বাদ্যযন্ত্ৰৰ ব্যৱহাৰে সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যকলাপ বৃদ্ধি কৰিব বুলি তেওঁ যুক্তি আগবঢ়ায়। ইয়াৰ ফলত আধ্যাত্মিক জাগৰণৰ সৃষ্টি হ’ব বুলিও তেওঁ দাবী কৰে।