NORTHEAST NOW (Assamese)

যৌন নিৰ্যাতন আৰু অপহৰণৰ চেষ্টাৰ অভিযোগ : বিজেপি সাংসদৰ বদনামী পুত্ৰক আইনী পদত নিযুক্তি!

July 26, 2025 10:54 am · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

হাৰিয়ানা চৰকাৰে আই এ এছ বিষয়াৰ কন্যাক ষ্টকিং আৰু অপহৰণৰ চেষ্টা কৰাৰ অভিযোগত অভিযুক্ত অধিবক্তা বিকাশ বৰালাক সহকাৰী মহাধিবক্তা হিচাপে নিযুক্তি দিছে। ইতিমধ্যে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হবলৈ আৰম্ভ কৰিছে। মন কৰিবলগীয়া যে এই বিকাশ বৰালা বিজেপি ৰাজ্যসভাৰ সাংসদ সুভাষ বৰালাৰ পুত্ৰ।

১৮ জুলাইত বিজেপি শাসিত হাৰিয়ানা চৰকাৰে জাৰি কৰা এক অধিসূচনাত ৯৭ টা নতুন নিযুক্তিৰ তালিকা প্ৰকাশ পাইছিল। যত বিকাশ বৰালাৰ নাম উল্লেখ আছে।

বৰ্তমান চণ্ডীগড়ৰ আদালতত যৌন নিৰ্যাতনৰ গোচৰ ৰুজু হোৱা বিকাশ বৰালা জামিনত মুক্ত। এই গোচৰৰ পৰৱৰ্তী শুনানি ২০২৫ চনৰ ২ আগষ্টত অনুষ্ঠিত হব।কাণ্ড সংঘটিত হোৱাৰ সময়ত তেওঁ আইনৰ ছাত্ৰ আছিল।

২০১৭ চনৰ ৫ আগষ্টত হাৰিয়ানা কেডাৰৰ তেতিয়াৰ আই এ এছ বিষয়া ভি এছ কুণ্ডুৰ কন্যা বৰ্ণিকা কুণ্ডুৱে বিকাশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। বৰ্ণিকাই কৈছিল যে ৰাতি চণ্ডীগড়ত ঘৰলৈ উভতি আহোঁতে বিকাশ আৰু তেওঁৰ বন্ধু আশীষ কুমাৰে তাইৰ গাড়ীৰ পিছে পিছে গৈছিল। জোৰকৈ তাইৰ গাড়ীখন ৰখাই ভিতৰলৈ সোমাবলৈ চেষ্টা কৰে।

এই অভিযোগৰ ভিত্তিত ছেক্টৰ ২৬ থানাত এফআইআৰ দাখিল কৰা হয়। প্ৰথম অৱস্থাত বিকাশৰ বিৰুদ্ধে ষ্টকিংৰ গোচৰ ৰুজু হৈছিল। পিছত অপহৰণৰ চেষ্টাৰ গোচৰো সংযোজন কৰা হয়। একে বছৰৰ অক্টোবৰ মাহত তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিল। পিছত দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বিকাশ পাঁচ মাহতকৈ অধিক সময় কাৰাগাৰত আছিল। পিছত উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে।

বিকাশ বৰালাৰ নিযুক্তি সন্দৰ্ভত বিৰোধী ৰাজনৈতিক দলসমূহে প্ৰশ্ন উত্থাপন কৰিছে। হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপিন্দৰ সিং হুডাই কয় যে, ‘এডভোকেট জেনেৰেলৰ কাৰ্যালয়ত কেৱল যোগ্য লোককহে নিযুক্তি দিব লাগে।

বৰ্ণিকাৰ পিতৃ ভি এছ কুণ্ডুৱে কয়, “তেওঁলোকে কাক নিযুক্তি দিব সেয়া চৰকাৰৰ কাম। গোচৰটো এতিয়াও চলি আছে। কিন্তু এই নিযুক্তি দুৰ্ভাগ্যজনক। সাত বছৰ পাৰ হৈ গ, বিচাৰ এতিয়াও সম্পূৰ্ণ হোৱা নাই।”

বিকাশ বৰালাৰ পিতৃ সুভাষ বৰালা ২০১৪ চনৰ পৰা ২০২০ চনলৈ হাৰিয়ানা বিজেপিৰ সভাপতি আছিল আৰু বৰ্তমান ৰাজ্যসভাৰ সদস্য। এই সন্দৰ্ভত তেওঁ কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

Related News